ETV Bharat / bharat

পুনৰ প্ৰকৃতিৰ ৰোষত মহাৰাষ্ট্ৰ

author img

By

Published : Sep 29, 2021, 3:26 PM IST

যোৱা ১ জুনৰ পৰা এতিয়ালৈ ৰাজ্যখনত বৰষুণ, বানপানী আৰু বজ্ৰপাতৰ ফলত ৪৩৪ গৰাকী লোক নিহত হৈছে । ১৫০০ ৰো অধিক পশুধনৰ মৃত্যু হৈছে । যোৱা দুদিন ধৰি ৰাজ্যখনত পুনৰ প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰিছে যাৰ ফলত এতিয়ালৈ ১৩ গৰাকীকৈ লোক নিহত হৈছে ।

Heavy rains
পুনৰ প্ৰকৃতিৰ ৰোষত মহাৰাষ্ট্ৰ

নেশ্যনেল ডেস্ক, ২৯ ছেপ্টেম্বৰ : পুনৰ প্ৰকৃতিয়ে তাণ্ডৱ চলাইছে মহাৰাষ্ট্ৰত । ধাৰাসাৰ বৰষুণ, বানপানী আৰু বজ্ৰপাতত ৰাজ্যখনত কমেও ১৩ জন লোকে অকাল মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে । এন ডি আৰ এফ (NDRF) বাহিনীয়ে প্ৰভাৱিত অঞ্চলবোৰত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে । এতিয়ালৈ হেলিকপ্টাৰ, নাও আদিৰে প্ৰায় ৫৬০ জন লোকক উদ্ধাৰ কৰিছে এন ডি আৰ এফ বাহিনীয়ে ।

২০০ ৰো অধিক পশুধন নিধন হোৱাৰ লগতে বহু সংখ্যক পানীত উটি গৈছে । এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যখনৰ মাৰাঠৱাড়া অঞ্চলত । ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২৪ ঘণ্টাত মাৰাঠৱাড়া, মুম্বাই আৰু মহাৰাষ্ট্ৰৰ উপকূলীয় কংকন অঞ্চলৰ অন্যান্য অংশত ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে । ধাৰাষাৰ বৰষুণৰ ফলত মধ্য মহাৰাষ্ট্ৰৰ মাৰাঠৱাড়া অঞ্চলৰ প্ৰায় আঠখন জিলা প্ৰভাৱিত হৈছে ।

মঞ্জৰা বান্ধৰ অৱবাহিকা অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কৰ্তৃপক্ষই মঙলবাৰে পানী নিষ্কাশনৰ বাবে থকা জলাশয়ৰ ১৮ খনকৈ গেট খুলিবলৈ বাধ্য হয়, যাৰ ফলত বীড জিলাৰ কিছুমান গাঁৱত কৃত্ৰিমবানৰ সৃষ্টি হয় । স্থানীয় প্ৰশাসনে মঞ্জৰা বান্ধৰ ১৮ খনকৈ গেট আৰু মাজালগাঁও বান্ধৰ ১১ খন গেট খুলি দিয়ে ।

দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এজন বিষয়াই জনোৱা মতে ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতৰ ফলত ১৩৬ গৰাকী লোক আঘাতপ্ৰাপ্ত হৈছে । আনহাতে মৃত্যু হোৱা ১৩ গৰাকীৰ ভিতৰত ১২ গৰাকীয়ে মাৰাঠৱাড়া আৰু বিদৰ্ভ অঞ্চলৰ আৰু এগৰাকী উত্তৰ মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ বুলি জানিব পৰা গৈছে । বিষয়া গৰাকীৰ মতে নাছিক জিলাত বজ্ৰপাতৰ ফলত এগৰাকী লোকৰ মৃত্যু হয় আৰু আন চাৰিজন আহত হয় ।

মঙলবাৰে পুৱা য়াৱতমাল জিলাত দলঙেৰে গৈ থকা অৱস্থাত এখন ৰাজ্যিক পৰিবহণ বিভাগৰ বাছ পানীত উটি যোৱাৰ ফলত তিনিজন লোকৰ মৃত্যু হয় । মহাৰাষ্ট্ৰ ৰাজ্যিক পথ পৰিবহণ নিগমৰ (MSRTC) বাছখন নাগপুৰৰ পৰা নান্দেদলৈ যোৱাৰ সময়তে উমৰখেদ ব্লকৰ দাহাগাঁও দলঙত পুৱা এই ঘটনা সংঘটিত হয় । দুৰ্ঘটনাত নিহত সকলৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও বাছখনৰ চালক এতিয়াও সন্ধানহীন বুলি জানিব পৰা গৈছে । ইফালে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি যোৱা ১ জুনৰ পৰা এতিয়ালৈ ৰাজ্যখনত বৰষুণ সম্পৰ্কীয় ঘটনাত ৪৩৪ জন লোক নিহত হৈছে ।

যোৱা দুদিনত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত পশুধনৰো বিস্তৰ ক্ষতি হৈছে । জুন মাহৰ পৰা এতিয়ালৈ গৰু, ম'হ আৰু ছাগলীকে ধৰি পশুধনৰ মুঠ ক্ষতিৰ সংখ্যা ১,৬৩২ লৈ বৃদ্ধি হৈছে । ধাৰাসাৰ বৰষুণত প্ৰায় ৯১,৫১০ টা কুকুৰাৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে । বানপানীৰ ফলত বহু কৃষিভূমিও প্লাৱিত হৈছে ।

মহাৰাষ্ট্ৰৰ মন্ত্ৰী ধনঞ্জয় মুণ্ডেয়ে অঞ্চলটোৰ পৰিস্থিতি পৰ্যালোচনা কৰে আৰু আমাবাজোগাই অঞ্চলৰ কৃষকসকলৰ সৈতে বাৰ্তালাপ কৰে । এন ডি আৰ এফ বাহিনীয়েও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । অৱশ্যে মুম্বাইত ধাৰাসাৰ বৰষুণ হোৱা স্বত্বেও বেছি পানী জমা হোৱা নাই । যাৰ বাবে ৰাজহুৱা পৰিবহণ সেৱা স্বাভাৱিকভাৱে চলি আছে । ৰে'লসমূহো সঠিক সময়তে চলি আছে ।

লগতে পঢ়ক :চাৰ্জিকেল ষ্ট্ৰাইকৰ 5 বছৰ অতিক্ৰম...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.