ETV Bharat / state

জীৱিত অৱস্থাতে চোৰাং চিকাৰীয়ে কাটি নিলে গঁড়ৰ খৰ্গ

author img

By

Published : May 12, 2022, 10:27 AM IST

জীৱিত অৱস্থাতে চোৰাং চিকাৰীয়ে কাটি নিলে গঁড়ৰ খৰ্গ
জীৱিত অৱস্থাতে চোৰাং চিকাৰীয়ে কাটি নিলে গঁড়ৰ খৰ্গ

এইবাৰ চোৰাং চিকাৰীয়ে জীৱিত অৱস্থাতে কাটি নিলে গঁড়ৰ খৰ্গ (Poachers cut off rhino horns) ৷ এই ঘটনা সংঘটিত হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ 15 নং মাগুৰমাৰীত ৷ তথ্য অনুসৰি, ডাঃ বিজয় গগৈৰ নেতৃত্বত এটা চিকিৎসকৰ দলে গঁড়টো টেংকুলাইছ কৰি ইতিমধ্যে চিকিৎসা আৰম্ভ কৰিছে ।

দৰং, 12 মে’ : ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অঘটন ৷ জীৱিত অৱস্থাতে এইবাৰ গঁড়ৰ খৰ্গ কাটি নিলে চোৰাং চিকাৰীয়ে (Poachers cut off rhino horns) ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ 15 নং মাগুৰমাৰীত সংঘটিত হৈছে এই ঘটনা ৷ এই কথা পোহৰলৈ অহাত এতিয়া চকু কঁপালত উঠিছে প্ৰকৃতিপ্ৰেমী তথা সাধাৰণ ৰাইজৰ ৷

তথ্য অনুসৰি, চোৰাং চিকাৰীয়ে জীৱিত অৱস্থাতে গঁড়ৰ খৰ্গ কাটি নিয়াৰ পাচত বুধবাৰে চিকিৎসকৰ এটা দলে আৰম্ভ কৰিছে চিকিৎসা ৷ ডাঃ বিজয় গগৈৰ নেতৃত্বত এটা চিকিৎসকৰ দলে গঁড়টো টেংকুলাইছ কৰি ইতিমধ্যে চিকিৎসা আৰম্ভ কৰিছে । চিকিৎসকৰ দলটোৰ সন্দেহ চোৰাং চিকাৰীয়ে টেংকুলাইছ কৰি গঁড়ৰ খৰ্গটো কাটি লৈ গৈছে ৷

ইফালে অভিযোগ অনুসৰি, ৰাষ্ট্ৰীয় উদ্যানখনৰ 15 নং মাগুৰমাৰীত সংঘটিত এই ঘটনাক বন বিভাগে গাপ দিবলৈহে চেষ্টা কৰিছে ৷

লগতে পঢ়ক : ওৰাং ৰাষ্টীয় উদ্যানত ২০২২ বৰ্ষৰ গড় গণনা সম্পূৰ্ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.