স্পৰ্টছ ডেস্ক, ১২ জানুৱাৰী : নিউজীলেণ্ড আৰু পাকিস্তানৰ মাজৰ চলিত টি-২০ শৃংখলাৰ প্ৰথমখন মেচ শুকুৰবাৰে অকলেণ্ডত অনুষ্ঠিত হয় । মেচখনত নিউজীলেণ্ডে পাকিস্তানক ৪৬ ৰাণত পৰাস্ত কৰে । এই বিজয়ত নিউজীলেণ্ডৰ অভিজ্ঞ ফাষ্ট বলাৰ টিম ছাউডীয়ে বলেৰে এক সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ছাউডীয়ে ৪ অভাৰত ২৫ ৰাণ খৰচ কৰি পাকিস্তানৰ ৪ জন বেটছমেনক পেভিলিয়নৰ পথ দেখুৱায় । ইয়াৰ লগে লগে তেওঁ নিজৰ নামত এক ডাঙৰ অভিলেখো স্থাপন কৰে ।
টিম ছাউডীয়ে আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত তেওঁৰ ১৫০ টা উইকেট সম্পূৰ্ণ কৰে । ইয়াৰ লগতে তেওঁ টি-20 ক্ৰিকেটত বিশ্বৰ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হয় । ছাউডীয়ে ১১৮ খন মেচৰ ১১৫ টা ইনিংছত মুঠ ১৫১ টা উইকেট অৰ্জন কৰে । তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে 18 ৰাণৰ বিনিময়ত 5 টা উইকেট । ইয়াৰ উপৰি তেওঁ 5 টা মেডেন অভাৰো বলিং কৰিছে । আনহাতে, ছাউডীয়ে টি-২০ ক্ৰিকেটত দুবাৰকৈ পাঁচটা উইকেট দখল কৰিছে । উল্লেখ্য যে টি-২০ ক্ৰিকেটত দ্বিতীয় সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হৈছে বাংলাদেশৰ স্পিনাৰ চাকিব আল হাছান । আফগানিস্তানৰ ৰছিদ খান এই তালিকাৰ তৃতীয় স্থানত আছে ।
টি-২০ ক্ৰিকেটত সৰ্বাধিক উইকেট লাভ কৰা ৫ গৰাকী বলাৰ
টিম ছাউডী (নিউজীলেণ্ড) : মেচ 118, উইকেট 151
চাকিব আল হাছান (বাংলাদেশ) : মেচ 117, উইকেট 140