অসম

assam

অসমৰ পৰম্পৰাগত সাজত বলীউড অভিনেত্ৰী চিত্ৰাংগদা সিং

By

Published : Aug 7, 2021, 5:40 PM IST

ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত নিজকে অসমীয়া পৰম্পৰাগত সাজ চাদৰ-মেখেলাৰে সজালে বলীউডৰ মোহময়ী অভিনেত্ৰী চিত্ৰাংগদা সিং(CHITRANGDA SINGH) । ডিজাইনাৰ সংযুক্তা দত্ত(SANJUKTA DUTTA)ই ডিজাইন কৰা পাৰ্ল হোৱাইট ৰঙৰ চাদৰ-মেখেলা পৰিধান কৰিছে অভিনেত্ৰীগৰাকীয়ে ।

CHITRANGDA SINGH DONS MEKHELA CHADAR ON NATIONAL HANDLOOM DAY
অসমৰ পৰম্পৰাগত সাজত বলীউড অভিনেত্ৰী চিত্ৰাংগদা সিং

চিটাৰা ডেস্ক, ৭ আগষ্ট: বলীউড অভিনেত্ৰী প্ৰীতি জিণ্টা, লাৰা দত্ত, বিপাশা বসুৰ পিছত এইবাৰ চিত্ৰাংগদা সিঙৰ (Chitrangada Sing) সৌন্দৰ্য দুগুণে বৃদ্ধি কৰিলে অসমৰ শিপিনীয়ে বোৱা চাদৰ-মেখেলাই । ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত অসমৰ বস্ত্ৰ উদ্যোগ তথা এই উদ্যোগটোৰে জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ সন্মান জনালে অভিনেত্ৰীগৰাকীয়ে ।

শনিবাৰে অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰাম পোষ্টযোগে চাদৰ-মেখেলা পৰিহিত তেওঁৰ এখন সুন্দৰ ফটো শ্বেয়াৰ কৰে । পাৰ্ল হোৱাইটৰ ৰঙৰ চাদৰৰ পাৰী আৰু আঁঁচলত ডাঠ গুলপীয়া ৰঙৰ ডিজাইন কৰা আছে । একেদৰে পাৰ্ল হোৱাইটৰ ৰঙৰ মেখেলাত আছে ডাঠ গুলপীয়া ৰঙৰ ডিজাইন । চিত্ৰাংগদাই বগা ৰঙৰ শ্লিভলেছ ব্লাউজৰ সৈতে চাদৰ-মেখেলাযোৰ পিন্ধিছে ।

অসমৰ পৰম্পৰাগত সাজত বলীউড অভিনেত্ৰী চিত্ৰাংগদা সিং

অসমৰ ডিজাইনাৰ সংযুক্তা দত্তই (Sanjukta Dutta) ডিজাইন কৰা এই কাপোৰযোৰ পিন্ধি আনন্দিত বুলিও প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে ।

হস্ততাঁতৰ বিষয়ত চিত্ৰাংগদাই কয় যে, হস্ততাঁত "হাতে বোৱা কাপোৰ সদায় মোৰ প্ৰিয় আৰু মই প্ৰায়েই এনে পোছাক পিন্ধো । অতি সুন্দৰকৈ সংযুক্তাই ডিজাইন কৰা, প্ৰায় ১০০ গৰাকী লোকৰ ২০-২৫ দিনৰ কঠোৰ পৰিশ্ৰমৰ অন্তত প্ৰস্তুত হোৱা এই সাজযোৰ পৰিধান কৰিবলৈ পাই মই আনন্দিত" ।

তেওঁ লগতে উল্লেখ কৰে যে, অসমৰ পৰম্পৰাগত সাজ-পোছাক জনপ্ৰিয় কৰি ৰখাৰ বাবে আৰু অসমৰ ঐতিহ্যৰ সুৰক্ষাৰ বাবে হস্ততাঁত শিল্পৰ জৰিয়তে সংযুক্তা দত্তই কৰা প্ৰয়াসৰ শলাগ ল’বলগীয়া ৷ ইয়াৰ উপৰিও তেওঁ ডিজাইনাৰগৰাকীৰ উজ্জল ভৱিষ্যতৰ বাবে শুভকামনা জ্ঞাপন কৰে ।

উল্লেখ্য যে, ছবিৰ ক্ষেত্ৰত চিত্ৰাংগদাই শেহতীয়াকৈ 'বব বিশ্বাস' নামৰ ছবিখনৰ কাম সমাপ্ত কৰিছে । গুমকেতু, দেছি বইজ, বাজা" আদিকে ধৰি বহু কেইখন হিন্দী ছবিত অভিনয় কৰিছে ছিত্ৰাংগদাই ।

লগতে পঢ়ক:আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ মনোনীত হ’ল ‘God on the Balcony’

ABOUT THE AUTHOR

...view details