অসম

assam

তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ধেমাজি মাইছা চাপৰি ৰাসৰ সোণালী জয়ন্তী মহোৎসৱ

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 2:22 PM IST

ধেমাজি বৰদলনিৰ মাইছা চাপৰিৰ নাট্য সংঘৰ ঐতিহ্যমণ্ডিত শ্ৰীকৃষ্ণ ৰাসলীলাৰ সোণালী জয়ন্তী মহোৎসৱ অনুষ্ঠিত কৰা হৈছে  ৷

Raas mahotsav in Dhemaji
তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ৰাসৰ সোণালী জয়ন্তী মহোৎসৱ

তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ৰাসৰ সোণালী জয়ন্তী মহোৎসৱ

ধেমাজি , ২৮ নৱেম্বৰ :তিনিদিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰে সোমবাৰৰ পৰা ধেমাজি বৰদলনিৰ মাইছা চাপৰিৰ নাট্যসংঘৰ ঐতিহ্যমণ্ডিত শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ সোণালী জয়ন্তী মহোৎসৱ অনুষ্ঠিত কৰা হৈছে ৷ আৰম্ভণিৰ দিনটোত ব্যতিক্ৰমী উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে মাইছাচাপৰি নাট্য মঞ্চস্থিত সোণালী জয়ন্তীস্থলীৰ পৰা এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷

এই শোভাযাত্ৰাত অসমৰ চলচিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই অংশ লৈ অনুষ্ঠানটো উদ্বোধন কৰে ৷ সাংস্কৃতিক শোভাযাত্ৰাটিত জিলাখনত বসবাস কৰা প্ৰায় সকলো জাতি-জনগোষ্ঠীৰ লোকে নিজৰ নিজৰ কৃষ্টি প্ৰদৰ্শনৰে সমন্বয়ৰ বাৰ্তা দেখুওৱা হয় ৷ বিশাল সাংস্কৃতিক শোভাযাত্ৰাটোত প্ৰায় অৰ্ধশতাধিক সাংস্কৃতিক দলে অংশগ্ৰহণ কৰাৰ লগতে প্ৰায় তিনি সহস্ৰাধিক সংস্কৃতিপ্ৰেমী লোকে অংশ লয় ৷

দৃষ্টিনন্দন শোভাযাত্ৰাটোত হাতী, তিৱা কৃষ্টি, গায়ন-বায়ন, আয়তীৰ দল , পানী তোলা মহিলাৰ দল , বোৱাৰীৰ জেং বিহু, টাই-আহোম কৃষ্টি , বানাই কৃষ্টি দল, মিচিং গোমৰাগ দল, গোৰ্খা কৃষ্টি দল, হাজং কৃষ্টি দল, ৰাভা কৃষ্টি দল, অসমীয়া বিহু দল, জালোৱা জাকৈয়া দল, দেউৰী কৃষ্টি দল, লেছেৰি বিহু, ৰাজবংশী কৃষ্টি দল, জেং বিহু, চাহ জনগোষ্ঠী, বড়ো কৃষ্টি, মাছ ধৰা প্ৰদৰ্শন, পূৰ্ণ ৰাসলীলাৰ বিভিন্ন দৃশ্য আৰু চৰিত্ৰ প্ৰদৰ্শন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰা হয় ৷

তিনিদিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰে আয়োজন কৰা সোণালী জয়ন্তী মহোৎসৱৰ প্ৰথমদিনা পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰে পাতনি মেলা হয় ৷ এক উদুলি মুদুলি পৰিৱেশত ডবা-শংখ আৰু শতাধিক আয়তীৰ উৰুলিৰ মাজেৰে সোণালী জয়ন্তীৰ পতাকা উত্তোলন কৰে আদৰণি সমিতিৰ সভাপতি ৰুদ্ৰকান্ত ভৰালীয়ে ৷

স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে বৃক্ষৰোপণ কৰে বিশিষ্ট পৰিৱেশবিদ টিকেন কাকতিয়ে ৷ সোণালী জয়ন্তীৰ স্থায়ী তোৰণ উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ পৱিত্ৰ বুঢ়াগোহাঁইয়ে ৷ ইফালে সাংস্কৃতিক শোভাযাত্ৰাৰ অন্ত পৰাৰ পিচতে বিশিষ্ট সমাজসেৱী ভূৰাম দত্তৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা ৷

কাৰ্যকৰী সম্পাদক লক্ষীনাথ কাকতিয়ে আঁতধৰা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশ লৈ ৰাজ্যৰ বিশিষ্ট সমাজসেৱী তথা উদ্যোগপতি উদয় শংকৰ হাজৰিকাই মাইছাচাপৰিৰ ৰাইজৰ শলাগ লৈ শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ তাৎপৰ্যৰ সম্পৰ্কে বিস্তাৰিতভাৱে ব্যাখ্যা কৰে ৷ তাৰ পিচতে নিশা আৰম্ভ হয় শ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা ৷

লগতে পঢ়ক:কংসৰ অট্টহাস্যত কঁপি উঠিল মহানগৰীৰ চেক্টৰ 2

ABOUT THE AUTHOR

...view details