বেদখলকাৰীৰ কবলত ১০ খন জিলাৰ চৰাঞ্চলৰ চাৰে দহ লাখ বিঘা মাটি

author img

By

Published : Sep 29, 2021, 6:36 PM IST

Updated : Sep 29, 2021, 10:10 PM IST

১০ খন জিলাৰ চৰত চাৰে দহ লাখ বিঘা মাটিত বেদখলকাৰীৰ কবলত

গৰুখুটি কাণ্ডৰ পাছতে পোহৰলৈ আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ততৰ চৰ অঞ্চলত চৰকাৰী ভূমিত চলি থকা বেদখলৰ ভয়ংকৰ তথ্য ৷ ৰাজ্যৰ প্ৰায় কেইখন চৰ অঞ্চল থকা জিলাতেই চৰকাৰী ভূমিত চলিছে অবৈধ বেদখল ৷ যি বেদখলে চিন্তিত কৰি তুলিছে অসমৰ সচেতন মহলক ৷

গুৱাহাটী, ২৯ ছেপ্তেম্বৰ : ছিপাঝাৰৰ গৰুখুটিৰ উচ্ছেদৰ ঘটনাক লৈ ভিন্ন ভিন্ন ৰাজনৈতিক দল, সংগঠন আদিয়ে নিজা নিজা উদ্দেশ্যে আগত ৰাখি ৰাজনীতি আৰু কূট কৌশল দুয়োটাই অব্যাহত ৰাখিছে যদিও গৰুখুটিৰ ঘটনাই বহু নতুন দিশো উন্মোচিত কৰিলে । ৰাজ্যখনৰ এনেকুৱা এখন জিলা নাই, যত বেদখল হোৱা নাই ।

অধিকাংশ বেদখলকাৰীয়েই হৈছে সন্দেহজনক নাগৰিক নাইবা পূৰ্ববংগীয় মূলৰ । কৃষিভূমি, বনভূমি এই সকলো বিলাকৰ উপৰিও ৰাজ্যৰ চৰ অঞ্চলত চলিছে পূৰ্ববংগীয় সন্দেহজনক নাগৰিকৰ অবাধ তথা সৰ্বাধিক বেদখল । নক’লেও চলে যে এই চৰ অঞ্চল সমূহৰ অধিকাংশই নামনি অসমৰ । চৰকাৰী তথ্য মতে ১০ খন জিলাৰ চৰ অঞ্চলৰ ১০ লাখ ৫৮ হাজাৰ ৩১৮ বিঘা মাটি সম্প্ৰতি বেদখলকাৰীৰ কৱলত ।

বেদখলকাৰীৰ কবলত ১০ খন জিলাৰ চৰাঞ্চলৰ চাৰে দহ লাখ বিঘা মাটি
চৰ অঞ্চল সমূহত চলি থকা এই বেদখলৰ তথ্য দেখিলে আপোনাৰো চকু কপালত উঠিব । চৰকাৰী তথ্য মতে ধুবুৰী জিলাত চৰ এলেকা আছে ৯৯৮.৬০ বৰ্গ কিলোমিটাৰ ইয়াৰে ১,৫১,৯৮৭ বিঘাই আছে বেদখলকাৰীৰ কবলত । তেনেদৰে, দৰং জিলাত চৰ এলেকা আছে ১৬৭.৫৬ বৰ্গ কিলোমিটাৰ বেদখল হৈ আছে ৬০,৫৮৪ বিঘা ।

লগতে পঢ়কঃ কাগজ কলৰ বিষয়া-কৰ্মচাৰীৰ বাবে চৰকাৰৰ ৫৭০ কোটি টকাৰ পেকেজ

নগাঁও জিলাত চৰ এলেকা আছে ১২০.৩৬ বৰ্গ কিলোমিটাৰ বেদখল হৈছে ১,৭১,৪১৫ বিঘা । মৰিগাঁও জিলাত চৰ এলেকা আছে ১১৯.৩২ বৰ্গ কিলোমিটাৰ বেদখল হৈছে ১,১৩,৮০৭ বিঘা ।

ঠিক তেনেদৰে শোণিতপুৰ জিলাৰ ২৪১.৬৮ বৰ্গ চৰ এলেকাৰ ২০,৩৫৮ বিঘা মাটি বেদখল হৈ আছে । বঙাইগাঁও জিলাত চৰ এলেকা আছে ১৪২.৫৬ বৰ্গ কিলোমিটাৰ বেদখল হৈ আছে ইয়াৰে ৫৯,৫৪৬ বিঘা । গোৱালপাৰা জিলাত চৰ এলেকা আছে ১৯৮.৬০ বৰ্গ কিলোমিটাৰ বেদখলকাৰীৰ কবলত আছে ইয়াৰে ২,৯২,২৯৮ বিঘা মাটি । বৰপেটা জিলাত থকা ৩৬৬.৫৫ বৰ্গ কিলোমিটাৰ চৰ এলেকাৰ ৪৯,৫৩২ বিঘা মাটিয়েই বেদখলকাৰীৰ কবলত পৰিছে ।

একেদৰে, নলবাৰী আৰু কামৰূপ জিলাত চৰ এলেকা আছে ক্ৰমে ১৩৪.৩২ বৰ্গ কিলোমিটাৰ আৰু ১৭১.৬৭ বৰ্গ কিলোমিটাৰ । ইয়াৰে ৩৬,১২৩ বিঘা মাটি নলবাৰীত আৰু ১,০২,৬৬৮ বিঘা মাটি কামৰূপ জিলাত বেদখল হৈ আছে ।

লগতে পঢ়কঃ গৰুখুটিৰ ঘটনাত ৰাজনৈতিক অভিসন্ধি জড়িত : ইউ জি ব্ৰহ্ম

Last Updated :Sep 29, 2021, 10:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.