অসম

assam

Flood at Gahpur : গহপুৰত বানৰ তাণ্ডৱ

By

Published : Jun 28, 2022, 4:19 PM IST

Flood at Gahpur
গহপুৰত বানৰ তাণ্ডৱ

হঠাৎ গহপুৰত বানৰ তাণ্ডৱ (Flood at Gahpur)৷ পানীৰ তলত বহু গাঁও ৷ হাহাকাৰ এতিয়া বন্যাৰ্তৰ মাজত (Assam highly effected in flood)৷ প্ৰশাসনৰ ফালৰ পৰা অব্যাহত আছে উদ্ধাৰ অভিযান ৷

বিশ্বনাথ, ২৮ জুন : ৰাজ্যত এতিয়াও মাৰ যোৱা নাইবানৰ তাণ্ডৱ লীলা (Flood in Assam 2022) ৷ ৰাজ্যৰ এফালে যদি বানৰ প্ৰকোপ কিছু হ্ৰাস পাইছে, আনফালে আকৌ কিছু জিলাত ক্ৰমাৎ বানে ভয়াবহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে (Assam highly effected in flood) ৷ ইয়াৰ ভিতৰত বিশ্বনাথ জিলাৰ গহপুৰ মহকুমা অন্যতম ৰূপে বিবেচিত হৈছে ৷

গহপুৰত বানৰ তাণ্ডৱ

কিয়নো বিশ্বনাথৰ গহপুৰ মহকুমাত হঠাৎ বাঢ়নী পানীয়ে কালৰূপ ধাৰণ কৰিছে কাল ৰূপ (Flood at Gahpur)৷ সোমবাৰে নিশা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত উত্তৰ অঞ্চলৰ পাহাৰীয়া তিনিখন নৈ ক্ৰমে ব্ৰহ্মাজান, চত্ৰং, বালিজান নৈৰ লগতে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে তাণ্ডৱ সৃষ্টি কৰা পৰিলক্ষিত হৈছে (Many houses swept away in flood in Biswanath) ৷ ফলত দিগবিদিগ হেৰুৱাই পেলাইছে গহপুৰবাসী ৰাইজে ।

তথ্য অনুসৰি, এই বাঢ়নী পানীৰ ফলত গহপুৰ ছয়দুৱাৰ মহাবিদ্যালয়, ভোলাগুৰি চাহ বাগিচাৰ অধিকাংশ অঞ্চলৰ লগতে হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত বৰানিপথাৰ, গৰৈমাৰী, যোগিবাৰী, টেটুনবাৰীকে ধৰি বহু গাঁও এতিয়া ডুব গৈছে পানীৰ তলত ৷ আনকি বাঢ়নী পানীৰ ফলত গহপুৰ মহকুমাত বহু বান্ধো ছিঙি নিয়াৰ উপক্ৰম হৈছে ৷

লগতে পঢ়ক :Seven years old flood relief manual: সাত বছৰ পুৰণি মেনুৱেল মতে চলিছে নিমিত্ত বান সাহায্য

আনহাতে, ঘাঁহিগাঁও ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অৰুণাচল সংযোগী যাতায়তৰ একমাত্ৰ সম্বল টেটুনবাৰীৰ এখন লোহাৰ পুৰণি দলং বানৰ প্ৰৱল সোঁতত উটি যোৱাৰ উপক্ৰম হৈছে । এনেদৰে যদি ধাৰাসাৰ বৃষ্টিপাত হৈ থাকে তেন্তে আগন্তুক সময়ত ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ আশংকা কৰিছে ভুক্তভোগী জনতাই (Flood victim of Biswanath)৷ চৰকাৰে সময়ৰ কাম সময়ত উচিত ধৰণে নকৰাৰ ফলত, এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি বন্যাৰ্তই জনতাই ক্ষোভ প্ৰকাশ কৰিছে ।

গহপুৰত বানৰ তাণ্ডৱ লীলা

আনহাতে, জানিব পৰা মতে, উদ্ধাৰ অভিযানৰ বাবে উক্ত অঞ্চলটোত উপস্থিত হৈছে এটা NDRF দল । NDRF বাহিনীৰ লোকে ইতিমধ্যে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান ৷ এই বানৰ কবলৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ মানুহৰ লগতে জীৱ-জন্তুৰো একমাত্ৰ আশ্ৰয় স্থল হৈছেগৈ ওখ ঠাইসমূহ ।

লগতে পঢ়ক :ৰাজ্যত অব্যাহত বানৰ বিভীষিকা: ২৪ ঘণ্টাত আঠজনৰ প্ৰাণহানি

ABOUT THE AUTHOR

...view details