ETV Bharat / international

ৰাষ্ট্ৰসংঘৰ গোলকীয় পথ সুৰক্ষা সপ্তাহ: আহক একেলগে আমাৰ কণ্ঠস্বৰ শক্তিশালী কৰো - UN Global Road Safety Week

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 11:34 AM IST

UN on Road Safety : সাধাৰণ লোকৰ মৃত্যু আৰু বিকলাংগতাৰ অন্যতম কাৰক হৈছে পথ দুৰ্ঘটনা ৷ এই কথা আমি কোৱা নাই, বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছে এই কথা ৷ পথ দুৰ্ঘটনাৰ ফলত প্ৰতিবছৰে প্ৰায় 1.3 নিযুত লোক নিহত আৰু প্ৰায় 50 নিযুত লোক আহত হ’বলগীয়া হয় । বিশ্বব্যাপী হোৱা প্ৰতি 4 টাকৈ মৃত্যুৰ মাজত এজন পথচাৰী আৰু চাইকেল আৰোহী থাকে বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে ।

UN GLOBAL ROAD SAFETY WEEK
ৰাষ্ট্ৰসংঘৰ গোলকীয় পথ সুৰক্ষা সপ্তাহ (SOURCE : GETTY IMAGES)

ইণ্টাৰনেশ্যনেল ডেস্ক, 15 মে’: প্ৰতিবছৰে 15 মে’ ৰ পৰা 21 মে’লৈ বিশ্বজুৰি পালন কৰা হয় ৰাষ্ট্ৰসংঘৰ গোলকীয় পথ সুৰক্ষা সপ্তাহ ৷ সমগ্ৰ বিশ্বৰ ব্যক্তি, চৰকাৰ, বেচৰকাৰী সংগঠন, নিগম আৰু অন্যান্য সংগঠনক পথ সুৰক্ষাৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ আৰু পথ দুৰ্ঘটনাত হোৱা মৃত্যুৰ সংখ্যা হ্ৰাস কৰিবলৈ সংস্থাই এই পদক্ষেপ গ্ৰহণ কৰে ৷

এই সপ্তাহটো বেচৰকাৰী সংগঠন, অন্যান্য সমাজ সংগঠন আৰু ব্যক্তিসকলৰ বাবে এক বিশ্বব্যাপী প্ৰচাৰৰ বেনাৰত একত্ৰিত হোৱাৰ এক মূল্যৱান সুযোগ ৷ যিয়ে তেওঁলোকক তেওঁলোকৰ প্ৰচাৰৰ বাবে এক বিশ্বব্যাপী পৰিচয় প্ৰদান কৰে ৷ এয়া হৈছে সকলোৰে এক শক্তিশালী কণ্ঠস্বৰ ৷

সুৰক্ষিত পথ থকা শীৰ্ষ দেশসমূহ:

নেডাৰলেণ্ড: পৃথিৱীৰ আটাইতকৈ সুৰক্ষিত পথবোৰ নেডাৰলেণ্ডত দেখা পোৱা যায় । দেশখনত সৰ্বাধিক লোকে পৰিধান কৰে চিটবেল্ট ৷ তদুপৰি যান-বাহনৰ পৰিসংখ্যাৰ স্তৰ দেশখনত সৰ্বনিম্ন ৷ নেডাৰলেণ্ড হৈছে বিশ্বৰ সৰ্বাধিক চাইকেল আৰোহী থকা দেশ ৷ যাৰ বাবে পথসমূহত যান-বাহনৰ সংখ্যা একেবাৰ নগণ্য ৷ ইয়াৰ বিপৰীতে প্ৰায় প্ৰতিগৰাকী নাগৰিকৰে আছে একোখনকৈ চাইকেল ৷

নৰৱে’: নৰৱে’ত প্ৰতি 1,00,000 লোকৰ বিপৰীতে আটাইতকৈ কম লোকৰ মৃত্যু ঘটে পথ দুৰ্ঘটনাত ৷ দেশখনত সৰ্বাধিক 110 কিল’মিটাৰ বেগত চলাব পাৰে বাহনসমূহ ৷ যি বিশ্বৰ ভিতৰতে বাহনৰ গতিৰ ক্ষেত্ৰত দ্বিতীয় সৰ্বনিম্ন সীমা ৷

বিশেষকৈ দেশখনৰ উত্তৰৰ পথবোৰত বৰফে বিপৰ্যয়মূলক পৰিস্থিতি সৃষ্টি কৰাৰ প্ৰতি লক্ষ্য ৰাখি দেশখনে পথৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰে এই ব্যৱস্থা ৷

ছুইডেন আৰু এষ্ট’নিয়া: এই দুয়োখন দেশে সুৰক্ষাৰ বিভিন্ন দিশত উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি আহিছে । ছুইডেনত খুব কমসংখ্য়ক লোকৰহে পথ দুৰ্ঘটনাত মৃত্যু হৈছে ৷ ইয়াতো প্ৰায় সকলো চালকেই পৰিধান কৰে চিটবেল্ট ৷

আনহাতে, এষ্ট’নিয়াত যান-বাহনৰ সংখ্যা কম হোৱাৰ হেতুকে সুৰাপান কৰি বাহন চলোৱাৰ ফলত সংঘটিত পথ দুৰ্ঘটনাত পতিত লোকৰ মৃত্যুৰ সংখ্যাও তেনেই তাকৰ ৷

