ETV Bharat / state

এশ কিঃমিঃ বাইক চলাই গ্ৰাহকক পাৰ্চেল যোগান ধৰা অসমীয়া ছোৱালীজনী

author img

By

Published : Sep 29, 2021, 5:31 PM IST

কৰ্ম সংস্কৃতিৰ এক সুন্দৰ নিদৰ্শন জামুগুৰিহাটৰ এগৰাকী যুৱতী ৷ ৰ’দ-বতাহ-বৰষুণকো নেওচি কেৱল নিজ কৰ্মত ব্যস্ত যুৱতীগৰাকী ৷ দৈনিক এশ কিঃমিঃ দূৰত্ব বাইক চলাই গ্ৰাহকক যোগান ধৰে পাৰ্চেল ৷ পিছে কোন এই যুৱতীগৰাকী ? সবিশেষ এই প্ৰতিবেদনত...

Assamese girl leeza who delevered parcels to customers by riding bike
গ্ৰাহকক পাৰ্চেল যোগান ধৰা অসমীয়া ছোৱালীজনী

বিশ্বনাথ,29 ছেপ্তেম্বৰ: জামুগুৰিহাটৰ পাচিগাঁৱৰ ২০ বছৰীয়া এগৰাকী যুৱতী ৷ যুৱতীগৰাকীৰ নাম লিজা ভূঞা ৷ এটি মধ্যবিত্ত পৰিয়ালৰ জীয়ৰী তথা স্নাতক চতুৰ্থ সান্মাসিকৰ ছাত্ৰী লিজাৰ কৰ্মই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ কাহিলী পুৱাতেই নিজ ঘৰৰ পৰা ওলোৱাৰ পিছতেই ওৰেটো দিন কামত ব্যস্ত হৈ পৰে যুৱতীগৰাকী ৷

পুৱা ৪ বজাতেই এখন দুচকীয়া বাহন লৈ ৩০ কিঃমিঃ দূৰত্ব অতিক্ৰম কৰি গ্ৰাহকে দিয়া অৰ্ডাৰৰ সামগ্ৰীৰ টোপোলা কঢ়িয়াই ঘৰে ঘৰে বিলাই ফুৰে লিজাই ৷ বিশ্বনাথ চাৰিআলিৰ পৰা বাইকখনৰ দুয়োফালে পাৰ্চেল ভৰ্তি দুটা বেগ বান্ধি, লগতে পিঠিতো এটা বেগ কঢ়িয়াই পুনৰ জামুগুৰিহাটলৈ উভতি আহে ২০ বছৰীয়া এই যুৱতীগৰাকীয়ে ৷ নিৰ্দিষ্ট সময়ত গ্ৰাহকক লিজাই যোগান ধৰি আহিছে সামগ্ৰী ৷

সম্পৰ্কীয় এজন ককায়েকৰ সহায়ত অনলাইনৰ পাৰ্চেল বিতৰণৰ কামত নিয়োজিত হৈছে লিজা ৷

প্ৰায় ডেৰমাহ পূৰ্ৱৰে পৰা এই কামত নিয়োজিত যুৱতীগৰাকীয়ে দৈনিক প্ৰায় এশ কিঃমিঃৰো অধিক পথ দুচকীয়া বাহনখন চলাই পালন কৰি গৈছে নিজৰ কৰ্তব্য ৷ এটি মধ্যবিত্ত পৰিয়ালৰ সন্তান এইগৰাকী যুৱতীয়ে সাহসেৰে কৰি আছে সততে পুৰুষসকলে কৰা এই কৰ্ম ৷ যাৰ বাবে এতিয়া সকলোৰে বাবে আদৰ্শ হিচাপে চিহ্নিত হৈ পৰিছে যুৱতীগৰাকী ৷

গ্ৰাহকক পাৰ্চেল যোগান ধৰা অসমীয়া ছোৱালীজনী

লগতে পঢ়ক: শেৱালিৰ সুবাস, কঁহুৱাৰ শুকুলা হাঁহি আঁৰি সংগোপনে আহিছে শৰৎ

উল্লেখ্য যে, এখন সৰু হোটেল দি পৰিয়াল পোহপাল দিয়া পিতৃক কিছু সকাহ দিবৰ বাবেই অধ্যয়নৰ সমান্তৰালকৈ কষ্টকৰ হ’লেও এই কামত নিজকে নিয়োজিত কৰি লিজাই পালন কৰি গৈছে এই দায়িত্ব ৷ মনত নাই কোনো ভয়, নাই কোনো শংকা ৷ আছে কেৱল প্ৰবল মনোবল আৰু বহু আশা ৷

এগৰাকী নাৰী হৈও পুৰুষে কৰা কামো যে নাৰীয়ে কৰিব পাৰে তাৰেই যেন এক উদাহৰণ জামুগুৰিহাটৰ এইগৰাকী ২০ বছৰীয়া যুৱতী তথা ছাত্ৰী লিজা ভূঞা ৷ যি কৰ্মৰ জৰিয়তে নিজৰ লগতে পৰিয়ালটিৰ অভাৱ অভিযোগ কিছু পৰিমাণে হ’লেও পূৰণ কৰিবলৈ সক্ষম হৈছে তেওঁ ৷

লগতে পঢ়ক: নিয়ৰসিক্ত দুবৰিৰ দলিচাৰে নামি আহিছে শৰৎ

লিজাৰ মতে কোনো কামতেই লাজ কৰিব নালাগে, পিছ হুহকিব নালাগে ৷ লাগে মাথো কামটোৰ প্ৰতি আগ্ৰহ আৰু আত্মবিশ্বাস ৷ এনে কাম যে কেৱল পুৰুষেই কৰিব পাৰে এনে নহয়, সেয়া মহিলাইও কৰিব পাৰে ৷ কেৱল লাজ কৰিব নালাগে ৷

ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰী লিজা ভূঞা জামুগুৰিহাটৰ পাচিগাঁৱৰ অনুপ ভূঞা আৰু মঞ্জুলা ভূঞাৰ একমাত্ৰ কন্যা ৷ লিজাৰ এই সাহস আৰু মনোবলক এতিয়া সকলোৱে কৰিছে প্ৰশংসা ৷ আমিও আশা কৰিছো এটি মধ্যবিত্ত পৰিয়ালৰ এইগৰাকী যুৱতীৰ মনৰ আশা পূৰণ হওঁক আৰু সকলোৰে বাবে হৈ উঠক আদৰ্শ ৷

লগতে পঢ়ক: ধেমাজিৰ মৌ-মাৰী পৰিৱেশ পৰ্যটন কেন্দ্ৰক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.