ETV Bharat / sports

শততম টি২০ জয়ৰ অভিলেখ ৰোহিত শৰ্মাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 2:01 PM IST

শততম টি২০ জয়ৰ অভিলেখ ৰোহিত শৰ্মাৰ
শততম টি২০ জয়ৰ অভিলেখ ৰোহিত শৰ্মাৰ

Rohit Sharma T20 Record : মোহালিত আফগানিস্তানৰ বিৰুদ্ধে খেলা মেচখনত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মা শূন্য ৰাণত ৰাণ আউট হয় । কিন্তু আউট হোৱাৰ পাছতো তেওঁৰ নামত এক ডাঙৰ অভিলেখ লিপিবদ্ধ হয় ।

স্পৰ্টছ ডেস্ক, ১২ জানুৱাৰী : প্ৰায় ১৪ মাহৰ বিৰতিৰ মূৰত টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই বৃহস্পতিবাৰে আফগানিস্তানৰ বিৰুদ্ধে আন্তৰাষ্ট্ৰীয় টি-২০ ফৰ্মেটলৈ উভতি আহে । আফগানিস্থানৰ বিৰুদ্ধে চলিত টি-২০ শৃংখলাৰ প্ৰথমখন মেচত মোহালিত ৰোহিত শৰ্মা অৱশ্যে শূন্য ৰাণতে ৰাণ আউট হৈ পেভিলিয়নলৈ উভতি যায় ।

কিন্তু এইটো প্ৰথমবাৰৰ বাবে নহয় যে ৰোহিত শৰ্মা টি-২০ ক্ৰিকেটত শূন্য ৰাণত পেভিলিয়নলৈ উভতিবলগা হৈছে । ইয়াৰ পূৰ্বে ৰোহিত শূন্য ৰাণত আৰু ৫ বাৰ আউট হৈছিল । এতিয়ালৈকে তেওঁ আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত মুঠ ৬ বাৰ শূন্য ৰাণত উইকেট হেৰুৱাইছে । ইয়াৰ পাছতো অৱশ্যে ভাৰতে আফগানিস্তানক ৬ উইকেটত পৰাস্ত কৰে ।

আনহাতে, ৰোহিত শৰ্মা এই মেচখনত শূন্যত আউট হ'লেও কিন্তু তেওঁৰ নামত এটা ডাঙৰ অভিলেখ গঢ়িছে । ৰোহিত বৰ্তমান ১০০ খন আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেট মেচত জয়লাভ কৰা বিশ্বৰ প্ৰথমজন খেলুৱৈ হৈ পৰিছে । আফগানিস্তানৰ বিৰুদ্ধে জয়ৰ সৈতে ১০০ খন টি-২০ মেচত তেওঁ জয়লাভ কৰিছে । এই মেচখনৰ পূৰ্বে তেওঁ 99 খন টি-20 মেচত জয়লাভ কৰিছিল । বিশ্বৰ আন কোনো খেলুৱৈয়ে এই কৃতিত্ব অৰ্জন কৰা নাই ।

ইয়াৰ উপৰি ৰোহিতে টেষ্ট আৰু এদিনীয়াতো ১০০ টা জয় অৰ্জন কৰা খেলুৱৈ হৈ পৰিছে । আনহাতে, অধিনায়ক হিচাপে তেওঁ টি-20 ক্ৰিকেটত 52 খন মেচৰ ভিতৰত 40 খনত জয়লাভ কৰিছে ।

উল্লেখ্য যে বৃহস্পতিবাৰৰ মেচখনত প্ৰথমে বেটিং কৰি আফগানিস্তানে ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ১৫৮ ৰাণ সংগ্ৰহ কৰে । ভাৰতীয় দলটোৱে ১৫ টা বল বাকী থকা অৱস্থাত ৪ টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় । মেচখনত শিৱম ডুবেয়ে ভাৰতৰ হৈ অপৰাজিত অৰ্ধশতক অৰ্জন কৰে । তেওঁ ৬০ ৰাণ সংগ্ৰহ কৰে ।

লগতে পঢ়ক :প্ৰথমখন T-20 ত আফগানিস্তানৰ বিৰুদ্ধে 6 উইকেটত জয়লাভ মেন ইন ব্লুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.