অসম

assam

বৰপেটাত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়

By

Published : Mar 28, 2019, 12:41 AM IST

চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত থকাৰ পাচতো চকু মুদাৰ কুলিৰ ভূমিকাত প্ৰশাসন তথা বন বিভাগ ৷ এইক্ষেত্ৰত শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে কৃষক মুক্তি আৰু আমছুৱে ৷

বৰপেটাত বনধ্বংস যজ্ঞ অব্যাহত চোৰাং কাঠ ব্যৱসায়ীৰ


বৰপেটা,26 মাৰ্চঃ বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমামুৰীয়া অঞ্চল বৰটাৰীত চলি আছে বন ধ্বংস যজ্ঞ ৷ বন বিভাগ আৰু আৰক্ষী প্ৰশাসনক মেনেজ কৰি চোৰাং কাঠৰ ব্যৱসায়ীয়ে চলাই আছে ৰমৰমীয়া বেহা ৷

বৰপেটাত বনধ্বংস যজ্ঞ অব্যাহত চোৰাং কাঠ ব্যৱসায়ীৰ
প্ৰতিদিনেই বিটিএডিৰ পৰা মানাহ নৈৰ মাজেৰে নাওৰে আহে লাখ লাখ টকাৰ অবৈধ চোৰাং কাঠৰ কুণ্ডা ৷

কিন্তু চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত থকাৰ পাচতো চকু মুদাৰ কুলিৰ ভূমিকাত প্ৰশাসন তথা বন বিভাগ ৷ এইক্ষেত্ৰত শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে কৃষক মুক্তি আৰু আমছুৱে ৷

Slug: A_BAR_27MAR_801_ILLEGAL_TIMBERS_VIS+BITE_BAPKAN_DAS
ৰাজ্যত অব্যাহত আছে চোৰাং কাঠৰ বেহা

বৰপেটা : প্ৰতিদিনেই মানাহ নৈৰ মাজেৰে বিটিএডিৰ পৰা নাওৰে বৰটাৰীত আহে চোৰাং কাঠৰ কুণ্ডা। বন বিষয়া- আৰক্ষী প্রশাসনক মেনেজ কৰি আহি আছে চোৰাং কাঠৰ কুণ্ডা। চোৰাং বেপাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী।

বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমামুৰীয়া অঞ্চল বৰটাৰী। এই বৰটাৰীৰ মানাহ দলঙৰ তলত চলে অবৈধ চোৰাং কাঠৰ বেহা। প্ৰতিদিনেই বিটিএডিৰ পৰা মানাহ নৈৰ মাজেৰে যন্ত্ৰচালিত নাওৰে আহে লাখ লাখ টকাৰ অবৈধ চোৰাং কাঠ। স্থানীয় বন বিভাগ আৰু আৰক্ষী প্ৰশাসনক মেনেজ কৰি চোৰাং কাঠৰ ব্যবসায়ীয়ে চলাই আছে ৰমৰমীয়া বেহা। এই দৃশ্য বৰটাৰীৰ দলঙৰ ওচৰত মানাহ নৈৰ পাৰত। বি টি এডিৰ পৰা নাওৰে অহা কাঠৰ কুণ্ডা। কুণ্ডা সমূহ জাউৰীমাৰীত লৈ যোৱাৰ উদ্দেশ্য উঠাই আছে ঘোঁৰাৰ গাড়ী আৰু ট্ৰেক্টৰত। চোৰাং বেপাৰিয়ে আৰক্ষী আৰু বন বিভাগক মেনেজ কৰি প্ৰত্যেক দিনাই আনি আছে কাঠৰ কুণ্ডা এই বুলি অভিযোগ আমছু আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। বিভাগীয় কৰ্তৃপক্ষই যদি চোৰাং কাঠ সৰবৰাহ আৰু চোৰাং বেপাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আন্দোলনৰ কাৰ্যসূচী হাতত লব বুলি জানিবলৈ দিয়ে।

বাইচ: কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আমছু।
---- বাপকন দাস, বৰপেটা

ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷

ABOUT THE AUTHOR

...view details