অসম

assam

Imran Khan case hearing: আদালতলৈ যোৱাৰ সময়তে ইমৰান খানৰ বাসগৃহত আৰক্ষীৰ অভিযান

By

Published : Mar 18, 2023, 7:41 PM IST

Imran Khan case hearing
ইমৰান খানৰ বাসগৃহত আৰক্ষীৰ অভিযান

শনিবাৰে আদালতত হাজিৰ হ’ল পাকিস্তানৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ইমৰান খান ৷ ‘তোশাখানা গোচৰ’ৰ শুনানিৰ বাবে লাহোৰ উচ্চ ন্যায়ালয়ত হাজিৰ হয় ইমৰান খান (Imran Khan case hearing) ৷ আদালতলৈ যোৱাৰ সময়তে ইমৰান খানৰ বাসগৃহত আৰক্ষীয়ে চলাই অভিযান ৷

নেশ্যনেল ডেস্ক, 18 মাৰ্চ:পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ বাসগৃহত আৰক্ষীৰ অভিযান ৷ ইমাৰন খানে লাহোৰ উচ্চ ন্যায়ালয়ত ‘তোশাখানা গোচৰ’ৰ (Toshakhana Case) শুনানিৰ বাবে হাজিৰ হ’বলৈ যোৱাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই ইমৰান খানৰ জামান পাৰ্কস্থিত বাসগৃহত ৷ এক টুইযোগে খোদ ইমৰানখানে সদৰী কৰিছে এই কথা (Toshakhana Case hearing) ৷

ইমৰান খানে টুইটোত লগতে কয়, ‘‘কি আইনৰ অধীনত আৰক্ষীয়ে মোৰ গৃহত অভিযান চলাইছে ৷ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ ওপৰত কৰা আক্ৰমণ আছিল ‘লণ্ডন পৰিকল্পনা’ৰ অংশ ৷ যাৰ জৰিয়তে নৱাজ শ্বৰীফক পুনৰ ক্ষমতালৈ অনাৰ পৰিকল্পনা কৰা হৈছিল ৷ ’’

পাকিস্তানৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি, শুনানিৰ বাবে যোৱৰ সময়তে ইমৰান খানৰ এখন নিৰাপত্তাৰক্ষীৰ বাহন দুৰ্ঘটনাত পতিত হয় ৷ অৱশ্যে আদালতে কি শুনানি প্ৰদান কৰিব সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷ উল্লেখ্য যে, আদালতে ইমৰান খানক এসপ্তাহৰ বাবে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বুলি নিৰ্দেশনা জাৰি কৰি থৈছে ৷

আন এক টুইটত ইমৰান খানে কয়, ‘‘এতিয়া এইটো স্পষ্ট হৈ পৰিছে যে, মোৰ সকলো গোচৰত মই জামিন লাভ কৰা স্বত্বেও চৰকাৰে মোক গ্ৰেপ্তাৰ কৰিব বিচাৰিছে ৷ তেওঁলোকৰ অভিসন্ধিৰ কথা জনাৰ পাচতো মই আদালতত হাজিৰ হ’বলৈ গৈছোঁ, কাৰণ মই আইনৰ শাসনত বিশ্বাস কৰোঁ ৷ মোৰ বিৰুদ্ধে থকা সকলো কুঅভিপ্ৰায় সকলোৰে বাবে স্পষ্ট হ'ব লাগে ৷’’

পাকিস্তানৰ পৰৱৰ্তী নিৰ্বাচনৰ প্ৰচাৰ অভিযানত যাতে তেওঁ অংশগ্ৰহণ কৰিব নোৱাৰে তাৰবাবে তেওঁক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে বুলি অভিযোগ উত্থাপন কৰে ইমৰান খানে ৷ ইফালে, আদালতলৈ যোৱাৰ সময়ত ইমৰান খানৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ গঢ়ি তোলা হয় কটকটীয়া নিৰাপত্তা ব্যৱস্থা (Lahore High Court) ৷

উল্লেখ কৰা প্ৰয়োজন যে, বিগত সপ্তাহত ইছলামাবাদক এখন সত্ৰ আদালতে এগৰাকী মহিলা ন্যায়াধীশক ভাবুকি দিয়াৰ বাবে ইমৰান খানৰ বিৰুদ্ধে জাৰি কৰিছিল জামিন বিহীন গ্ৰেপ্তাৰী পৰোৱানা (Arrest warrant to Imran Khan) ৷ সেয়া যি কি নহওক, ইমৰান খান গ্ৰেপ্তাৰ হ’ব নে নহয় সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হ’ব ৷

লগতে পঢ়ক:Encounter in Pulwama: জম্মু-কাশ্মীৰৰ পুলৱামাত এনকাউণ্টাৰৰ ঘটনা, এজন সন্ত্ৰাসবাদী নিহত

ABOUT THE AUTHOR

...view details