ETV Bharat / state

Ghy Water pipe burst: পানীৰ পাইপ দিল্লী, কেৰালাতো ফুটে; মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

author img

By

Published : Jul 8, 2023, 4:45 PM IST

Ghy Water pipe burst
Ghy Water pipe burst

গুৱাহাটীত পানীৰ পাইপ ফুটা আৰু উন্নয়নৰ নামত গছ কটা সন্দৰ্ভত আত্মপক্ষ সমৰ্থন কৰি মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ পানীৰ পাইপ ফুটা প্ৰসংগত দিল্লী, কেৰালাৰ কথা উল্লেখ মুখ্যমন্ত্ৰীগৰাকীৰ ৷

গুৱাহাটীত পানীৰ পাইপ ফুটা সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে ?

গুৱাহাটী, ৮ জুলাই: পানীৰ পাইপ দিল্লী, কেৰালাতো ফুটে ৷ পানীৰ পাইপ ফুটাটো কোনেও ৰাখিব নোৱাৰে । বিগত ৩ বছৰত কেৰেলাত ২২ হাজাৰ পানীৰ পাইপ ফুটিছে । এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

শনিবাৰে সাংবাদিকে গুৱাহাটী মহানগৰীত সঘনাই পানীৰ পাইপ ফুটি থকা প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সোধা প্ৰশ্নত তেওঁ এইদৰে দায় সৰা মন্তব্য প্ৰদান কৰা পৰিলক্ষিত হয় ৷

তেওঁ কয় যে পানীৰ পাইপ ফুটাটো সমস্যা নহয়, পানীৰ পাইপ ফুটাৰ লগে লগে পানীৰ যোগান ব্যাহত কৰিব লাগে । খাৰঘুলিত পানী পাইপ ফুটিছিল আৰু ৩-৫ মিনিটৰ ভিতৰত পাইপ বন্ধ কৰিব লাগিছিল ৷ কিন্তু বন্ধ কিয় নহ’ল সেইটোহে সমস্যা ৷

তেওঁ আৰু কয়, ‘‘কন্ট্ৰল ৰূমত ২৪ ঘন্টা মানুহ থাকিব লাগিব । পানীৰ পাইপ ফুটাৰ লগে লগে চুইছ বন্ধ কৰিব লাগিব । এই ব্যৱস্থাতো গুৱাহাটীত উন্নত হোৱা নাই । তাত আমি বিফল হৈছোঁ, কিন্তু আমি লাগি আছো ৷’’ এই ব্যৱস্থা উন্নত কৰাৰ বাবে IITক দায়িত্ব দিয়াৰ কথাও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে কিছুদিন পূৰ্বে খাৰঘুলিত পানীৰ পাইপ বিস্ফোৰণ হৈ এগৰাকী মহিলাৰ মৃত্যু হৈছিল ৷ আনহাতে জু ৰ’ড, মালিগাঁৱকে ধৰি কেইবাটাও স্থানত পানীৰ পাইপ ফুটিছিল ৷ লগতে ক্ষতিগ্ৰস্ত হৈছিল কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠান ৷ কিন্তু এনে সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে আত্মপক্ষ সমৰ্থন কৰি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে ৷

আনহাতে মহানগৰীত গছ কটা সম্পৰ্কেও সাংবাদিকে সোধা প্ৰশ্নত তেওঁ কয় যে উন্নয়নৰ নামতহে গছ কটা হৈছে ৷ এজোপা গছ কাটিলে ১০ জোপা গছ ৰুব লাগিব । যেতিয়া ঠিকাদাৰে বিল জমা দিব, তেতিয়া তেওঁলোকে এডাল গছ কটাৰ বিনিময়ত ১০ ডাল ৰোপন কৰা দেখুৱাব লাগিব । আমি ৰে’ল লাইন বনালেও পাহাৰ গছ কাটিব লগীয়া হয়, কিন্তু তাৰ সমান্তৰালভাৱে গছ পুলি ৰোপন কৰিব লাগিব বুলি মুখ্যমন্ত্ৰী শৰ্মাই মন্তব্য কৰে ৷

লগতে পঢ়ক: Assam Flood Report: পুনৰ ভয়ংকৰ হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি; বানৰ কবলত ৰাজ্যৰ 6 খন জিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.