অসম

assam

Snatchers at Gohpur: গহপুৰত আৰক্ষীৰ জালত কুখ্যাত চিলনী চোৰ

By

Published : Jul 26, 2023, 1:04 PM IST

গহপুৰৰ হেলেমত চিলনী চোৰৰ দপদপনি । হেলেমৰ টকৌবাৰীৰ কাৰিবিল চাপৰিত আটক চিলনী চোৰ ।

Crime in Gohpur
হেলেমত চিলনী চোৰ আটক

হেলেমত চিলনী চোৰ আটক

বিশ্বনাথ, ২৬ জুলাই:ৰাজ্যত অব্যাহত আছে চিলনী চোৰৰ টিঘিলঘিলনি । শেহতীয়াকৈ এই চিলনী চোৰে সাধাৰণ নাগৰিকৰ পৰা অসম আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়ালৈকে কাকো ৰেহাই দিয়া নাই । এই চিলনী চোৰে ৰাজ্যৰ বিভিন্ন প্ৰাপ্তৰ লগতে বিশ্বনাথত জিলাতো বহু কেইজন লোকৰ মোবাইল, লেপটপ আদি চুৰি কৰি নিয়াৰ ঘটনা পোহৰলৈ আহিছে ।

শেহতীয়াভাৱে এই চিলনী চোৰৰ বিৰুদ্ধে বিশ্বনাথ আৰক্ষী কঠোৰ হৈছে । বিশ্বনাথ জিলা আৰক্ষী জালত পৰিল এটা কুখ্যাত চিলনী চোৰ । লখিমপুৰৰ পানী গাঁৱৰ এজন লোকৰ পৰা ৰে'লেৰে গৈ থকা অৱস্থাত চিলনী চোৰটোৱে এটা মোবাইল থাপ মাৰি লৈ যায় । পৰৱৰ্তী সময়ত লখিমপুৰত লোকজনে এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে বিষয়টো গহপুৰ মহকুমা হেলেম আৰক্ষীক অৱগত কৰে । হেলেম আৰক্ষীয়ে কালি মোবাইল ফোনটোৰ লোকেচনৰ আঁত ধৰি হেলেমৰ টকৌবাৰীৰ কাৰিবিল চাপৰিত পৰা এটা চিলনী চোৰ আটক কৰিবলৈ সক্ষম হয় ।

হেলেম আৰক্ষীয়ে আটক কৰা কুখ্যাত চিলনী চোৰটোৰ নাম হৈছে দেবানন্দ টায়ে । আৰক্ষীয়ে চিলনী চোৰ দেবানন্দ টায়ৰ পৰা মবাইল ফোনটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে হেলেম আৰক্ষীয়ে । উল্লেখ্য যে ইয়াৰ পূৰ্বেও মটৰচাইকেল চুৰি আৰু বহুতো চুৰি কাৰ্যৰ সৈতে জড়িত আছিল দেবানন্দ টায়ে ।

কেইদিনমান পূৰ্বে গুৱাহাটীৰ জ্যেষ্ঠ সাংবাদিক তথা লেখক গীৰন্দ্ৰ শইকীয়া গুৱাহাটীৰ পৰা লখিমপুৰ দিশে ৰে'লেৰে গৈ থকা সময়ত এটা লেপটপ আৰু মোবাইল ফোন চোৰে লৈ গৈছিল যদিও শেষত ৰে'লৱে আৰক্ষীয়ে মোবাইল আৰু লেপটপটো উদ্ধাৰ কৰি সাংবাদিকগৰাকীক গতাই দিয়ে ।

আনহাতে,এই চিলনী চোৰে যোৱা দেওবাৰে গুৱাহাটীত অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ উপ-মহাপৰিদৰ্শক বিবেকৰাজ সিঙৰ প্ৰাতঃভ্ৰমণলৈ যোৱা সময়ত চিলনী চোৰে মোবাইল ফোনটো থপিয়াই লৈ যোৱাৰ পিচতেই আৰক্ষীয়ে এনে চোৰৰ বিৰুদ্ধে অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:Parliament Monsoon Session : আজি লোকসভাত বিৰোধীৰ অনাস্থা প্ৰস্তাৱ; কংগ্ৰেছৰ সাংসদলৈ হুইপ জাৰি

ABOUT THE AUTHOR

...view details