ETV Bharat / sitara

KGF Chapter 2 record: কেজিএফ-চেপ্টাৰ 2 য়ে মুক্তিৰ পূৰ্বেই গঢ়িলে এটা ডাঙৰ অভিলেখ

author img

By

Published : Mar 29, 2022, 7:01 PM IST

KGF Chapter 2 record:
মুক্তিৰ পূৰ্বেই গঢ়িলে এই ডাঙৰ অভিলেখ

হিন্দী ছবি জগতৰ কোনো ছবিয়েই আগতে গঢ়িবলৈ সক্ষম হোৱা নাই এই অভিলেখ (KGF Chapter 2 record) ! জানো আহক কি আছে কেজিএফ-চেপ্টাৰ 2 ত যাৰ বাবে এই অভিলেখ গঢ়িবলৈ সক্ষম হ’ল ছবিখনে-

চিটাৰা ডেস্ক, 29 মাৰ্চ: কানাড়া ছবিজগতৰ আটাইতকৈ চৰ্চিত চলচ্চিত্ৰ 'কেজিএফ: চেপ্টাৰ ২'ৰ থিয়েট্ৰিকেল ট্ৰেইলাৰ বৰ্তমান সামাজিক মাধ্যমত ট্ৰেণ্ডিঙত আছে (KGF Chapter 2 trailer)। খবৰ অনুসৰি এই ট্ৰেইলাৰটো দৰ্শকে আটাইতকৈ বেছিকৈ চোৱা ভাৰতীয় ট্ৰেইলাৰ হিচাপে অভিহিত হৈছে ৷ বিগত 24 ঘণ্টাত পাঁচটা ভাষাত 109 নিযুততকৈও অধিক বাৰ দৰ্শকে এই ট্ৰেইলাৰটো চাইছে ৷

ছ'চিয়েল মিডিয়াত এই বাতৰিটো শ্বেয়াৰ কৰি নিৰ্মাতাসকলে গৌৰৱেৰে মুক্তিৰ পূৰ্বেই ছবিখনে গঢ়া নতুন ৰেকৰ্ডটোৰ কথা প্ৰকাশ কৰে (KGF Chapter 2 record)। ছবিখনৰ ট্ৰেইলাৰটো কানাড়া ভাষাত 18 নিযুত লোকে, তেলেগু ভাষাত 20 নিযুত লোকে, হিন্দী ভাষাত 51 নিযুত লোকে, তামিল ভাষাত 12 নিযুত লোকে আৰু মালায়ালম ভাষাত 8 নিযুত লোকে উপভোগ কৰিছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

দৰ্শকসকল বিশেষকৈ প্ৰশান্ত নীলৰ আশ্চৰ্যজনক চিনেমাটোগ্ৰাফী, বিস্ফোৰক একচন আৰু অপ্ৰত্যাশিত পৰিচালনাত আকৰ্ষিত হৈছে ৷ ছবিখনৰ ট্ৰেইলাটোৱে ছবিখনৰ বাবে দৰ্শকক অধিক আগ্ৰহী কৰি তুলিছে ।

কেজিএফ: চেপ্টাৰ ২'ত বলীউডৰ কিংবদন্তী অভিনেতা সঞ্জয় দত্ত আৰু ৰবীনা টেণ্ডনে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । ছবিখনে ১৪ এপ্ৰিলত মুক্তি লাভ কৰিব ৷ কেজিএফ: চেপ্টাৰ 2' কানাড়া, তেলেগু, হিন্দী, তামিল আৰু মালায়ালম এই পাঁচটা ভাষাত মুক্তি দিয়া হ’ব ৷

কেজিএফ: চেপ্টাৰ 2' প্ৰশান্ত নীলৰ চিত্ৰনাট্য আৰু পৰিচালনাত নিৰ্মাণ কৰা হৈছে ৷ আনহাতে ছবিখন বিজয় কিৰাগন্দুৰে হোমবালে ফিল্মছৰ বেনাৰত প্ৰযোজনা কৰিছে । ছবিখন উত্তৰ-ভাৰতত ৰিতেশ চিধৱানী আৰু ফাৰহান আখটাৰৰ এক্সেল এণ্টাৰটেইনমেণ্ট আৰু এএ ফিল্মছৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে ।

লগতে পঢ়ক: RRR worldwide collection: ৫০০ কোটি টকা উপাৰ্জেনেৰে অভিলেখ সৃষ্টি আৰ আৰ আৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.