অসম

assam

বৰপেটাত মহিলা সকলৰ বাবে বিশেষ সজাগতা সভা

By

Published : Jan 22, 2021, 10:49 PM IST

বৰপেটা জিলাৰ আইন সেৱা প্ৰাদেশীকৰণে হেল্পলাইন ফাউণ্ডেচনৰ সহযোগত মহিলা সবলীকৰণ, নাৰী নিৰ্যাতন, নাৰী জনিত ঘৰুৱা বিবাদ আদি বিষয়ত এক সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰে ।

বৰপেটাত মহিলা সকলৰ বাবে বিশেষ সজাগতা সভা
বৰপেটাত মহিলা সকলৰ বাবে বিশেষ সজাগতা সভা

বৰপেটা , ২২ জানুৱাৰী :বৰপেটা জিলাৰ আইন সেৱা প্ৰাদেশীকৰণৰ এক আদৰণীয় পদক্ষেপ । শুকুৰবাৰে সংস্থাটোৱে হেল্পলাইন ফাউণ্ডেচনৰ সহযোগত মহিলা সবলীকৰণ, নাৰী নিৰ্যাতন, নাৰী জনিত ঘৰুৱা বিবাদ আদি বিষয়ত এক সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰে । কলগাছিয়াৰ হেল্পলাইন ফাউণ্ডেশ্য়নৰ কাৰ্যালয় প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে জিলা আইন সেৱা প্ৰাদেশীকৰণৰ সম্পাদক শ্বৰিফ উদ্দিন পাঠান আৰু জিলা চাইল্ড লাইনৰ সঞ্চালক আব্দুল মালেক আহমেদ । অনুষ্ঠানত হেল্পলাইন ফাউণ্ডেশ্য়নৰ সভাপতি শ্বাফিউল হাছানসহ কেইবাগৰাকী বিশিষ্ট ব্য়ক্তি উপস্থিত থাকে ।

ইফালে মহিলাসকলৰ বাবে আয়োজন কৰা এই সজাগতা কাৰ্যসূচী অঞ্চলটোৰ শতাধিক মহিলাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :লাঠিৰে কোবাই কোবাই হত্যা শুকুৰ আলীক

ABOUT THE AUTHOR

...view details