অসম

assam

সাত বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : Sep 29, 2021, 7:00 PM IST

সাত বজাৰ শীৰ্ষ দহটা বাতৰি...

সাত বজাৰ শীৰ্ষ দহটা বাতৰি
সাত বজাৰ শীৰ্ষ দহটা বাতৰি

1.বেদখলকাৰীৰ কবলত ১০ খন জিলাৰ চৰাঞ্চলৰ চাৰে দহ লাখ বিঘা মাটি

গৰুখুটি কাণ্ডৰ পাছতে পোহৰলৈ আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ততৰ চৰ অঞ্চলত চৰকাৰী ভূমিত চলি থকা বেদখলৰ ভয়ংকৰ তথ্য ৷ ৰাজ্যৰ প্ৰায় কেইখন চৰ অঞ্চল থকা জিলাতেই চৰকাৰী ভূমিত চলিছে অবৈধ বেদখল ৷ যি বেদখলে চিন্তিত কৰি তুলিছে অসমৰ সচেতন মহলক ৷

2.কেৰালাৰ পাৰ্শীৰাজাৰ ব্ৰিটিছ সাম্ৰাজ্যবিৰোধী সংগ্ৰামৰ কাহিনী

ভাৰতত ব্ৰিটিছ শাসনৰ ওৰ পৰাৰ ইতিমধ্যে 75 বছৰ সম্পূৰ্ণ হৈছে ৷ সেই উপলক্ষে সমগ্ৰ দেশে 75তম স্বাধীনতা দিৱস উদযাপন কৰিছে ৷ দেশে স্বাধীনতাৰ 75 বছৰ উদযাপন কৰাৰ এই সময়ত আমি সেইসকল শাসক তথা যোদ্ধাক কেতিয়াও পাহৰিব নোৱাৰো, যিসকলে নিজৰ মাতৃভূমিক ব্ৰিটিছৰ আধিপত্যৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে মৰণপণ যুঁজ দিছিল ৷

3.কাগজ কলৰ বিষয়া-কৰ্মচাৰীৰ বাবে চৰকাৰৰ ৫৭০ কোটি টকাৰ পেকেজ

নগাঁও আৰু কাছাৰ কাগজ কলৰ বিষয়া-কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ পথত । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কাগজ কলৰ কৰ্মচাৰী সংস্থাৰ মাজত মঙলবাৰে নিশা চলিছিল চাৰিঘণ্টীয়াজোৰা এক দীঘলীয়া বৈঠক।

4.এশ কিঃমিঃ বাইক চলাই গ্ৰাহকক পাৰ্চেল যোগান ধৰা অসমীয়া ছোৱালীজনী

কৰ্ম সংস্কৃতিৰ এক সুন্দৰ নিদৰ্শন জামুগুৰিহাটৰ এগৰাকী যুৱতী ৷ ৰ’দ-বতাহ-বৰষুণকো নেওচি কেৱল নিজ কৰ্মত ব্যস্ত যুৱতীগৰাকী ৷ দৈনিক এশ কিঃমিঃ দূৰত্ব বাইক চলাই গ্ৰাহকক যোগান ধৰে পাৰ্চেল ৷ পিছে কোন এই যুৱতীগৰাকী ? সবিশেষ এই প্ৰতিবেদনত...

5.মৰিগাঁৱত ৪ কোটি ৮০ লাখ মূল্যৰ নিচাযুক্ত সামগ্ৰী দাহ

ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে মৰিগাঁৱত ৪ কোটি ৮০ লাখ মূল্যৰ নিচাযুক্ত সামগ্ৰী দাহ ৷ মৰিগাঁও জিলা কাৰাগাৰৰ বাকৰিত ব্যাপক নিৰাপত্তা বেষ্টনীৰ মাজত দিনৰ প্ৰায় 11:30 বজাত আৰক্ষীৰ অভিযানত জব্দকৃত ড্ৰাগছ আৰু অন্যান্য নিচাযুক্ত সামগ্ৰীসমূহ দাহ কৰা হয় ৷

6.কোন বাক্তিগত কোম্পানীৰ হাতলৈ যাব অ’ এন জি চিৰ অসম এছেট ?

