ETV Bharat / city

কাগজ কলৰ বিষয়া-কৰ্মচাৰীৰ বাবে চৰকাৰৰ ৫৭০ কোটি টকাৰ পেকেজ

author img

By

Published : Sep 29, 2021, 1:41 PM IST

570 crores for paper mills employee
কাগজ কলৰ বিষয়া-কৰ্মচাৰীৰ বাবে চৰকাৰৰ ৫৭০ কোটি টকাৰ পেকেজ

নগাঁও আৰু কাছাৰ কাগজ কলৰ বিষয়া-কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ পথত । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কাগজ কলৰ কৰ্মচাৰী সংস্থাৰ মাজত মঙলবাৰে নিশা চলিছিল চাৰিঘণ্টীয়াজোৰা এক দীঘলীয়া বৈঠক।

গুৱাহাটী, ২৯ ছেপ্তেম্বৰ : নগাঁও আৰু কাছাৰ কাগজ কলৰ বিষয়া-কৰ্মচাৰীসকলে সন্মুখীন হৈ অহা দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দিশে আগবাঢ়িছে । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কাগজ কলৰ কৰ্মচাৰী সংস্থাৰ মাজত মঙলবাৰে মাজনিশা চাৰিঘণ্টীয়াজোৰা এক দীঘলীয়া বৈঠকৰ অন্তত দুয়োপক্ষ এক সিদ্ধান্তত উপনীত হয় । কাগজ কল দুটাৰ কৰ্মচাৰীৰ বাবে চৰকাৰে ৫৭০ কোটি টকাৰ সাহাৰ্য পেকেজ ঘোষণা কৰে ।

বুধবাৰে পুৱতি নিশা ২ বজালৈ চলা বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । অসম চৰকাৰ আৰু কাগজ কলৰ সংস্থাৰ মাজত হোৱা আলোচনা অনুসৰি হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যন লিমিটেড (এইচ পি চি)ৰ সম্পত্তি অসম চৰকাৰৰ হাতত থাকিব । অসম চৰকাৰে দাখিল কৰা এন চি এল টিৰ প্ৰস্তাৱৰ অনুমোদনৰ দুমাহৰ ভিতৰত প্ৰায় ৫৭০ কোটি টকাৰ সাহাৰ্য পেকেজ বিতৰণ কৰা হ’ব ।

  • Finally reached agreement with the workers and employees of Hindustan Paper Corporation to resolve long pending issues of their salaries and dues.Discussion lasted over 4 hours in my office and concluded at 2 AM. Back to home now. Will leave for north Assam tour at 8 AM

    — Himanta Biswa Sarma (@himantabiswa) September 28, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

বৈঠকত এইচ পি চিৰ ১০০ যুৱ কৰ্মচাৰীক যোগ্যতা অনুসৰি চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । লগতে এইচ পি চিৰ চিকিৎসালয়ত কৰ্মৰত চিকিৎসক আৰু নাৰ্ছলৈ এন এইচ এমৰ অধীনত ঠিকাভিত্তিক নিযুক্তি দিয়া হ'ব । আনহাতে, ৫৮ বছৰীয়া আৰু তাতকৈ ওপৰৰ সকলো কৰ্মচাৰীয়ে লাভ কৰিব পেঞ্চন । অৱশ্যে এই সুবিধাসমূহ লাভ কৰিব হ’লে কাগজ কল দুটাৰ কৰ্মচাৰীসকলে আগন্তুক এমাহৰ ভিতৰত সকলো চৰকাৰী গৃহ খালী কৰিব দিব লাগিব ।

উল্লেখ্য যে, কাছাৰ কাগজ কল আৰু জাগীৰোডস্থিত নগাঁও কাগজ কল দুটা ক্ৰমে ২০১৫ চনৰ অক্টোবৰ আৰু ২০১৭ চনৰ মাৰ্চ মাহৰ পৰা বন্ধ হৈ আছে । বিগত ৫৫ মাহ ধৰি কাগজ কল দুটাৰ কৰ্মচাৰীয়ে দৰমহাৰ পৰাও বঞ্চিত হৈ আছে । এই সময়ছোৱাত কাগজ কল দুটাৰ ৯৩ গৰাকী কৰ্মচাৰীয়ে মৃত্যুবৰণ কৰিছে ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে জনাই যে ৰাজ্য চৰকাৰে হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যন লিমিটেডৰ কৰ্মচাৰীসকলৰ অমীমাংসিত দৰমহা সমস্যা সমাধান কৰিব । কাগজ কলৰ কৰ্মচাৰীৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে কৰ্মচাৰীসকলে ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ।

লগতে পঢ়ক : শীৰ্ষ মাওবাদী নেতা টিংৰাজ ওৰাঙৰ গুৱাহাটীত আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.