Encounter in Pulwama: জম্মু-কাশ্মীৰৰ পুলৱামাত এনকাউণ্টাৰৰ ঘটনা, এজন সন্ত্ৰাসবাদী নিহত

author img

By

Published : Mar 18, 2023, 9:09 AM IST

Updated : Mar 18, 2023, 9:36 AM IST

Encounter in Pulwama

শনিবাৰে পুঁৱতি নিশা দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ মিত্ৰগাম গাঁৱত, উগ্ৰপন্থী আৰু সামৰিক বাহিনীৰ এটা যৌথ অভিযানকাৰী দলৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় (Encounter breaks out in Pulwama) ৷ সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত ৷

নিউজ ডেস্ক, 18 মাৰ্চ: শনিবাৰে পুঁৱতি নিশা দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ মিত্ৰগাম গাঁৱত, উগ্ৰপন্থী আৰু সামৰিক বাহিনীৰ এটা যৌথ দলৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় (Encounter in Pulwama) ৷ সূত্ৰ অনুসৰি এই অভিযানত ভাৰতীয় সেনা, চি আৰ পি এফ আৰু কাশ্মীৰ মণ্ডল আৰক্ষীৰ এটা যৌথ দলে চলাইছিল অভিযান ।

অঞ্চলটোত উগ্ৰপন্থীৰ উপস্থিতিৰ বিষয়ে বিশেষ সূত্ৰে তথ্য লাভ কৰাৰ পিছত মিত্ৰগাম গাঁৱত সামৰিক বাহিনীৰ দলটোৱে ঘেৰাও আৰু আৰু তালাচী অভিযান আৰম্ভ কৰে । কাশ্মীৰ মণ্ডল আৰক্ষী, সেনা আৰু চি আৰ পি এফৰ যৌথ দলটোৱে যেতিয়া সন্দেহজনক লোক থকা স্থানৰ কাষ চাপিছিল তেতিয়াই অভিযানকাৰী দলটোলৈ লক্ষ্য কৰি উগ্ৰপন্থীয়ে গুলীচালনা কৰাত প্ৰত্যুত্তৰত সেনাৰ দলটোৱেও গুলীচালনা আৰম্ভ কৰে (Army militants clash in Pulwama Kashmir)।

কাশ্মীৰ আৰক্ষীয়ে এটা টুইটত উল্লেখ কৰা অনুসৰি, উগ্ৰপন্থী আৰু সামৰিক বাহিনীৰ মাজত সংঘৰ্ষ বৰ্তমানেও অভিযান অব্যাহত আছে । পুলৱামাৰ মিত্ৰগাম অঞ্চলত চলিছে এনকাউন্টাৰ । আৰক্ষী আৰু সুৰক্ষা বাহিনীৰ দল অভিযানটোৰ লগত জড়িত হৈ আছে'। অধিক বিৱৰণ পৰৱৰ্তী সময়ত দিয়া হ'ব ৷' বিশেষ কোনো ধৰণৰ তথ্য নিদিয়াকৈ এই টুইট কৰা হৈছিল আৰক্ষীৰ তৰফৰ পৰা ৷

ইয়াৰ পূৰ্বে ২৮ ফেব্ৰুৱাৰীত পুলৱামাত এজন কাশ্মীৰী পণ্ডিতক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল ৷ ইয়াৰ কিছুদিন পিছতে জিলাখনৰ আৱন্তিপোৰা অঞ্চলত পুৱাৰ ভাগত নিৰাপত্তা বাহিনীয়ে এই হত্যাকাণ্ডৰ লগত জড়িত এজন সন্ত্ৰাসবাদীক হত্যা কৰে (Armed force killed terrorist in kashmir)।

"পুলৱামা জিলাৰ পদগামপোৰা অৱন্তীপোৰাত এনকাউণ্টাৰ আৰম্ভ হৈছে । আৰক্ষী আৰু নিৰাপত্তা বাহিনী উক্ত অঞ্চলত কৰ্তব্যৰত হৈ আছে," কাশ্মীৰ মণ্ডল আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযানৰ বিষয়ে এক তথ্য শ্বেয়াৰ কৰি এনেদৰে উল্লেখ কৰে । জম্মু-কাশ্মীৰ আৰক্ষীয়ে লগতে উল্লেখ কৰে যে, এনকাউণ্টাৰটোত এজন সন্ত্ৰাসবাদী নিহত হৈছে আৰু তেওঁলোকে সন্ত্ৰাসবাদীটোৰ মৃতদেহ উদ্ধাৰৰ বাবে কাম কৰি আছে (Jammu Kashmir Police)।

উল্লেখ্য যে, যোৱা ২৬ ফেব্ৰুৱাৰীত সঞ্জয় শৰ্মা নামৰ আন এজন কাশ্মীৰী পণ্ডিতক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰিছিল। পুলৱামা জিলাৰ স্থানীয় বজাৰলৈ গৈ থকা অৱস্থাত সঞ্জয় শৰ্মাৰ ওপৰত গুলীচালনা কৰিছিল সন্ত্ৰাসবাদীয়ে ৷ গুলীচালনাত আঘাতপ্ৰাপ্ত সঞ্জয় শৰ্মাক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও তোতেই তেঁও মৃত্যুবৰণ কৰে (Terrorist Killed Kashmiri Pandit in Kashmir)।

লগতে পঢ়ক:2023-24 state budget: 2023-24 বৰ্ষৰ ৰাজ্যিক বাজেটক নিৰ্বাচন কেন্দ্ৰীক বাজেট আখ্যা বিৰোধীৰ

Last Updated :Mar 18, 2023, 9:36 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.