ETV Bharat / sitara

RRR worldwide collection: ৫০০ কোটি টকা উপাৰ্জেনেৰে অভিলেখ সৃষ্টি আৰ আৰ আৰৰ

author img

By

Published : Mar 29, 2022, 4:31 PM IST

Updated : Mar 29, 2022, 8:14 PM IST

RRR worldwide collection
বিশ্বব্যাপী ৫০০ কোটি টকা অৰ্জেনেৰে অভিলেখ সৃষ্টি আৰ আৰ আৰৰ

এছ এছ ৰাজামৌলীৰ পৰিচালিত 'আৰআৰআৰ' ছবিখনে গঢ়িলে নতুন অভিলেখ ৷ মুক্তিৰ তৃতীয় দিনাই বক্স অফিচত বিশ্বব্যাপী ৫০০ কোটি টকা (RRR worldwide collection) সংগ্ৰহ কৰিলে ছবিখনে ৷

চিটাৰা ডেস্ক, 29 মাৰ্চ : চাৰিওদিশে এতিয়া সকলোৰে মুখত মাথো আৰ আৰ আৰ ৷ চলচ্চিত্ৰ প্ৰেমী ৰাইজে এক দীঘলীয়া সময়ৰ অপেক্ষাৰ অন্তত ৰূপালী পৰ্দাত উপভোগ কৰিছে এই বহু চৰ্চিত ছবিখন ৷ প্ৰতিজন দৰ্শকৰ পৰাই ছবিখনে লাভ কৰিছে সাংঘাতিক প্ৰশংসা (RRR latest updates) ৷

দক্ষিণৰ বিখ্যাত চিত্ৰ নিৰ্মাতা এছ এছ ৰাজামৌলীৰ পৰিচালিত 'আৰআৰআৰ' ছবিখনে মুক্তিৰ তৃতীয় দিনাই গঢ়িলে এক অভিলেখ (RRR worldwide collection) ৷ বক্স অফিচ কালেক্চনত বিশ্বব্যাপী ৫০০ কোটি টকা সংগ্ৰহ কৰি এই অভিলেখ সৃষ্টি কৰিছে ছবিখনে ৷ পাৱাৰ পেকড্ পাৰফৰমেঞ্চেৰে ভৰপূৰ ছবিখনত অভিনয় কৰিছে ৰাম চৰণ, জুনিয়ৰ এন টি আৰ, আলিয়া ভাট্ট আৰু অজয় দেৱগণে (RRR movie cast) ৷

  • #RRR is setting new BENCHMARKS... ₹ 500 cr [and counting]... WORLDWIDE GBOC *opening weekend* biz... EXTRAORDINARY Monday on the cards... #SSRajamouli brings back glory of INDIAN CINEMA. Note: Non-holiday release. Pandemic era. pic.twitter.com/ztuu4r9eam

    — taran adarsh (@taran_adarsh) March 28, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

চলচ্চিত্ৰ সমালোচক আৰু বাণিজ্য বিশ্লেষক তৰণ আদৰ্শে নিজৰ টুইটাৰ হেণ্ডলত ছবিখনৰ মুঠ বক্স অফিচ সংগ্ৰহৰ হিচাপ শ্বেয়াৰ কৰিছে (RRR box office collection) ৷ ছবিখন সম্পৰ্কত মন্তব্য কৰি তেওঁ কৈছে যে আৰ আৰ আৰে এক নতুন মানদণ্ডৰ ছবি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে ৷ মুক্তিৰ প্ৰথমটো সপ্তাহৰ ভিতৰতে 500 কোটিৰ অভিলেখ নিশ্চয়কৈ শলাগ ল’বলগীয়া ৷

দেওবাৰে তৰণ আদৰ্শে মহামাৰীৰ সময়ৰ শীৰ্ষ পাঁচখন হিন্দী ছবিৰ এখন তালিকা শ্বেয়াৰ কৰিছিল ৷ মুঠ বক্স অফিচ সংগ্ৰহৰ ওপৰত ভিত্তি কৰি এই তালিকা যুগুত কৰিছিল তেওঁ । তালিকাখনত ৩১.৫০ কোটি টকাৰে 'আৰআৰআৰ' শীৰ্ষ স্থানত আছিল ।

মুক্তিৰ দিনাই বিশ্বজুৰি 223 কোটি টকা সংগ্ৰহেৰে ভাৰতৰ সৰ্ববৃহৎ অপেনাৰ বোলছবি হিচাপে পৰিগণিত হৈছে আৰ আৰ আৰ ৷ ছবিখনে 'বাহুবলী 2' ক অতিক্ৰম কৰি এই পৰ্যায়ত উপনীত হয় যিয়ে মুক্তিৰ দিনটোত বিশ্বজুৰি 217 কোটি টকা উপাৰ্জন কৰিছিল (RRR Bahubali2 first day collection)। ভাৰতৰ প্ৰখ্যাত স্বাধীনতা সংগ্ৰামী কোমাৰাম ভীম আৰু আল্লুৰী সীতাৰামা ৰাজুৰ ডেকাকালৰ এক কাল্পনিক কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে আৰ আৰ আৰ চলচ্চিত্ৰখন । চলচ্চিত্ৰখনত সামুতিৰাকানি (Samuthirakani), অলিভিয়া মৰিছ (Olivia Morris), এলিচন ডুডি (Alison Doody) আৰু ৰে’ ষ্টিভেনছনেও (Ray Stevenson) অভিনয় কৰিছে ৷

লগতে পঢ়ক: RRR চাই থাকোতেই হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু যুৱকৰ

Last Updated :Mar 29, 2022, 8:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.