ETV Bharat / state

কোন বাক্তিগত কোম্পানীৰ হাতলৈ যাব অ’ এন জি চিৰ অসম এছেট ?

author img

By

Published : Sep 29, 2021, 6:40 PM IST

দেশে সন্মুখীন হোৱা ক'ভিডকেন্দ্ৰিক অচলাৱস্থাৰ বৰ্তমানতো অইল ইণ্ডিয়া লিমিটেডে নিজৰ ব্যৱসায়িক লাভৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে । এনে সফলতাৰ বাবেই অইল ইণ্ডিয়া লিমিটেডত দিনে দিনে বিনিয়োগৰ হাৰ বাঢ়িব লাগিছে ।

ONGC Assam assets will not sale to OIL
ONGC Assam assets will not sale to OIL

গুৱাহাটী, ২৯ ছেপ্টেম্বৰ : মূলতঃ অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰতে নিৰ্ভৰ কৰি যাত্ৰা আৰম্ভ কৰা অইল ইণ্ডিয়া লিমিটেড(Oil India Limited) চমুকৈ অইলে নিজৰ বাণিজ্যিক বিকাশৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে । যোৱা ২৫ ছেপ্টেম্বৰত অনলাইন মাধ্যমেৰে আয়োজিত কোম্পানীটোৰ ৬২ সংখ্যক বাৰ্ষিক সাধাৰণ সভা(AGM)ত দাখিল কৰা তথ্য মতে, ২০-২১ চনৰ বিত্তীয় বৰ্ষত কোম্পানীটোৱে ১৭৪১ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে ।

এই বিত্তীয় বৰ্ষত কোম্পানীটোৰ মুঠ ৰাজহ আহৰণৰ পৰিমাণ আছিল ১০৫৬১.৪৫ কোটি আৰু সকলো ধৰণৰ কৰ পৰিশোধ কৰাৰ পিছত কোম্পানীটোৱে লাভ কৰিবলৈ সক্ষম হৈছে ১৭৪১ কোটি টকা । কোম্পানীটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক এছ চি মিশ্ৰ(S C Mishra)ই বাৰ্ষিক সাধাৰণ সভাত এই তথ্য প্ৰকাশ কৰে ।

মন কৰিবলগীয়া যে, যোৱা দুটা বছৰ ধৰি দেশত অব্যাহত ক'ভিডকেন্দ্ৰিক অচলাৱস্থাই কৰ্প'ৰেট খণ্ডৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলোৱাৰ পিছতো অইলৰ এই সফলতা লক্ষণীয় বুলি‌ বিবেচিত হৈছে ।‌‌ কোম্পানীটোৰ এক শীৰ্ষ সূত্ৰৰ মতে, জৰুৰী অৱস্থাৰ বৰ্তমানতো অইলে উৎপাদন আৰু বিপণনৰ ক্ষেত্ৰখনত নিজৰ আধিপত্য অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল ।‌‌ বাঘজান (Baghjan)ৰ দুৰ্ভাগ্যজনক ঘটনাটোৱে কোম্পানীটোৰ প্ৰতিষ্ঠাত মোক্ষম আঘাত হানিছিল যদিও সেয়াই বিত্তীয় ক্ষেত্ৰত ক্ষতি কৰিব নোৱাৰিলে । কিন্তু ‌‌‌‌‌অইলে এই সফলতা অৰ্জন কৰিলেও অ’ এন জি চি(ONGC)ৰ অসম এছেট হস্তান্তৰ কৰাক লৈ চলি থকা আলোচনাই ইতিমধ্যে গেঠেলা মাৰিছে ।

কেৱল সেয়ে নহয়, অইল কৰ্তৃপক্ষক হতাশ কৰি শেহতীয়াকৈ অসম ভ্ৰমণ কৰা কেন্দ্ৰীয় পেট্ৰ'লিয়াম দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে যে, অ’ এন জি চিৰ অসম এছেট অইলক গটোৱা নহয় । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ঘোষণাই অইলৰ আশাত চেঁচা পানী ঢলাই ‌নহয়, ই আন কেতবোৰ নতুন কথাকো আঙুলিয়াই দিছে ।

কেন্দ্ৰীয় পেট্ৰ'লিয়াম দপ্তৰৰ এক শীৰ্ষ সূত্ৰই জনোৱা মতে, অ’ এন জি চিৰ অসম এছেট বিক্ৰী কৰাৰ সিদ্ধান্তই ভাগ্য উদয় কৰাব এটা বাক্তিগত খণ্ডৰ বহুজাতিক অইল আৰু প্ৰাকৃতিক গেছ কোম্পানীৰহে । ইতিমধ্যে এই কোম্পানীটোৱে কেন্দ্ৰীয় চৰকাৰৰ লগত কথা আগবঢ়াই আছে । কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰ'লিয়াম দপ্তৰৰ ভিতৰ চ'ৰাত শক্তিশালী লবীৰ সৃষ্টি কৰা এই বাক্তিগত খণ্ডৰ তেল আৰু প্ৰাকৃতিক গেছ কোম্পানীটোৱে ইতিমধ্যে উজনি অসমত তৈল অনুসন্ধান আৰু খনন আৰম্ভ কৰি দিছে ।

সূত্ৰটোৰ মতে, এই কোম্পানীটোৱে অ’ এন জি চিৰ অসম এছেটৰ ওপৰত চকু ৰাখিয়েই অসমৰ প্ৰৱেশ কৰিছিল আৰু অইল ইণ্ডিয়া লিমিটেডক চেৰাই এতিয়া তেওঁলোকৰ সেই আশা বাস্তৱায়িত হোৱাৰ পথত । উল্লেখ্য যে, নুমলীগড় তেল শোধনাগাৰ অইল ইণ্ডিয়া লিমিটেডৰ হাতলৈ যোৱাৰ পিছত আৰু এই নতুন বাণিজ্যিক অভিযানত ৫০০ কোটি টকাৰ বিনিয়োগৰে অসম চৰকাৰেও অংশগ্ৰহণ কৰা কাৰ্যই ৰাজহুৱা খণ্ডৰ তৈল উদ্যোগক সমৃদ্ধিশালী কৰিব বুলি আশা কৰা হৈছিল । কিন্তু অ’ এন জি চিৰ অসম এছেট বাক্তিগত খণ্ডৰ বহুজাতিক তেল কোম্পানীক হস্তান্তৰিত কৰাৰ কুছকাৱাজে অসমৰ তৈল উদ্যোগক কোন দিশে লৈ যাব সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:চাকৰিৰৰ নামত চলিছে দৰ দাম; ভিডিঅ’ ভাইৰেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.