বাক্সা,২২ ছেপ্টেম্বৰ :শেহতীয়াকৈজনক কুমাৰ ব্ৰহ্ম আৰু জংছাৰ মুচাহাৰী নামৰ দুই যুৱকৰ মৃত্যুৱে উত্তাল কৰি ৰাখিছে কোকৰাঝাৰ জিলা । কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচাৰৰ নেতৃত্বত দুয়োগৰাকী যুৱকক ইউ এল বিৰ (ULB) সদস্য সজাই গুলিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । ১৭ ছেপ্টেম্বৰৰ এই ঘটনাৰ পাছতে আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল-সংগঠনে ।
সমগ্ৰ বিটিআৰ (BTR) অঞ্চলত ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে । বুধবাৰেও হত্যাকাণ্ডৰ ন্যায় বিচাৰি নিখিল বড়ো ছাত্ৰ সন্থাই জিলা সদৰ মুছলপুৰত গ্ৰহণ কৰে এক প্ৰতিবাদী কাৰ্যসূচীৰ ৷ প্ৰতিবাদকাৰীৰ অভিযোগ দুই নিৰীহ যুৱকক হত্যা কৰা হৈছে । এটা অখ্যাত সংগঠনে বিটিআৰ বন্ধ ঘোষণা কৰাৰ পাছত নিৰীহ যুৱক দুজনৰ হত্যাৰ ন্যায়িক তদন্ত বিচাৰি এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