ETV Bharat / state

ৰাজ্য চৰকাৰৰ দমন নীতিৰ বিৰোধিতাৰে AJYCP ৰ প্ৰতিবাদ

author img

By

Published : Sep 22, 2021, 11:37 AM IST

ৰাজ্য চৰকাৰৰ দমন নীতিৰ বিৰুদ্ধে প্ৰতিবাদত নামিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সদস্যসকল । প্ৰতিবাদী কাৰ্যসূচী হিচাপে বৰভাগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে সংগঠনটোৰ জিলা সমিতিৰ কৰ্মকৰ্তাসকলে ।

AJYCP Burns effigy of CM Himanta Biswa Sarma at Nalbari
নলবাৰীত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ AJYCPৰ

নলবাৰী, ২২ ছেপ্টেম্বৰ : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নেতা-কৰ্মীক লখিমপুৰৰ গোগামুখৰ প্ৰতিবাদস্থলীৰ পৰা আৰক্ষীয়ে আটক কৰাৰ পিছতে ৰাজ্যৰ ভিন্ন প্ৰান্তত সংগঠনটোৰ সদস্যসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে । মঙলবাৰে সন্ধিয়া নলবাৰীতো সংগঠনটোৰ জিলা সমিতিৰ নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ।

নলবাৰীৰ বৰভাগত সংগঠনটোৰ কৰ্মকৰ্তাসকলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে । লগতে আৰক্ষীয়ে আটক কৰা কেন্দ্ৰীয় সমিতিৰ নেতা-কৰ্মীসকলক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবী জনায় । সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতাৰে মঙলবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে গোগামুখত সৰ্বাত্মক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল ।

AJYCP Burns effigy of CM Himanta Biswa Sarma at Nalbari
নলবাৰীত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ AJYCPৰ

সেই সময়তে প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হৈ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণাপ্ৰতাপ বৰুৱা, সাধাৰণ সম্পাদক পলাশ চাংমাইসহ কেইবাগৰাকীও নেতা-কৰ্মীক আটক কৰে । আৰক্ষীৰ এই দমন নীতিৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে সংগঠনটো । সেয়ে মঙলবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত জিলা আৰু আঞ্চলিক সমিতিসমূহে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

নলবাৰীত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি বিশ্বজিত বৰুৱা, নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক কৌশিক বৰ্মনৰ নেতৃত্বত প্ৰায় অৰ্ধ শতাধিক কাৰ্মকৰ্তাই মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বক আৰক্ষীয়ে শীঘ্ৰে মুকলি কৰি নিদিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলি সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ সভাপতি পাৰ্থপ্ৰতীম শৰ্মাই হুংকাৰ দিয়ে ।

লগতে পঢ়ক: অশ্লীল মন্তব্য কৰি শিক্ষানুষ্ঠানৰ পৰা বহিষ্কাৰ হ’ল বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.