আমিনগাঁৱত বিভিন্ন উন্নয়ন মূলক কামৰ পৰ্যৱেক্ষণ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

By

Published : Sep 29, 2021, 3:47 PM IST

thumbnail

দৈনিক 18 ঘন্টাকৈ কাম কৰাৰ সংকল্প লৈছে অসম চৰকাৰৰ মন্ত্ৰী সকলে ৷ অসমক দেশৰ পাঁচ খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা কৰাৰ সংকল্পৰে সকলোৱে কাম কৰিছে ৷ আমিনগাঁৱত উপস্থিত হৈ এই মন্তব্য কৰিছে জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ তেওঁ লগতে কয় যে, ৰাজ্যত অনুষ্ঠিত হ’ব লগীয়া উপ-নিৰ্বাচনত আটাইকেইখন আসন লাভ কৰিব বিজেপি মিত্ৰজোঁটে ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত কৰ্ম সংস্কৃতিৰ এক ধাৰা প্ৰবাহিত হৈছে বুলি কয় ৰণজিৎ কুমাৰ দাসে ৷ ইয়াৰ সমান্তৰালভাৱে ৰাজ্যত চলি থকা জল জীৱন আঁচনিৰ কাম সঠিক গতিত চলি আছে বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.