ETV Bharat / state

Assam Flood Report: পুনৰ ভয়ংকৰ হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি; বানৰ কবলত ৰাজ্যৰ 6 খন জিলা

author img

By

Published : Jul 8, 2023, 2:28 PM IST

অসমৰ বান পৰিস্থিতি পুনৰ ভয়ংকৰ হৈ পৰিছে ৷ বানত প্ৰভাৱিত হৈছে 21,723 গৰাকী লোক । বিশেষকৈ ধেমাজি আৰু লখিমপুৰত পুনৰ বান পৰিস্থিতি গুৰুতৰ হৈ পৰিছে । ধেমাজিৰ 33খন গাঁৱৰ প্ৰায় 12 হেজাৰ আৰু লখিমপুৰৰ 36খন গাঁৱৰ প্ৰায় চাৰে সাত হেজাৰ লোক সম্প্রতি বানৰ ফলত প্ৰভাৱিত হৈছে । লখিমপুৰৰ কদমত এটা আশ্রয় শিবিৰত 15জন বন্যার্তই আশ্রয় ল’বলগীয়া হৈছে ।
Assam Flood Report
পুনৰ ভয়ংকৰ হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি

নিউজ ডেস্ক, 8 জুলাই: অসমৰ বান পৰিস্থিতি পুনৰ ভয়ংকৰ হৈ পৰিছে ৷ বৰ্তমান 6 খন জিলা আৰু ৰাজ্যখনৰ এটা মহকুমাত একৈশ হাজাৰৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰতিবেদন অনুসৰি 6 খন জিলা- লখিমপুৰ, ধেমাজি, চৰাইদেউ, যোৰহাট, কৰিমগঞ্জ, কামৰূপ আৰু বিশ্বনাথ মহকুমাৰ মুঠ 21,723 জন লোক আৰু 18 টা ৰাজহ চক্ৰৰ অন্তৰ্গত 121 খন গাঁও বৰ্তমানৰ বানপানীৰ কবলত ৷

অসম, অৰুণাচল প্ৰদেশৰ কিছু অংশত নেৰানেপেৰা বৰষুণৰ পিছত কেইবাখনো নদীৰ পানীৰ স্তৰ বৃদ্ধি পাইছে আৰু দিচাং নদী, নঙলামুৰাঘাট আৰু শিৱসাগৰত দিখৌ নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰতিবেদন অনুসৰি ধেমাজি জিলাত 11,659 জন লোক ক্ষতিগ্ৰস্ত হৈছে আৰু লখিমপুৰ জিলাত 7,516 জন লোক ক্ষতিগ্ৰস্ত হৈছে ৷ বানপানীৰ ফলত বানপীড়িত জিলাসমূহৰ 1479.27 হেক্টৰ শস্যভূমি জলমগ্ন হৈ পৰিছে ৷ ইফালে জলপ্লাৱনৰ ফলত 24,261 টা পোহনীয়া জন্তু ক্ষতিগ্ৰস্ত হৈছে ৷

ইফালে বিগত 24 ঘণ্টাত, বানপানীৰ ফলত বিশ্বনাথ মহকুমাৰ 20 টা পথ, কেইবাটাও কালভাৰ্ট, মীন পালন কৰা পুখুৰী আদি ক্ষতিগ্ৰস্ত হৈছে ৷

বানাক্ৰান্ত 6 খন জিলা আৰু বিশ্বনাথ মহকুমাত বন্যাৰ্তৰ বাবে 10 টা সাহাৰ্য শিবিৰ স্থাপন কৰা হৈছে ৷ বৰ্তমানলৈকে বন্যাৰ্তৰ মাজত 64.91 কুইণ্টল চাউল, 11.90 কুইণ্টল দাইল, 3.45 কুইণ্টল নিমখ আৰু 343.99 লিটাৰ মিঠাতেল বিতৰণ কৰা হৈছে ৷

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জানিবলৈ দিয়া মতে শুকুৰবাৰে বানৰ ফলত কোনো লোকক হতাহত হয় নাই ৷ প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি, বছৰৰ প্ৰথমটো বানত এতিয়ালৈ 7 জন লোকৰ মৃত্যু হৈছে ৷

লগতে পঢ়ক : Embankment of Gai river: গাইনদীৰ মথাউৰি পৰিদৰ্শন পীযুষ হাজৰীকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.