অসম

assam

Corruption at Barpeta: বৰপেটাৰ জনীয়াত সাংসদ পুঁজিৰ আঁচনিত ব্যাপক দুৰ্নীতি

By

Published : Feb 12, 2022, 4:05 PM IST

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত শৰীয়তপুৰত সাংসদ পুঁজিৰ ৰাস্তাৰ কামত ব্যপক দুৰ্নীতিৰ সংঘটিত কৰাৰ অভিযোগ ৰাইজৰ (Corruption in road construction at Jania)। সাংসদ আব্দুল খালেকৰ চিনাকী ঠিকাদাৰে চলাইছে লুণ্ঠন । উচিত তদন্তৰ দাবী ৰাইজৰ ।

Corruption at Barpeta
জনীয়াত সাংসদ পুঁজিৰ আঁচনিত ব্যাপক দুৰ্নীতি

জনীয়া,১২ ফেব্ৰুৱাৰী :বৰপেটাত পুনৰ চৰকাৰী আঁচনিত দুৰ্নীতি সংঘটিত হৈছে । এইবাৰ পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে । জনীয়া সমষ্টিৰ অন্তৰ্গত শৰীয়তপূৰত সংঘটিত হৈছে এই দুৰ্নীতি (Corruption in road construction at Jania) । বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ সাংসদ পুঁজিৰ পৰা আবন্টিত ধনৰ লুণ্ঠন চলোৱাৰো অভিযোগ উঠিছে ।

সাংসদ পুঁজিৰে নিৰ্মাণ কৰিবলগীয়া পথত মাত্ৰ কেই ট্ৰেক্টৰমান মাটি পেলাইয়ে সমুদায় ধন আত্মসাত্‍ কৰাৰ অভিযোগ কৰিছে একাংশ লোকে । বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি কোনো ফলক নলগোৱাকৈ আমছু নেতা লুটফৰ ৰহমানৰ ঘৰৰ পৰা কবৰস্থানলৈ যোৱা ৰাস্তাত মাটি পেলোৱাৰ নামত বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ সাংসদ পুঁজিৰ পৰা প্ৰায় আঢ়ৈ লাখ টকা আবন্টন দিয়া হৈছিল । উক্ত কাম কৰিছিল সাংসদৰ এগৰাকী কৰ্মীয়ে ।

বৰপেটাৰ জনীয়াত সাংসদ পুঁজিৰ আঁচনিত ব্যাপক দুৰ্নীতি

কিন্তু উক্ত পথছোৱা অতি নিম্নমানৰ হোৱাৰ বাবে ইতিমধ্যে ৰাস্তাৰ ঠায়ে ঠায়ে জহি খহি যোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । নিৰ্মাণৰ ১ মাহ পাৰ নহঁওতেই ৰাস্তাটোৰ ঠায়ে ঠায়ে জহি-খহি যোৱা পৰিলক্ষিত হৈছে ।

এজাক বৰষুণ পৰিলেই সেই ৰাস্তা নাথাকে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে । ইফালে ৰাইজে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে । লগতে পথ নিৰ্মাণত জড়িত থকা ব্যক্তিক শাস্তি প্ৰদানৰো দাবী জনাইছে ।

লগতে পঢ়ক :হঠাৎ কাৰ ওপৰত খং উঠিল মন্ত্ৰী বিমল বৰাৰ ?

ABOUT THE AUTHOR

...view details