বিশ্বনাথ, 27 নৱেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে উদযাপন কৰা হৈছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ ৷ উজনি-নামনি সৰ্বত্ৰে ৰাস উপলক্ষে দেখা গৈছে উখল-মাখল পৰিৱেশ ৷ চতিয়া সমষ্টিৰ কছাৰী গাঁৱতো দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ । এইবাৰ ৰাস মহোৎসৱত ব্যতিক্ৰমী ৰূপত দেখা গৈছে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক ।
চতিয়া কছাৰী গাঁৱৰ ৰাস মহোৎসৱত কংসৰ চৰিত্ৰত এইবাৰ অভিনয় কৰিলে বিধায়ক পদ্ম হাজৰিকাই । ৰাস পূৰ্ণিমাৰ নিশা কছাৰী গাঁৱৰ তিনিশ বছৰীয়া পুৰণি ৰাস মহোৎসৱত কংসৰূপী বিধায়ক পদ্ম হাজৰিকাৰ তৰ্জন-গৰ্জনত কঁপি উঠিল ৰংগমঞ্চ । সুন্দৰ অভিনয়ৰে উপস্থিত হাজাৰ হাজাৰ দৰ্শকক আপ্লুত কৰে চতিয়াৰ বিধায়কগৰাকীয়ে ।
সুদীৰ্ঘ বিশ বছৰৰ মূৰত পুনৰ ৰাস মহোৎসৱত কংসৰ চৰিত্ৰত অভিনয় কৰা বুলি জনায় বিধায়কগৰাকীয়ে । উল্লেখ্য যে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই শুভ উদ্বোধন কৰা ৰাস মহোৎসৱখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অসমীয়া ছবিৰ জনপ্ৰিয় অভিনেতা যতীন বৰা ।