ETV Bharat / state

DC ক মুখ্যমন্ত্ৰীৰ ধমক: কংগ্ৰেছৰ মতে এয়া চৰকাৰৰ ব্যৰ্থতা ঢকাৰ চেষ্টা

author img

By

Published : Jun 21, 2022, 3:22 PM IST

চমক সৃষ্টিৰ প্ৰয়াস নে ব্যৰ্থতা ঢকাৰ প্ৰয়াস । মুখ্যমন্ত্ৰীৰ আচৰণক লৈ প্ৰতিক্ৰিয়া । চৰকাৰখনৰ ব্যৰ্থতা ঢাকিবৰ বাবেই মুখ্যমন্ত্ৰীয়ে এনেদৰে উপায়ুক্তৰ ওপৰত দোষ জাপি দিয়াৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ ।

DC ক মুখ্যমন্ত্ৰীৰ ধমক: কংগ্ৰেছৰ মতে এয়া চৰকাৰৰ ব্যৰ্থতা ঢকাৰ চেষ্টা
DC ক মুখ্যমন্ত্ৰীৰ ধমক: কংগ্ৰেছৰ মতে এয়া চৰকাৰৰ ব্যৰ্থতা ঢকাৰ চেষ্টা

গুৱাহাটী, ২১ জুন: 'কই ৰাজা-মহাৰাজা আ-ৰহা হে কিয়া' - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাইল'গ চাগৈ সকলোৰে মনত আছে । চলিত বৰ্ষৰ জানুৱাৰী মাহত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই তেওঁৰ আগমনৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী, এম্বুলেন্স ৰখোৱাৰ বাবে নগাঁৱৰ উপায়ুক্তক এইদৰেই অন কেমেৰা ধমকি দিছিল । কোনোবা ৰজা-মহাৰজা আহিছে নেকি বুলি কৈ নগাঁৱৰ উপায়ুক্তক কেমেৰাৰ সন্মূখত ৰাজহৱাভাৱে ধমক দিছিল । যাক লৈ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । এগৰাকী আই এ এছ বিষয়াক এনেদৰে অপদস্থ কৰাক লৈ বিভিন্ন দল-সংগঠনে মুখ্যমন্ত্ৰীক সমালোচনা কৰিছিল ।

পুনৰ অনুৰূপ ঘটনা সংঘটিত হ'ল সোমবাৰে । পোনপটীয়া সম্প্ৰচাৰত অন কেমেৰা এইবাৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ধমক দিলে দৰঙৰ উপায়ুক্তক । উল্লেখ্য যে ৰাজ্যৰ বান পৰিস্থিতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সোমবাৰে পুৱাই ৰাজ্য বিভিন্ন জিলাৰ উপায়ুক্তসকলৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বৈঠকত মিলিত হৈছিল । এই বৈঠকত মুখ্যমন্ত্ৰীয়ে বিভিন্ন জিলাত বানপীড়িতই সাহাৰ্য নোপোৱাৰ অভিযোগক লৈ এজাউৰি দিয়ে জিলা উপায়ুক্তসকলক । বিশেষকৈ দৰং জিলাৰ ছিপাঝাৰত বন্যাৰ্তই বান সাহাৰ্য নোপোৱাৰ প্ৰসংগত দৰং জিলাৰ উপায়ুক্তক চৰম সকীয়নি দিয়ে মুখ্যমন্ত্ৰীয়ে ।

DC ক মুখ্যমন্ত্ৰীৰ ধমক: কংগ্ৰেছৰ মতে এয়া চৰকাৰৰ ব্যৰ্থতা ঢকাৰ চেষ্টা
DC ক মুখ্যমন্ত্ৰীৰ ধমক: কংগ্ৰেছৰ মতে এয়া চৰকাৰৰ ব্যৰ্থতা ঢকাৰ চেষ্টা

অন কেমেৰা জিলাৰ উপায়ুক্তসকলক ধমকি দি মুখ্যমন্ত্ৰীয়ে দুই হাত খুলি ৰিলিফ দিবলৈ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰীয়ে বজালীৰ উপায়ুক্তকো জবাবদিহি কৰে । লগতে মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্তসকলক ৩২ টা কঠোৰ নিৰ্দেশ দিয়ে । লক্ষণীয় বিষয় যে মুখ্যমন্ত্ৰীয়ে বানাক্ৰান্ত ৰাইজৰ স্বাৰ্থত উপায়ুক্তসকলক ধমক দি চমক সৃষ্টিৰ প্ৰয়াস কৰিলে যদিও বাস্তৱ ক্ষেত্ৰত চৰকাৰে সাহাৰ্য প্ৰদানৰ বাবে প্ৰয়োজনীয় পুঁজি যোগান ধৰিবলৈ সক্ষম হোৱা নাই ।

প্ৰলয়ংকৰী বানে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ বাবেই মুখ্যমন্ত্ৰীয়ে এনেদৰে উপায়ুক্তসকলক অন কেমেৰা ধমক দি সকলোকে আভুৱা ভাৰিব বিচাৰিছে বুলি বিৰোধীয়ে অভিযোগ কৰিছে । এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য্যই কয় যে চৰকাৰখনৰ ব্যৰ্থতা ঢাকিবৰ বাবেই মুখ্যমন্ত্ৰীয়ে এনেদৰে উপায়ুক্তৰ ওপৰত দোষ জাপি দিছে (Congress react on CM threat to DC again on camera) ।

ৰাজ্যৰ বান পৰিস্থিতি নতুন নহয় যদিও চৰকাৰখনৰ পৰিকল্পনা নথকা বাবেই এনেদৰে ৰাইজে জীয়াতু ভুগিব লগীয়া হৈছে । তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে এনে এটা ধাৰণা দিব বিচাৰিছে যে চৰকাৰৰ আন্তৰিকতা আছে যদিও প্ৰশাসনে ভালদৰে কাম কৰা নাই । চৰকাৰৰ যদি সদিচ্ছা থাকে তেনেহ'লে চৰকাৰৰ অধীনস্থ কোনো আমোলা-বিষয়াৰ কাম নকৰাৰ সাহস থাকিব পাৰে নেকি বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে । উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ এনে আচৰণক লৈ ৰাজ্যৰ শীৰ্ষ আমোলা-বিষয়াসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যদিও কোনেও মুখ খোলাৰ সাহস কৰা নাই । হয়তো এনে এক পৰিস্থিতিৰ বাবেই আমোলাসকলে ডেপুটেচনত অসমৰ পৰা যাব বিচাৰে ।

লগতে পঢ়ক: বানাক্ৰান্তই চৰকাৰী সাহাৰ্য নোপোৱাত আগ্নিশৰ্মা মুখ্যমন্ত্ৰী: দৰঙৰ উপযুক্তক ধমক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.