অসম

assam

Disaster Reduction Day : দূৰ্যোগ প্ৰশমন দিৱস উপলক্ষে বৰপেটাত বাটৰ নাট

By

Published : Oct 13, 2022, 2:12 PM IST

আজি আন্তৰ্জাতিক দুৰ্যোগ প্ৰশমন দিৱস (International Day for Disaster reduction) । এই উপলক্ষে আজি বৰপেটাত প্ৰদৰ্শন কৰা হয় বাটৰ নাট ৷ বাটৰ নাটৰ দলটোৰ যাত্ৰা শুভাৰম্ভণি কৰে বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই ৷

Barpeta
Barpeta

বৰপেটা, ১৩ অক্টোবৰ :আজি আন্তৰ্জাতিক দুৰ্যোগ প্ৰশমন দিৱস (International Day for Disaster reduction) । প্ৰাকৃতিক দুৰ্যোগৰ পৰা জীৱন ৰক্ষা বা প্ৰাকৃতিক দুৰ্যোগ হ্ৰাস কৰাৰ উদ্দেশ্যে আজিৰ দিনটোত পালন কৰা হয় আন্তৰ্জাতিক দুৰ্যোগ প্ৰশমন দিৱস ৷ ২০০৯ চনৰ পৰা সমগ্ৰ বিশ্বজুৰি পালন কৰি অহা হৈছে আন্তৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন দিৱস (Disaster reduction Day observed in Barpeta) ।

এই উপলক্ষে ভাৰত তথা অসমৰো বিভিন্ন প্ৰন্তত পালন কৰা হৈছে এই দুৰ্যোগ প্ৰশমন দিৱস । এই উপলক্ষে আজি বৰপেটাত প্ৰদৰ্শন কৰা হয় বাটৰ নাট ৷ বিশেষকৈ আমাৰ পৰিৱেশক সুৰক্ষিত কৰি ৰখা, পৰিৱেশ বিনষ্ট হোৱাৰ ফলত হ'ব পৰা ব্যাপক ক্ষতি আৰু ইয়াৰ পৰিণামৰ বিষয়ে সতৰ্কতা বৃদ্ধিৰ উদ্দেশ্যে বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত বৰপেটা চহৰকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰা হয় (street play in occasion of Disaster reduction Day) ৷

এই কাৰ্যসূচীৰ অংশ হিচাবে আজি সজাগতামূলক বাটৰ নাটৰ দলটোৰ যাত্ৰা শুভাৰম্ভণি কৰে বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই ৷ দলটোৱে বৰপেটা জিলাৰ ভিন্ন প্ৰান্তত উপস্থিত হৈ বাটৰ নাটৰ যোগেদি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস চলাব ৷ উল্লেখ্য যে দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ আৰু মানুহ তথা অন্য জীৱ-জন্তুৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰা, প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কি ব্যৱস্থা ল'ব লাগিব, প্ৰাকৃতিক দুৰ্যোগ কেনেদৰে হ্ৰাস কৰিব পাৰি সেই সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্যোগ লোৱা হৈছে । বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত উক্ত দলটোৱে বাটৰ নাটৰ জৰিয়তে প্ৰান্তে প্ৰান্তে সজাগতা সৃষ্টিৰ প্ৰয়াস চলাইছে ৷

উল্লেখ্য, দুৰ্যোগ হ্ৰাসৰ লগতে দুৰ্যোগৰ পৰা হ'ব পৰা বিভিন্ন বিপদাশংকাৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ বাবে ১৯৮৯ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই (United Nations General Assembly) এই দিৱসটো প্ৰথম পালন কৰে । তাৰ পিছত ২০০২ চনত ৰাষ্ট্ৰসংঘই এটা নতুন প্ৰস্তাৱ গৃহীত কৰি প্ৰতি বছৰে ১৩ অক্টোবৰত এই দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে । আনহাতে, দুৰ্যোগৰ বিপদাশংকা হ্ৰাসৰ এই প্ৰচেষ্টাৰ অংশ হিচাপে ৰাষ্ট্ৰসংঘই বিভিন্ন বিশ্ব সন্মিলনো গঠন কৰে ।

মানুহৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে বৃদ্ধি পাই গৈ আছে প্ৰাকৃতিক দুৰ্যোগৰ প্ৰৱণতাও । সেয়ে ইয়াৰ ফলত হ'ব পৰা মৃত্যু, ধ্বংস আৰু লোকচানৰ আশংকা হ্ৰাস কৰাৰ অধিক প্ৰয়োজন আছে । সেই উদ্দেশ্যৰেই এই দিৱস আয়োজন । 2022 বৰ্ষৰ বাবে এই দিৱসৰ বিষয়বস্তু হৈছে আগতীয়া সতৰ্কবাণী ।

লগতে পঢ়ক :ISL in Guwahati : আজি গুৱাহাটীত হায়দৰাবাদ এফচিৰ মুখামুখি হ’ব নৰ্থ ইষ্ট ইউনাইটেড

ABOUT THE AUTHOR

...view details