ETV Bharat / sitara

আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ মনোনীত হ’ল ‘God on the Balcony’

author img

By

Published : Aug 6, 2021, 7:21 PM IST

God on the Belcony is nomineted to Indian Film Festival of Melbourne
আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ তিনিটা শাখাত মনোনীত হ’ল ‘God on the Balcony’

পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবি মহোৎসৱলৈ মনোনীত হ’ল এখন অসমীয়া ছবি ৷ 12th Indian Film Festival of Melbourne 2021ৰ তিনিটা শাখাত মনোনীত ‘God on the Balcony’ (বেলকনিত ভগৱান) ছবিখন ৷

নিউজ ডেস্ক, 6 জুলাই : পুনৰ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ মনোনীত হ’ল আন এখন অসমীয়া ছবি ৷ 12th Indian Film Festival of Melbourne 2021লৈ মনোনীত অসমীয়া ছবি ‘God on the Balcony’ (বেলকনিত ভগৱান) ৷ ছবিখনৰ নিৰ্মাতা প্ৰসিদ্ধ ছবি নিৰ্মাতা বিশ্বজিৎ বৰা ৷

ছবি মহোৎসৱখনৰ তিনিটাকৈ শাখাত মনোনীত হৈছে ‘God on the Balcony’ ৷ শ্ৰেষ্ঠ ভাৰতীয় ছবি, শ্ৰেষ্ঠ পৰিচালকৰ বাবে মনোনীত হৈছে বিশ্বজিৎ বৰা আনহাতে শ্ৰেষ্ঠ অভিনেতাৰ বাবে মনোনীত হৈছে হৰিশ খান্না ৷

‘God on the Balcony’ (বেলকনিত ভগৱান) ছবিখনৰ পৰিচালক বিশ্বজিৎ বৰা আৰু প্ৰযোজক নুৰুল চুলতান ৷ ছবিখন অহা 21 আগষ্টত মেলব’ৰ্ণৰ HOYTS Docklands theatreত প্ৰদৰ্শিত হ’ব ৷

ইয়াৰ পূৰ্বে 26th Kolkata International Film Festival 2020 আৰু 19th Dhaka Internation Film Festival 2021লৈ মনোনীত হৈছিল ‘God on the Balcony’ ৷

12th Indian Film Festival of Melbourne 2021লৈ মনোনীত আন কেইখনমান ছবি হ’ল অনুৰাগ বাসু পৰিচালিত ‘Ludo’, অমিত মাছুকাৰ পৰিচালিত তথা বিদ্যা বালান অভিনীত ‘Sherni’, তামিল ছবি নিৰ্মাতা সুধা কোংগাৰা পৰিচালিত ছবি ‘Soorarai Pottru’ ৷

উল্লেখ্য যে, ভিক্টোৰিয়ান চৰকাৰৰ দ্বাৰা পৰিচালিত এই বাৰ্ষিক ছবি মহোৎসৱখনি মোলব’ৰ্ণ আৰু অষ্ট্ৰেলিয়াত অনুষ্ঠিত হয় ৷ এই ছবি মহোৎসৱত ভাৰতৰ লগতে ইয়াৰ উপ মহাদ্বীপসমূহৰ পৰা শ্ৰেষ্ঠ ছবিসমূহ বাছনি কৰা হয় ৷ ক’ভিড মহামাৰীৰ বাবে এইবেলি এই চলচিত্ৰ মহোৎসৱখনি ভৰ্চুৱেলী অনুষ্ঠিত কৰা হৈছে ৷

লগতে পঢ়ক-WOW! ইণ্ডিৰা গান্ধীৰ ৰূপত লাৰা দত্ত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.