মৰিগাঁৱত ৪ কোটি ৮০ লাখ মূল্যৰ নিচাযুক্ত সামগ্ৰী দাহ

author img

By

Published : Sep 29, 2021, 6:44 PM IST

contraband worth rs 4 million burnt in morigaon

ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে মৰিগাঁৱত ৪ কোটি ৮০ লাখ মূল্যৰ নিচাযুক্ত সামগ্ৰী দাহ ৷ মৰিগাঁও জিলা কাৰাগাৰৰ বাকৰিত ব্যাপক নিৰাপত্তা বেষ্টনীৰ মাজত দিনৰ প্ৰায় 11:30 বজাত আৰক্ষীৰ অভিযানত জব্দকৃত ড্ৰাগছ আৰু অন্যান্য নিচাযুক্ত সামগ্ৰীসমূহ দাহ কৰা হয় ৷

মৰিগাঁও , 29 ছেপ্টেম্বৰ : ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে বুধবাৰে মৰিগাঁৱৰ বিভিন্ন আৰক্ষী থানাত জমা হৈ থকা ৪ কোটি ৮০ লাখ টকা মূল্যৰ নিচাযুক্ত দ্ৰৱ্য ৰাজহুৱাভাৱে দাহন কৰা হয় ৷ মৰিগাঁও জিলা কাৰাগাৰৰ বাকৰিত এই নিষিদ্ধ সামগ্ৰীসমূহ দাহনৰ ব্যৱস্থা কৰা হয় ৷ মৰিগাঁও জিলা কাৰাগাৰৰ বাকৰিত ব্যাপক নিৰাপত্তা বেষ্টনীৰ মাজত দিনৰ প্ৰায় 11:30 বজাত এই সামগ্ৰীসমূহ দাহ কৰা হয় ৷

মৰিগাঁৱত ৪ কোটি ৮০ লাখ মূল্যৰ নিচাযুক্ত সামগ্ৰী দাহ

প্ৰাপ্ত তথ্য অনুসৰি, 200 কিলোগ্ৰাম ভাং আৰু হেৰ’ইনসহ 6,200 কফ চিৰাপৰ বটল বুধবাৰে নষ্ট কৰা হয় ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ অভিযানত জব্দকৃত ড্ৰাগছ আৰু অন্যান্য নিচাযুক্ত সামগ্ৰী দাহনৰ শুভাৰম্ভ কৰাৰ পাচতে ৰাজ্যৰ ভিন্ন প্ৰান্তত এনে নিচাযুক্ত সামগ্ৰীৰ দাহ অভিযান চলি আছে ৷ এই অভিযানৰে অংশ হিচাপে মৰিগাঁৱতো বহুকেইগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ উপস্থিতিত নিচাযুক্ত সামগ্ৰীসমূহ নষ্ট কৰা হয় ৷

মৰিগাঁও জিলা কাৰাগাৰ বাকৰিত নিষিদ্ধ সামগ্ৰী দাহন কাৰ্যসূচীত ডিআইজি ব্ৰজেনজিৎ সিংহৰ লগতে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতিভ লাল বৰুৱা উপস্থিত থাকে ৷

লগতে পঢ়ক : কাগজ কলৰ বিষয়া-কৰ্মচাৰীৰ বাবে চৰকাৰৰ ৫৭০ কোটি টকাৰ পেকেজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.