অসম

assam

North East Player win gold at CWG 2022 : মীৰাবাঈৰ পাছত উত্তৰ পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়ালে জেৰেমি লালৰিনুঙ্গাই

By

Published : Jul 31, 2022, 5:18 PM IST

উত্তৰ-পূৱৰ বাবে গৌৰৱৰ খবৰ । চলিত কমনৱেলথ গেমছত মণিপুৰৰ মীৰাবাঈ চানুৰ পাছত এইবাৰ ভাৰতৰ বাবে দ্বিতীয়টো সোণৰ পদক অৰ্জন কৰিলে ভাৰোত্তোলক জেৰেমি লালৰিনুঙ্গাই (Mizoram Player Jeremy Lalrinnunga win gold at CWG 2022)। কমনৱেলথ গেমছৰ পদৰ তালিকাত ভাৰত মুঠ ৫ টা পদকৰ সৈতে ষষ্ঠ স্থানত আছে ।

North East Player win gold at CWG 2022
মীৰাবাঈৰ পাছত উত্তৰ পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়ালে জেৰেমি লালৰিনুঙ্গাই

স্পৰ্টছ ডেস্ক,৩১ জুলাই :ক্ৰীড়া ক্ষেত্ৰত উত্তৰ-পূৱৰ খেলুৱৈৰ দপদপনি অব্যাহত আছে । অলিম্পিকৰ পাছত এইবাৰ কমনৱেলথ গেমছটো উত্তৰ-পূৱৰ খেলুৱৈৰ জয়যাত্ৰা (Two North East Player win gold at CWG 2022)। প্ৰতিযোগিতাত ৪৯ কেজি ভাৰোত্তোলনত মণিপুৰৰ মীৰাবাঈ চানুৱে সোণৰ পদক লাভ কৰাৰ (Mirabai Chanu clinches gold medal in CWG 2022) পাছতে এইবাৰ ভাৰতৰ বাবে দ্বিতীয়টো সোণৰ পদক আজুৰি আনিলে মিজোৰামৰ খেলুৱৈয়ে ।

ভাৰোত্তোলক জেৰেমি লালৰিনুঙ্গাই পুৰুষৰ ৬৭ কিলোগ্ৰাম ভাৰোত্তোলনত ভাৰতৰ হৈ দ্বিতীয়টো স্বৰ্ণ জয় কৰি ভাৰতৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বাবেও সুনাম কঢ়িয়াই আনিলে (Mizoram Player Jeremy Lalrinnunga win gold at CWG 2022)। কেৱল এয়াই নহয় লালৰিনুঙ্গাই ৩০০ কিলোগ্ৰাম সংযুক্ত লিফ্টৰ এটা নতুন ৰেকৰ্ড স্থাপন কৰিবলৈও সক্ষম হয় (Jeremy Lalrinnunga created history in CWG 2022)। তেওঁ ক্লিন এণ্ড জাৰ্ক শাখাত মুঠ ১৬০ কিলোগ্ৰাম উত্তোলন কৰি মুঠ ৩০০ কিলোগ্ৰামৰ সৈতে শেষ কৰে । ইফালে ১৬৫ কিলোগ্ৰামৰ অন্তিম প্ৰচেষ্টাৰ শেষত খেলুৱৈগৰাকীক সামান্য আঘাতপ্ৰাপ্ত হোৱা দেখা গৈছিল ।

যাৰ বাবে তেওঁ ১৬৫ কিলোগ্ৰামৰ উত্তোলনত ব্যৰ্থ হৈছিল । কিন্তু নিৰন্তৰ প্ৰচেষ্টা আৰু প্ৰশিক্ষক লগতে দৰ্শকৰ উৎসাহৰ ফলত জেৰেমিয়ে আজুৰি আনিলে সোণৰ পদক । লগে লগে পডিয়ামত পুনৰ বাজি উঠিল ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত । মিজোৰামৰ আইজলৰ ১৯ বছৰীয়া জেৰেমিয়ে ২০১৮ চনৰ যুৱ অলিম্পিক গেমছত ৬২ কিলোগ্ৰাম ইভেণ্টত স্বৰ্ণ জয় কৰিছিল আৰু যোৱা বছৰ কমনৱেলথ চেম্পিয়নশ্বিপত ৬৭ কিলোগ্ৰাম শাখাত স্বৰ্ণ জয় কৰিছিল ।

ইভেণ্টত চামোৱাৰ অভিজ্ঞ লিফ্টাৰ ভাইপাভা আইয়নে ২৯৩ কিলোগ্ৰামৰ যুটীয়া লিফ্টৰ সৈতে ৰূপৰ পদক লাভ কৰে আনহাতে নাইজেৰিয়াৰ এডিডিয়াং উমোয়াফিয়াই ২৯০ কিলোগ্ৰামৰ সৈতে ব্ৰঞ্জৰ পদক দখল কৰে ।

মীৰাবাঈৰ পাছত জেৰেমিয়ে দেশৰ হৈ সোণৰ পদক অৰ্জন কৰাৰ লগে লগে বিশেষকৈ উত্তৰ-পূৱত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে (North East player at CWG 2022)। একপ্ৰকাৰ উৎসৱমূখৰ পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত । বিভিন্ন সময়ত উত্তৰ-পূৱৰ নাগৰিকক বহি:ৰাজ্যত উপলুঙা কৰা দেখা যায় । কিন্তু দেশৰ স্বাৰ্থত এনেদৰে উত্তৰ-পূৱৰ খেলুৱৈয়ে আগভাগ লোৱাৰ বাবে আজি যেন সেইসকল নাগৰিকেও স্বীকাৰ কৰিছে উত্তৰ-পূৱৰ সামৰ্থৰ কথা ।

কমনৱেলথ গেমছৰ পদৰ তালিকাত ভাৰত মুঠ ৫ টা পদকৰ সৈতে ষষ্ঠ স্থানত আছে । জেৰেমিৰ পূৰ্বে শনিবাৰে মীৰাবাঈ চানুৱে সোণৰ পদক, সংকেত সাৰ্গাৰে ৰূপৰ পদক, বিদ্যৰাণী দেৱীয়ে ৰূপৰ পদক আৰু গুৰুৰাজ পূজাৰীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে । লক্ষণীয়ভাৱে আটাইকেইটা পদকে ভাৰোত্তোলন শাখাৰ । উল্লেখ্য যে ভাৰতে এতিয়ালৈ দুটা সোণৰ পদক লাভ কৰিছে আৰু দুয়োটা সোণৰ পদকে উত্তৰ-পূৱৰ খেলুৱৈয়ে আনিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :CWG 2022 : ভাৰতলৈ প্ৰথমটো সোণৰ পদক আনিলে মীৰাবায়ে

ABOUT THE AUTHOR

...view details