অসম

assam

Barpeta News: পখিলা খেদাৰ বয়সতে জটিল ৰোগত আক্ৰান্ত সৰভোগৰ এটি দুৰ্ভগীয়া কিশোৰ

By

Published : Jul 30, 2023, 5:24 PM IST

চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে সৰভোগৰ এটি দুৰ্ভগীয়া কিশোৰৰ পৰিয়ালে ৷ কিশোৰটিৰ চিকিৎসাৰ নামত ইতিমধ্যে সর্বস্বান্ত হৈ পৰিছে আৰ্থিকভাৱে জুৰুলা পৰিয়ালটি ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ কিশোৰটিৰ কাতৰ আহ্বান “মামা আমাক সহায় কৰক ,মই আকৌ খোজকাঢ়িব বিচাৰো, দৌৰিব বিচাৰো, খেলিব বিচাৰো । স্কুললৈ যাবলৈ মোৰ মন ৷ মই স্কুললৈ গৈ পঢ়ি শুনি ডাঙৰ মানুহ হম ৷ মামা, মোৰ ভৰি দুখন ভাল কৰি দিয়ক ।’’

Minor Suffering From Incurable Diseases
পখিলা খেদাৰ বয়সতে জটিল ৰোগত আক্ৰান্ত সৰভোগৰ এটি দুৰ্ভগীয়া কিশোৰ

পখিলা খেদাৰ বয়সতে জটিল ৰোগত আক্ৰান্ত সৰভোগৰ এটি দুৰ্ভগীয়া কিশোৰ

বৰপেটাৰোড 30 জুলাই: বৰপেটাৰোডৰ সৰভোগৰ চকচকাৰ মেদা গাঁওৰ ৰবেন দাস আৰু সুনীতি দাসৰ সন্তান মৃণাল দাস ৮ বছৰ বয়সৰ পৰাই এক জটিল ৰোগত আক্ৰান্ত হৈ হাত ভৰি বিকল হৈ পৰিছে । যাৰ ফলত মৃণাল দাস নামৰ এই কিশোৰটোৱে বিদ্যালয়লৈ যাব নোৱাৰা হ’ল আৰু হুইল চিয়াৰতে বহি দিন কটাবলগীয়া হৈছে । কিশোৰটিৰ পিতৃ ৰবেন দাসে দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দি আহিছে যদিও কষ্টোপাৰ্জিত ধনেৰে নিজৰ সন্তানক বহু চিকিৎসা কৰিও কোনো সুফল নাপালে । সেয়ে উপায়ন্তৰ হৈ সৰভোগৰ চকচকাৰ মেদা গাঁৱৰ এই কিশোৰটিৰ পিতৃ-মাতৃৰ লগতে দুৰ্ভগীয়া কিশোৰটিয়েও মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে ৷

কিশোৰটিয়ে হুইল চিয়াৰত বহি বহি মোবাইলত মুখ্যমন্ত্ৰীৰ কথা শুনি থাকে ৷ কিশোৰটিয়ে মুখ্যমন্ত্ৰীক মামা বুলি সম্বোধন কৰি কৈছে- মামা, মই আগতে স্কুলত গৈছিলোঁ, খোজ কাঢ়িছিলো, দৌৰি দৌৰি খেলিবলৈ গৈছিলোঁ কিন্তু এতিয়া মই হুইল চিয়াত বহি থাকোঁ ৷ মোক চিকিৎসা কৰি ভাল কৰি দিয়ক ৷’’

উল্লেখ্য যে, ৮ বছৰ বয়সলৈকে সৰভোগৰ এই কিশোৰটি কিশোৰ সম্পূৰ্ণৰূপে সুস্থ আছিল । সমনীয়াৰ সৈতে খেলা-ধূলা কৰি সময় অতিবাহিত কৰি পখিলা খেদাৰ বয়সতে কিশোৰটিয়ে নিজ ঘৰতেই হুইল চিয়াত বহি সময় অতিবাহিত কৰিবলগীয়া হৈছে ৷

ইফালে দুৰ্ভগীয়া কিশোৰটিৰ পিতৃ ৰবেন দাসে কিশোৰটিৰ চিকিৎসাৰ বাবে প্ৰথমতে সৰভোগৰ ভুলুকাদোৱাৰ চিকিৎসালয়লৈ লৈ গৈছিল যদিও চিকিৎসকে বৰপেটা মেডিকেল কলেজ হাস্পতালতলৈ যাবলৈ পৰামৰ্শ দিছিল ৷ সেইমৰ্মে পিতৃয়ে বৰপেটা মেডিকেল কলেজলৈ নি ভৰ্তি কৰাইছিল ৷

কিন্তু বৰপেটা মেডিকেল কলেজৰ চিকিৎসকে কিশোৰটিক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷ জিএমচিএইচটো চিকিৎসাৰ বাবদ ইটো-সিটো পৰীক্ষাৰ নামত পৰিয়ালটোৱে বহু টকা খচৰ কৰিও কোনো সুফল নাপালে । আৰ্থিক দিশত জুৰুলা হৈ পৰা কিশোৰটিৰ পিতৃ-মাতৃয়ে সম্প্ৰতি টকাৰ অভাৱত নিজৰ সন্তানক চিকিৎসা কৰিব পৰা নাই । সেয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ পৰিয়ালটোৱে কাতৰ অনুৰোধ জনাইছে যাতে কিশোৰটিৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰে ৷

তাৰোপৰি কোনো সদাশয় লোকে যদি কিশোৰটিৰ চিকিৎসাৰ বাবে সহায় কৰিব বিচাৰে তেন্তে পিতৃ ৰবেন দাসৰ ভাৰতীয় ষ্টেট বেংকৰ DAKSHIN GANAKGARI BRANCH, IFSC CODE- SBIN0009578 A/C No. 31779731503 একাউণ্টত আৰ্থিকভাৱে সহায় কৰিবলৈ অনুৰোধ জনাইছে । কিশোৰটিৰ পিতৃ ৰবেন দাসৰ সৈতে 98642 20451 এই নম্বৰত পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছে কিশোৰটিৰ পিতৃ ৰবেন দাসে ৷

লগতে পঢ়ক:Minor Suffering From Cancer: পখিলা খেদাৰ বয়সতেই কৰ্কট ৰোগত আক্ৰান্ত যোৰহাটৰ এটি শিশু; সহায়ৰ আহ্বান

ABOUT THE AUTHOR

...view details