দেশে সন্মুখীন হোৱা ক'ভিডকেন্দ্ৰিক অচলাৱস্থাৰ বৰ্তমানতো অইল ইণ্ডিয়া লিমিটেডে নিজৰ ব্যৱসায়িক লাভৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে । এনে সফলতাৰ বাবেই অইল ইণ্ডিয়া লিমিটেডত দিনে দিনে বিনিয়োগৰ হাৰ বাঢ়িব লাগিছে ।

7.আমিনগাঁৱত বিভিন্ন উন্নয়ন মূলক কামৰ পৰ্যৱেক্ষণ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

দৈনিক 18 ঘন্টাকৈ কাম কৰাৰ সংকল্প লৈছে অসম চৰকাৰৰ মন্ত্ৰী সকলে ৷ অসমক দেশৰ পাঁচ খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা কৰাৰ সংকল্পৰে সকলোৱে কাম কৰিছে ৷ আমিনগাঁৱত উপস্থিত হৈ এই মন্তব্য কৰিছে জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ তেওঁ লগতে কয় যে, ৰাজ্যত অনুষ্ঠিত হ’ব লগীয়া উপ-নিৰ্বাচনত আটাইকেইখন আসন লাভ কৰিব বিজেপি মিত্ৰজোঁটে ৷

8.পুনৰ প্ৰকৃতিৰ ৰোষত মহাৰাষ্ট্ৰ

যোৱা ১ জুনৰ পৰা এতিয়ালৈ ৰাজ্যখনত বৰষুণ, বানপানী আৰু বজ্ৰপাতৰ ফলত ৪৩৪ গৰাকী লোক নিহত হৈছে । ১৫০০ ৰো অধিক পশুধনৰ মৃত্যু হৈছে । যোৱা দুদিন ধৰি ৰাজ্যখনত পুনৰ প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰিছে যাৰ ফলত এতিয়ালৈ ১৩ গৰাকীকৈ লোক নিহত হৈছে ।

9.ধ্ৰুৱ কুণ্ডু-ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কিশোৰ যোদ্ধা

লগৰীয়াৰ সৈতে খেলা-ধূলা কৰাৰ বয়সত স্বাধীনতা সংগ্ৰাম । এয়া, ব্ৰিটিছ শাসনৰ সময়ৰ এক ভয় লগা সময়, যি ভাৰতৰ কণ কণ শিশুসকলৰ মনতো দেশপ্ৰেম জগাই তুলিছিল । দেশৰ হকে প্ৰাণ আহুতি দিয়াৰ ক্ষেত্ৰতো পিছ হুহকি অহা নাছিল ভাৰতৰ আবাল বৃদ্ধ বণিতা সকলো । এনে এক পৰিস্থিতিৰ মাজতে দেশৰ হকে যুঁজিবলৈ আগবাঢ়ি আহিছিল ১৩ বছৰীয়া ধ্ৰুৱ কুণ্ডু । কেইটামান মূহুৰ্তৰ ভিতৰতে শেষ হৈ গৈছিল ১৩ বছৰীয়া কুণ্ডুৰ সপোন ।

10.গৰুখুটিৰ ঘটনাত ৰাজনৈতিক অভিসন্ধি জড়িত : ইউ জি ব্ৰহ্ম

গৰুখুটিৰ উচ্ছেদ অভিযানৰ পাচত ঘটা ঘটনাত ৰাজনৈতিক অভিসন্ধি জড়িত থকাৰ অভিযোগ ভৈয়াম জনজাতি উন্নয়ন (বিটিআৰ), হস্ততাঁত আৰু বস্ত্ৰ শিল্প, ভূমি সংৰক্ষণ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মৰ ৷ গৰুখুটিৰ কাণ্ডৰ পিছতে শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ অন্তৰ্গত এলেকাত পুনৰ ভূমি অধিগ্ৰহণৰ অভিযোগ উত্থাপিত হৈছে ৷

ABOUT THE AUTHOR

...view details