ETV Bharat / state

Seven years old flood relief manual: সাত বছৰ পুৰণি মেনুৱেল মতে চলিছে নিমিত্ত বান সাহায্য

author img

By

Published : Jun 21, 2022, 8:43 PM IST

Flood in Assam
সাত বছৰ পুৰণি মেনুৱেল মতে চলিছে নিমিত্ত বান সাহায্য

এই পর্যন্ত ১,৪৫,৭৮৭টা ঘৰ আংশিকভাৱে বিধ্বস্ত হৈছে । গুৰুত্বপূৰ্ণ কথাটো হৈছে, সম্পূৰ্ণৰূপে বিধ্বস্ত ঘৰৰ ক্ষেত্ৰত (ভৈয়ামত) চৰকাৰে মাত্র ৯৫,১০০ টকা ক্ষতিপূৰণহে দিয়ে । অথচ, বর্তমান সময়ত প্রধানমন্ত্রী ২০১৫ ৰ মেনুৱেল অনুসৰি আৱাস যোজনাৰ অধীনত গৃহ নিৰ্মাণৰ (Pradhan Mantri Awas Yojna) বাবেই ডেৰ লাখ টকাৰ অনুদান দিয়া হয় ।

গুৱাহাটী, ২১ জুন : চলিত বৰ্ষত বৰ্তমানলৈকে দুটাকৈ ভয়াৱহ বানত ৰাজ্যত ধন-জনৰ বিস্তৰ ক্ষতি হৈছে (Flood effected Assam badly) । হাজাৰ মানুহৰ ঘৰ-দুবাৰ ক্ষতিগ্ৰস্ত হৈছে । শতাধিক লোকৰ প্ৰাণ গৈছে । হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমিৰ বিস্তৰ ক্ষতিসাধন হৈছে (Farm land effected by flood in Assam)। হাজাৰ হাজাৰ মানুহ এতিয়াও আশ্ৰয় শিবিৰত আছে । চৰকাৰে পশ্চাৎপট অঞ্চলৰ বানগ্ৰস্ত এলেকাৰ বনাৰ্তসকলক বান সাহায্য যোগান ধৰাত ব্যৰ্থ হৈছে (Govt. failed to distribute relief matter) । যিবোৰ বানগ্ৰস্ত এলেকাক বান সাহায্য যোগান ধৰিছে সেয়া পৰ্যাপ্ত নোহোৱাৰ অভিযোগ পোৱা গৈছে ।

চলিত বাৰিষাৰ বানত এই পর্যন্ত ২০ হাজাৰটা ঘৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে (20000 houses totally destroyed by flood) । ৰাজহ বিভাগৰ তথ্য অনুসৰি, ইয়াৰে সৰহখিনিয়ে পকীঘৰ । এই পর্যন্ত ১,৪৫,৭৮৭টা ঘৰ আংশিকভাৱে বিধ্বস্ত হৈছে । গুৰুত্বপূৰ্ণ কথাটো হৈছে, সম্পূৰ্ণৰূপে বিধ্বস্ত ঘৰৰ ক্ষেত্ৰত (ভৈয়ামত) চৰকাৰে মাত্র ৯৫,১০০ টকা ক্ষতিপূৰণহে দিয়ে । অথচ, বর্তমান সময়ত প্রধানমন্ত্রী ২০১৫ৰ মেনুৱেল অনুসৰি আৱাস যোজনাৰ অধীনত গৃহ নিৰ্মাণৰ (Pradhan Mantri Awas Yojna) বাবেই ডেৰ লাখ টকাৰ অনুদান দিয়া হয় ।

ইপিনে মেনুৱেল অনুসৰি, পকীঘৰ একোটা আংশিকভাৱে বিধ্বস্ত হ'লে চৰকাৰে ক্ষতিপূৰণ দিয়ে মাত্র ৫,২০০ টকা, কেঁচাঘৰৰ ক্ষেত্ৰত ক্ষতিপূৰণৰ পৰিমাণ হৈছে মাত্র ৩,২০০ টকা । লক্ষণীয় যে চৰকাৰে এতিয়াও প্রাকৃতিক দুর্যোগৰ সাহায্য আৰু ক্ষতিপূৰণ ২০১৫ চনৰ মেনুৱেল অনুসৰিয়ে দি আছে । মেনুৱেলখন সংশোধনীৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীনহে হৈ আছে (relief manual under consideration of Central Govt.)। বানবিধ্বস্ত ঘৰ-বাৰীৰে সন্মুখত অন্ধকাৰ দেখা এই পৰিয়ালসমূহে মাত্র ৯৫ হাজাৰ টকাৰ চৰকাৰী সাহায্যৰে কেনেকৈ থাউনি পাব, প্রশাসনে যুক্তিপূর্ণভাৱে বিষয়টো বিবেচনা কৰা প্ৰয়োজন ।

তথ্য মতে, বানত ক্ষতি হোৱা ৫০ শতাংশ নিম্ন আয়ৰ পৰিয়াল । আকৌ ২৬ শতাংশ নিম্ন মধ্য আয়ৰ, ২৩ শতাংশ উচ্চ মধ্য আয়ৰ আৰু ১ শতাংশ উচ্চ আয়ৰ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে । বিগত ২৪ ঘণ্টাত ৰাজ্যত বান আৰু ভূমিস্খলনত ১১জন লোকে প্ৰাণ হেৰুৱাইছে (11 people died in last 24 years of Assam flood) । ইয়াকে ধৰি এই পর্যন্ত বান আৰু ভূমিস্খলনত হোৱা মৃত্যুৰ সংখ্যা ৮২লৈ বৃদ্ধি পাইছে । দৰঙত তিনিজন, নগাঁৱত দুজন আৰু কাছাৰ, ডিব্ৰুগড়, হাইলাকান্দি, হোজাই, কামৰূপ আৰু লখিমপুৰ জিলাত এজনকৈ লোকৰ মৃত্যু হৈছে ।

আনহাতে, দুটি শিশুকে ধৰি মুঠ সাতজন লোক সন্ধানহীন হৈ আছে । কামৰূপ আৰু ওদালগুৰিত দুজনকৈ আৰু কাছাৰ, দৰং আৰু তামুলপুৰত এজনকৈ বানত নিখোঁজ হৈ আছে । ৰাজ্যত ক্ষতিগ্রস্ত ৰাজহ চক্ৰৰ সংখ্যা ১২৫লৈ বৃদ্ধি পাইছে (Flood effected 125 revenue circle in Assam)। গাঁৱৰ সংখ্যা ৫,৪২৪ আৰু বানাক্ৰান্ত লোকৰ সংখ্যা ৪৭ লাখ ৭২ হাজাৰ ১৪০জনলৈ বৃদ্ধি হৈছে বুলি অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই প্ৰকাশ কৰিছে (47 lakh above people effected in Assam flood) ।

লগতে পঢ়ক :DC ক মুখ্যমন্ত্ৰীৰ ধমক: কংগ্ৰেছৰ মতে এয়া চৰকাৰৰ ব্যৰ্থতা ঢকাৰ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.