অসম

assam

বিশ্বনাথত সদৌ অসম সাংবাদিক সন্থাৰ ৫সাংবাদিকলৈ সাংবাদিকতা বঁটা

By

Published : May 12, 2022, 2:10 PM IST

বিশ্বনাথত সদৌ অসম সাংবাদিক সন্থাৰ ৫ সাংবাদিকলৈ সাংবাদিকতা বটাঁ প্ৰদান অনুষ্ঠান (Journalism Awards To 5 Journalists)। অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী(Speaker Bishwajit Daimary participated in award ceremony) । বিশ্বনাথ চাৰিআলিৰ কমলা কান্ত নাট্য সমাজৰ প্ৰেক্ষাগৃত অনুষ্ঠিত হয় এই বঁটা বিতৰণী সভা ।

award-ceremony-to-journalist-in-biswanath
বিশ্বনাথত সদৌ অসম সাংবাদিক সন্থাৰ ৫ সাংবাদিকলৈ সাংবাদিকতা বটাঁ প্ৰদান

বিশ্বনাথ, ১২ মে':সদৌ অসম সাংবাদিক সন্থাৰ উদ্যোগত বিগত বৰ্ষৰ পৰা প্ৰদান কৰা সাংবাদিক জগতৰ মহিৰূহস্বৰূপ ৰাধিকা মোহন ভাগৱতী, প্রফুল্ল চন্দ্ৰ বৰুৱা, হৰি বৰ্মন আৰু শ্বহীদ সাংবাদিক মানিক দেউৰী সোঁৱৰণী সাংবাদিকতা বঁটা বুধবাৰে অসমৰ ৫ গৰাকী বিশিষ্ট সাংবাদিকক প্ৰদান কৰা হয়(Journalism Awards To 5 Journalists) । বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী(Speaker Bishwajit Daimary participated in award ceremony) ।

সদৌ অসম সাংবাদিক সন্থাৰ উদ্যোগত আৰু বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ সহযোগত বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত নাট্য সমাজৰ প্ৰেক্ষাগৃত অনুষ্ঠিত হয় এই বঁটা প্ৰদান অনুষ্ঠান । বুধবাৰে পুৱা পতাকা উত্তোলনৰে অনুষ্ঠিত হয় এই অনুষ্ঠানৰ । পতাকা উত্তোলন কৰে সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সভাপতি পংকজ কুমাৰ নাথে ৷

বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ লগতে সমবেত সংগীত সংগীতেৰে আৰম্ভ হোৱা কাৰ্যসূচীত প্ৰয়াত আটাইকেইজন মহীৰূহ সাংবাদিকক শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ উল্লেখ্য যে ৰাধিকা মোহন ভাগৱতী সোঁৱৰণী সাংবাদিকতাৰ বঁটা আগবঢ়োৱা হয় অসমৰ বিশিষ্ট সাংবাদিক দ্যা আসাম টিব্রিউন কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত জ্যোতি বৰুৱা লৈ ৷

প্ৰফুল্ল চন্দ্ৰ বৰুৱা সোঁৱৰণী সাংবাদিকৰ বঁটা আগবঢ়োৱা হয় অসমৰ আন এগৰাকী বিশিষ্ট সাংবাদিক নৰ্থ ইষ্ট লাইভৰ মুখ্য সম্পাদক ৱাচবিৰ হুচেইনলৈ । হৰি বৰ্মন সোঁৱৰণী সাংবাদিকতাৰ বঁটা আগবঢ়োৱা হয় দৈনিক অগ্রদূত কাকতৰ সম্পাদক প্রাঞ্জল সেন ডেকা লৈ ।

ইফালে শ্বহীদ সাংবাদিক মানিক দেউৰী সোঁৱৰণী সাংবাদিকতাৰ বঁটা যুটীয়া ভাবে আগবঢ়োৱা হয় আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা আৰু প্ৰতিদিন টাইমৰ যুটীয়া সম্পাদক শোণিত কুমাৰ ভূঞালৈ । উল্লেখ্য যে উক্ত বঁটা সমূহৰ লগত প্ৰশস্তিপত্ৰৰ লগতে নগদ ধনৰ টোপোলা আগবঢ়োৱা হয় । অনুষ্ঠানটোত অংশগ্ৰহণ কৰে বিশ্বনাথৰ লগতে আন আন প্ৰান্তৰ ভালে কেইজন সাংবাদিকে ।

লগতে পঢ়ক:জীৱিত অৱস্থাতে চোৰাং চিকাৰীয়ে কাটি নিলে গঁড়ৰ খৰ্গ

ABOUT THE AUTHOR

...view details