গৰুখুটিৰ ঘটনাত ৰাজনৈতিক অভিসন্ধি জড়িত : ইউ জি ব্ৰহ্ম

By

Published : Sep 29, 2021, 3:06 PM IST

thumbnail

গৰুখুটিৰ উচ্ছেদ অভিযানৰ পাচত ঘটা ঘটনাত ৰাজনৈতিক অভিসন্ধি জড়িত থকাৰ অভিযোগ ভৈয়াম জনজাতি উন্নয়ন (বিটিআৰ), হস্ততাঁত আৰু বস্ত্ৰ শিল্প, ভূমি সংৰক্ষণ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মৰ ৷ গৰুখুটিৰ কাণ্ডৰ পিছতে শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ অন্তৰ্গত এলেকাত পুনৰ ভূমি অধিগ্ৰহণৰ অভিযোগ উত্থাপিত হৈছে ৷ এই অধিগ্ৰহণ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, ৰাজ্য চৰকাৰৰ গৃহ বিভাগে এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিব । উল্লেখ্য যে, বৰচলা সমষ্টিত একাংশ দুস্কৃতিকাৰীয়ে নতুনকৈ ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপিত হৈছে । মন্ত্ৰীগৰাকীয়ে কয় যে, ভূমি বেদখল চৰকাৰে কোনো কাৰণতে সমৰ্থন নকৰে ৷ পূৰ্বৰ বহুকেইখন সফল চৰকাৰে এই বিষয়ে সিদ্ধান্ত গ্ৰহণ নকৰাৰ ফলতে এই পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে ৷ এনে কাৰণতে জাতিগত সমস্যাৰ সৃষ্টি হয় বুলি তেওঁ জানিবলৈ দিয়ে । এটা স্থানত উচ্ছেদৰ পিছত অন্য এটা স্থানত গৈ পুনৰ বেদখল কৰাটো অনুচিত বুলিও তেওঁ মন্তব্য কৰে । বৃহস্পতিবাৰে ধেমাজি জিলাত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক কেবিনেটৰ বিষয়ে মন্তব্য প্ৰকাশ কৰি তেওঁ কয় যে, এনে ধৰণৰ কেবিনেট অসমৰ সকলো জিলাতে অনুষ্ঠিত কৰা হ'ব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.