ETV Bharat / bharat

Parliament Monsoon Session : আজি লোকসভাত বিৰোধীৰ অনাস্থা প্ৰস্তাৱ; কংগ্ৰেছৰ সাংসদলৈ হুইপ জাৰি

author img

By

Published : Jul 26, 2023, 10:46 AM IST

বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই মণিপুৰৰ জাতিগত হিংসা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বিতৰ্ক কৰিবলৈ লোকসভাত চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ বাবে জাননী দাখিল কৰিব ।

Parliament Monsoon Session
Parliament Monsoon Session

নিউজ ডেস্ক, ২৬ জুলাই : সংসদৰ চলিত অধিবেশনত বিগত চাৰিদিন ধৰি কাৰ্যত অচল হৈ আছে সংসদৰ কাম-কাজ । তাৰ মাজতে লোকসভাত ২৬ টা বিৰোধী দলৰ মিত্ৰজোঁটে বুধবাৰে চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ বাবে জাননী দাখিল কৰিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মণিপুৰ হিংসাৰ ওপৰত সংসদত বক্তব্য ৰাখিবলৈ বাধ্য কৰোৱাৰ লক্ষ্যৰে লোৱা এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

অনাস্থা প্ৰস্তাৱৰ জাননীৰ এখন খচৰা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে আৰু ৫০ জন সাংসদে ইয়াত স্বাক্ষৰ কৰিছে । উল্লেখ্য যে, জাননী গ্ৰহণ কৰিবলৈ হ'লে অধ্যক্ষৰ দ্বাৰা বিবেচনাৰ কৰাটো বাধ্যতামূলক । প্ৰক্ৰিয়া অনুসৰি, মিত্ৰজোঁটে সদনত পঢ়ি শুনাবলৈ পুৱা ১০ বজাৰ পূৰ্বে অধ্যক্ষৰ ওচৰত জাননী দাখিল কৰিব লাগিব । অৱশ্যে সদনত সেই জাননী কেতিয়া গ্ৰহণ কৰিব সেয়া অধ্যক্ষৰ অধিকাৰৰ বিষয় ।

সদনৰ বৰ্ষাকালীন অধিবেশনত বুধবাৰকে ধৰি মাত্ৰ ১৩ টা কৰ্মদিন আছে । লোকসভাৰ অধ্যক্ষই সদনৰ নিয়ম অনুসৰি অনাস্থা প্ৰস্তাৱ স্বীকাৰ কৰিবলৈ ১০ দিনলৈকে সময় ল'ব পাৰে । ইফালে কংগ্ৰেছে দলটোৰ সদস্যসকলক পুৱা ১০.৩০ বজাৰ ভিতৰত সংসদীয় কাৰ্যালয়ত উপস্থিত থাকিবলৈ হুইপ জাৰি কৰিছে । জানিব পৰা মতে, তাত কিছুমান গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হ'ব ।

বিৰোধী নেতাসকলে যুক্তি দিছে যে তেওঁলোকে এই অনাস্থা প্ৰস্তাৱৰ জৰিয়তে মণিপুৰ বিষয়ত প্ৰধানমন্ত্ৰী মোদীক সংসদত বক্তব্য ৰাখিবলৈ বাধ্য কৰিবলৈ সক্ষম হ'ব । কিয়নো যদি চৰকাৰে এনে প্ৰস্তাৱ গ্ৰহণ কৰে তেন্তে নিজৰ চৰকাৰক ৰক্ষা কৰিব লাগিব । ইফালে চৰকাৰে দৃঢ়তাৰে কৈছে যে, প্ৰধানমন্ত্ৰীয়ে মণিপুৰ সন্দৰ্ভত কোনো কথা নকয় । ইয়াৰ বিপৰীতে গৃহমন্ত্ৰী অমিত শ্বাহে দুয়োখন সদনত মণিপুৰ পৰিস্থিতিৰ ওপৰত বিতৰ্কৰ উত্তৰ দিবলৈ ইচ্ছুক ।

আনহাতে, বিৰোধী দলৰ জ্যেষ্ঠ নেতাসকলে কয় যে, ৰাজ্যসভাত মণিপুৰৰ হিংসাৰ ওপৰত চৰকাৰক থকা-সৰকা কৰাৰ বিৰোধী ৰণনীতি আৰু প্ৰধানমন্ত্ৰীৰ এক বিস্তৃত বিবৃতি প্ৰদান কৰাৰ বাবে বিতৰ্কৰ দাবী সদনত অব্যাহত থাকিব ।

উল্লেখ্য, প্ৰস্তাৱিত অনাস্থা প্ৰস্তাৱৰ সিদ্ধান্ত মঙলবাৰে পুৱা সংসদত ইণ্ডিয়া মিত্ৰজোঁটৰ সাংসদসকলে অংশগ্ৰহণ কৰা এখন বৈঠকত গ্ৰহণ কৰা হৈছিল । লগতে বিতৰ্কৰ সময়ত মণিপুৰৰ ওপৰত চৰকাৰক আক্ৰমণ কৰি এই যুঁজত জয়ী হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । অৱশ্যে এইটো কথা নিশ্চিত যে, অনাস্থা প্ৰস্তাৱৰ ফলাফল নিৰ্ধাৰণ কৰিব পৰাকৈ বিৰোধী গোটত প্ৰয়োজনীয় সংখ্যাৰ অভাৱ আছে । সংখ্যাগৰিষ্ঠতা স্পষ্টভাৱে বিজেপিৰ পক্ষত আছে । বিৰোধী মিত্ৰজোঁটৰ নিম্ন সদনত সদস্য সংখ্যা ১৫০-তকৈও কম আছে ।

লগতে পঢ়ক :Not affraid of Centre: কেন্দ্ৰলৈ ভয় কৰি ‘‘হয় হুজুৰ’’ নকৰে জোৰামথাংগাই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.