ETV Bharat / state

Minor Suffering From Cancer: পখিলা খেদাৰ বয়সতেই কৰ্কট ৰোগত আক্ৰান্ত যোৰহাটৰ এটি শিশু; সহায়ৰ আহ্বান

author img

By

Published : Jul 8, 2023, 8:58 PM IST

পখিলা খেদাৰ বয়সতে এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত যোৰহাটৰ এটি কণমানি ৷ অতি দৰিদ্ৰ পৰিয়ালটোৰ এই কণমানিটিৰ চিকিৎসাৰ বাবে এতিয়া প্ৰয়োজন বহু অৰ্থৰ ৷ কণমানিটিৰ চিকিৎসাৰ ক্ষেত্ৰত অকণমান সহায় কৰিবলৈ আহ্বান জনাইছে অসহায়-পিতৃ-মাতৃয়ে ৷

Minor Cancer Patient of Jorhat Needs Help
দুৰাৰোগ্য ৰোগত আক্ৰান্ত কণমানিক সয়ায়ৰ আহ্বান

দুৰাৰোগ্য ৰোগত আক্ৰান্ত যোৰহাটৰ এটি কণমানি

যোৰহাট, 8 জুলাই: যোৰহাট জিলাৰ ঘৰফলিয়া গাঁৱৰ এটা দৰিদ্ৰ পৰিয়াললৈ নামি আহিছে কাল অমানিশা ৷ পখিলা খেদাৰ বয়সতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ দুৰ্ভোগ ভুগি আছে পৰিয়ালটিৰ কণমানি পুত্ৰ সন্তানটিয়ে ৷ ঘৰফলিয়া গাঁৱৰ নিবাসী পবিত্ৰ মুদৈ আৰু অঞ্জলি মুদৈৰ 7 বছৰীয়া পুত্ৰ অংকুৰ মুদৈ বিগত 2 টা বছৰ ধৰি আক্ৰান্ত হৈ আছে কৰ্কট ৰোগত ৷

অতি দৰিদ্ৰ পৰিয়ালটোৰ এই কণমানিটিৰ চিকিৎসাৰ বাবে এতিয়া প্ৰয়োজন বহু অৰ্থৰ ৷ কিন্তু এই দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়ালটোৱে কণমানিটিৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰে পৰা দিক-বিদিক হেৰুৱাই পেলাইছে ৷ সাধ্যনুসাৰে নিজাববীয়াকৈ চিকিৎসা ব্যয় বহন কৰি চিকিৎয়া প্ৰদান কৰি আহিছে কণমানিটোৰ ৷ কিন্তু সেইয়া পৰ্যাপ্ত নহয় ৷ বৰ্তমান কণমানিটোৰ চিকিৎসাৰ বাবে দৰিদ্ৰ পৰিয়ালটোক প্ৰয়োজন বহু অৰ্থৰ ৷

অৱশেষত উপায়ন্তৰ হৈ কণমানিটোৰ পিতৃ-মাতৃয়ে ৰাইজৰ পৰা বিচাৰিছে অকণমান সহায় ৷ আপোনাৰ এই অকণমান সহায়েৰে কণমানিটো সুস্থ হৈ উঠি পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙি উঠিব ৷ আপুনি যদি কণমানিটিক অকণমান সহায়ৰ হাত আগবঢ়াব খুজিছে তেন্তে একাউণ্ট নম্বৰ: 50213482242, IFSC: IDIB000D625 ত আৰ্থিক সাহাৰ্য আগবঢ়াবলৈ পৰিয়ালটোৱে ৰাইজক কাতৰ আহ্বান জনাইছে ৷ লগতে মুখ্যমন্ত্ৰীলৈও কণমানিটিৰ চিকিৎসাৰ ক্ষেত্ৰত অকণমান সহায় কৰিবলৈ আহ্বান জনাইছে অসহায়-পিতৃ-মাতৃয়ে ৷

উল্লেখ্য যে দৰিদ্ৰ পৰিয়ালটোৱে কণমানি পুত্ৰৰ চিকিৎসা কৰি কৰি আৰ্থিক ভাৱে জুৰুলা হৈ পৰিছে ৷ পিতৃয়ে দিন হাজিৰা কৰি দৰিদ্ৰ পৰিয়ালটো পোহপাল দিয়াৰ সমান্তৰালভাবে পুত্ৰৰ চিকিৎসাও কৰিছে ৷ কিন্তু কেতিয়াবা অৰ্থৰ অভাৱত সময়মতে চিকিৎসালয়লৈ নিবলৈ অসমৰ্থ হয় পিতৃ-মাতৃ ৷ সেয়েহে কণমানিটোক নতুন জীৱন দিবলৈ, ব্যয়বহুল চিকিৎসাৰ বাবে ৰাইজৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনাইছে অসহায় পিতৃ-মাতৃয়ে ৷ আপোনাৰ অকণমান সহাঁৰিত নতুন জীৱন লাভ কৰিব ৭ বছৰীয়া এই শিশুটিয়ে ৷


লগতে পঢ়ক: Ghy Water pipe burst: পানীৰ পাইপ দিল্লী, কেৰালাতো ফুটে; মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.