ETV Bharat / sports

প্ৰথমখন T-20 ত আফগানিস্তানৰ বিৰুদ্ধে 6 উইকেটত জয়লাভ মেন ইন ব্লুৰ

author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 10:48 PM IST

India vs Afghanistan
আফগানিস্তানৰ বিৰুদ্ধে 6 উইকেটত জয়লাভ ভাৰতৰ

India vs Afghanistan : আফগানিস্তানৰ বিৰুদ্ধে T-20 শৃংখলাৰ প্ৰথমখন মেচত জয়লাভ কৰিছে ভাৰতীয় দলটোৱে ৷ 6 উইকেটত জয়লাভ কৰে দলটোৱে ৷

স্পৰ্টছ ডেস্ক, 11 জানুৱাৰী : আফগানিস্তানৰ বিৰুদ্ধে তিনিখনীয়া মেচৰ T-20 শৃংখলাৰ প্ৰথমখন মেচত বিজয় সাব্যস্ত কৰিছে ভাৰতীয় দলটোৱে ৷ মোহালীৰ পাঞ্জাৱ ক্ৰিকেট এছচিয়েশ্যন আই এছ বিন্দ্ৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথমখন মেচত ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতে আফগানিস্তানক 6 উইকেটত পৰাস্ত কৰে ৷

159 ৰাণৰ লক্ষ্য আগত লৈ ভাৰতে শিৱম ডুবেৰ অৰ্ধ শতকৰ সহায়ত 17.3 অভাৰত 4 টা উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে ৷ শিৱম ডুবেই 40 টা বলত 60 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ ৰিংকু সিঙে 9 টা বলত 16 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ তিলক বাৰ্মাই 26 ৰাণৰ বৰঙণি আগবঢ়োৱাৰ বিপৰীতে উইকেট কীপাৰ বেটছমেন জীতেশ শৰ্মাই 31 ৰাণ আৰু শুভমন গীলে সংগ্ৰহ কৰে 23 ৰাণ ৷ আনহাতে অধিনায়ক ৰোহিত শৰ্মাই কোনো ৰাণ নকৰাকৈ পেভিলিয়নমুখী হয় ৷

আফগানিস্তানৰ হৈ মুজিব উৰ ৰহমানে 2 টা উইকেট দখল কৰাৰ বিপৰীতে আজমাতুল্লাহ ওমৰাজাই দখল কৰে 1টা উইকেট ৷ আজমাতুল্লাহ ওমৰাজাই 29 আৰু ইব্ৰাহিম জাদ্ৰানে সংগ্ৰহ কৰে 25 ৰাণ ৷ ভাৰতৰ হৈ মুকেশ কুমাৰ আৰু অক্ষৰ পেটেলে 2টাকৈ উইকেট দখল কৰাৰ বিপৰীতে শিৱম ডুবেই দখল কৰে 1 টা উইকেট ৷

টছত জিকি প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লয় ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি আফগানিস্তানে নিৰ্ধাৰিত 20 অভাৰত 5 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 158 ৰাণ ৷ দলৰ হৈ মহম্মদ নবীয়ে সাৰ্বাধিক 42 ৰাণ সংগ্ৰহ কৰে ৷

উল্লেখ্য য়ে, দীৰ্ঘ সময় T-20ৰ পৰা আতঁৰি থকা অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলী এই শৃংখলাৰ জৰিয়তে পুনৰ T-20 লৈ ঘূৰি আহিছে ৷ অৱশ্যে ব্যক্তিগত কাৰণত আজিৰ প্ৰথমখন মেচত ভাগ লোৱাৰ পৰা বিৰত থাকে তাৰকা বেটছমেন বিৰাট কোহলী ৷ শৃংখলাৰ পিছৰ দুয়োখন মেচতে অংশ ল’ব খেলুৱৈগৰাকীয়ে ৷

ভাৰতীয় দল- ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল, তিলক বাৰ্মা, শিৱম ডুবে, জিতেশ শৰ্মা (উইকেট কীপাৰ), ৰিংকু সিং, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণয়, অৰ্শদীপ সিং, মুকেশ কুমাৰ ৷

আফগানিস্তানৰ দল- ৰহমানুল্লাহ গুৰবাজ (উইকেট কীপাৰ), ইব্ৰাহিম জাদ্ৰান (অধিনায়ক), ৰহমত শ্বাহ, আজমাতুল্লাহ ওমৰাজা, নাজিবুল্লাহ জাদ্ৰান, মহম্মদ নবী, গুলবাদিন নাইব, কৰিম জনত, ফজলহাক ফাৰুকী, নবীন-উল-হক, মুজিব উৰ ৰহমান ৷

লগতে পঢ়ক : কি কাৰণত আফগানিস্তানৰ বিৰুদ্ধে প্ৰথমখন টি-২০ মেচ নেখেলে বিৰাটে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.