জাপান: জাপানৰ পথবোৰো আটাইতকৈ সুৰক্ষিত ৷ 98% লোকে চিটবেল্ট পিন্ধি সুৰক্ষাক প্ৰথম স্থান দিয়াৰ বাবেহে জাপানৰ দৰে দেশৰ ক্ষেত্ৰত এয়া সম্ভৱ হৈছে ৷ দেশখনত প্ৰতি 1,00,000 লোকৰ মাজত মাত্ৰ 4.1 শতাংশহে আছিল পথ দুৰ্ঘটনাত পতিত লোকৰ মৃত্যুৰ সংখ্যা ৷

টকিঅ’ৰ দৰে ব্যস্ত মহানগৰসমূহত জনসংখ্যাও অধিক ৷ পিছে ইয়াত বাস কৰা লোকসকলে ব্যক্তিগত বাহনৰ সলনি ৰাজহুৱা পৰিবহণ ব্যৱস্থাকহে প্ৰথম অগ্ৰাধিকাৰ দিয়ে ৷

ভাৰতত পথ দুৰ্ঘটনা পৰিসংখ্যা আৰু প্ৰতিৰোধ :

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে 'ভাৰতত পথ দুৰ্ঘটনা-2022' সন্দৰ্ভত বাৰ্ষিক প্ৰতিবেদন প্ৰকাশ কৰিছে । এই প্ৰতিবেদনত এছিয়া-প্ৰশান্ত মহাসাগৰীয় পথ দুৰ্ঘটনাৰ তথ্য(এপিআৰএডি) আধাৰ প্ৰকল্পৰ অধীনত, এছিয়া আৰু প্ৰশান্ত মহাসাগৰৰ বাবে ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক আয়োগে প্ৰদান কৰা মানক কেলেণ্ডাৰ বৰ্ষৰ আধাৰত ৰাজ্য, ইউটিৰ আৰক্ষী বিভাগৰ পৰা প্ৰাপ্ত তথ্য, তথ্যৰ ওপৰত আধাৰিত বুলি গণ্য কৰা হৈছে ।

প্ৰতিবেদন অনুসৰি, 2022 ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল(কেন্দ্ৰীয় শাসিত অঞ্চল) ত মুঠ 4,61,312 টা পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ য’ত 1,68,491 জন লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে 4,43,366 জন লোক আহত হৈছিল । এই তথ্যই দুৰ্ঘটনাৰ ক্ষেত্ৰত 11.9%, মৃত্যুৰ ক্ষেত্ৰত 9.4% আৰু পূৰ্বৰ বছৰৰ তুলনাত 15.3% পথ দুৰ্ঘটনা বৃদ্ধিক সূচাইছে ।

140 খনতকৈও অধিক দেশত প্ৰগতি

পথ সুৰক্ষা 2023 ৰ গোলকীয় স্থিতিৰ সন্দৰ্ভত প্ৰকাশিত প্ৰতিবেদনত বিশ্বব্যাপী পথ দুৰ্ঘটনাত হোৱা মৃত্যুৰ পৰিসংখ্যাৰ লগতে বিশ্বজুৰি এয়া হ্ৰাস কৰাৰ বাবে আইন, ৰণনীতি আৰু পদক্ষেপ আগবঢ়োৱাৰ অগ্ৰগতিৰ বিষয়ে বিশদ বিৱৰণ দিয়া হৈছে ।

ইয়াত 2010 ৰ পৰা 2021 চনৰ ভিতৰত পথ দুৰ্ঘটনাৰ সন্দৰ্ভত এক বিশ্লেষণ দাঙি ধৰা হৈছে ৷ তদুপৰি অনাগত সময়ত অৰ্থাৎ 2030 চনৰ ভিতৰত পথ দুৰ্ঘটনাত হোৱা মৃত্যুৰ সংখ্যা হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ ভিতৰত 2010-2021 চনৰ ভিতৰত 108 খন দেশত হ্ৰাস পাইছে পথ দুৰ্ঘটনা, যান-বাহন সংক্ৰান্তীয় মৃত্যুৰ হাৰ ৷ প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি, দহখন দেশ ক্ৰমে বেলাৰুছ, ব্ৰুনেই দাৰুছালাম, ডেনমাৰ্ক, জাপান, লিথুৱানিয়া, নৰৱে, ৰাছিয়ান ফেডাৰেচন, ত্ৰিনিদাদ আৰু ট’বাগো, সংযুক্ত আৰৱ আমিৰাত আৰু ভেনিজুৱেলাই পথ দুৰ্ঘটনাত হোৱা মৃত্যুৰ হাৰ ৫০ শতাংশতকৈও অধিক হ্ৰাস কৰাত সফল হৈছে ।

আন ৩৫ খন দেশে এইক্ষেত্ৰত পূৰ্বতকৈ অগ্ৰগতি লাভ কৰিছে ৷ যাৰ ফলত মৃত্যুৰ হাৰ ৩০ শতাংশৰ পৰা ৫০ শতাংশলৈ হ্ৰাস পাইছে বুলি তপ্ৰতিবেদনত প্ৰকাশ কৰা হৈছে ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, বিশ্বব্যাপী পথ দুৰ্ঘটনাত হোৱা মৃত্যুৰ হাৰৰ ২৮ শতাংশ দক্ষিণ-পূৱ এছিয়া অঞ্চলত, ২৫ শতাংশ পশ্চিম প্ৰশান্ত মহাসাগৰীয় অঞ্চলত, ১৯ শতাংশ আফ্ৰিকান অঞ্চলত, ১২ শতাংশ আমেৰিকাৰ অঞ্চলত, ১১ শতাংশ পূৱ ভূমধ্য সাগৰীয় অঞ্চলত আৰু ৫ শতাংশ ইউৰোপীয় অঞ্চলত সংঘটিত হৈছিল ।

লগতে পঢ়ক: কৰ্বিভেক্স ভেকচিনক বিশ্ব স্বাস্থ্য সংস্থাৰ স্বীকৃতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.