ETV Bharat / international

বানপীড়িত কেনিয়ালৈ ভাৰতৰ দ্বিতীয়টো মানৱীয় সাহায্য - flood hit in Kenya

author img

By ANI

Published : May 15, 2024, 10:10 AM IST

Kenya flood hit : বানে জুৰুলা কৰা কেনিয়ালৈ ভাৰতৰ সহায়ৰ হাত ৷ এই সাহাৰ্যৰ ভিতৰত আছে 40 টন ঔষধ, চিকিৎসা সামগ্ৰী আৰু অন্যান্য সঁজুলি, এইচ এ ডি আৰ সামগ্ৰী ।

Kenya flood hit
বানপীড়িত কেনিয়ালৈ ভাৰতৰ সাহাৰ্য (ANI)

নিউজ ডেস্ক, 15 মে’: বানে জুৰুলা কৰিছে কেনিয়াবাসীক ৷ দেশখনত শেহতীয়াকৈ বানে চলোৱা ধ্বংসযজ্ঞৰ পাচত ভাৰতে কেনিয়ালৈ দ্বিতীয়টো মানৱীয় সাহাৰ্য প্ৰেৰণ কৰিছে ৷ এই সাহাৰ্যৰ ভিতৰত আছে ঔষধ, তম্বু, স্লীপি বেগ/মেট, কম্বল, বিদ্যুৎ উৎপাদন ছেট আৰু আহাৰ ৷

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এক্স-ত এক টুইটযোগে উল্লেখ কৰে, "কেনিয়াৰ বানপীড়িতসকললৈ সাহাৰ্যৰ বাবে ভাৰতৰ পৰা প্ৰেৰণ কৰা হৈছে সাহাৰ্য সামগ্ৰী ৷ এই সাহাৰ্যৰ ভিতৰত আছে 40 টন ঔষধ, চিকিৎসা সামগ্ৰী আৰু অন্যান্য সঁজুলি, এইচ এ ডি আৰ সামগ্ৰী । এক ঐতিহাসিক অংশীদাৰিত্বৰ বাবে আমি থিয় দিছো, বিশ্বৰ বাবে বিশ্ববন্ধু ।"

এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে, ভাৰতীয় বায়ু সেনাৰ এখন বিমানত মঙলবাৰে এক সাহাৰ্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে য'ত 22 টন সামগ্ৰীৰ লগতে মানৱীয় সাহাৰ্য আৰু দুৰ্যোগ সাহাৰ্য সামগ্ৰী (এইচএডিআৰ) অন্তৰ্ভুক্ত আছে ৷ যাৰ ভিতৰত আছে টেণ্ট, স্লীপিং বেগ/মেট, কম্বল, বিদ্যুৎ উৎপাদন ছেট, আহাৰ খাবলৈ সামগ্ৰী, প্ৰাথমিক চেনিটাৰী ইউটিলিটি আৰু পৰিচ্ছন্নতা কিট, যাতে কেনিয়াৰ লোকসকলক তাৎক্ষণিক সাহাৰ্য লাভ কৰে ৷

এই সাহাৰ্য সামগ্ৰীত প্ৰায় 18 টন চিকিৎসাৰ সামগ্ৰী প্ৰেৰণ কৰা হৈছে , যাৰ ভিতৰত আছে ক্ষত ব্যৱস্থাপনাৰ বাবে প্ৰয়োজনীয় অত্যাৱশ্যকীয় জীৱন ৰক্ষাকাৰী ঔষধ আৰু অস্ত্ৰোপচাৰৰ সঁজুলি । ইয়াত কেঁচুৱাৰ খাদ্য, পানী বিশুদ্ধকৰণ, ঋতুস্ৰাৱৰ পৰিচ্ছন্নতা, ম’হ প্ৰতিৰোধী, মেলেৰিয়া আৰু ডেংগুৰ ডায়গনষ্টিক কিট, এণ্টি-ভেনম চিকিৎসা আৰু মাটিত সহজে স্থাপন কৰিব পৰা কেইবাপ্ৰকাৰৰ পৰীক্ষা কিটৰ বাবে প্ৰয়োজনীয় সামগ্ৰীও অন্তৰ্ভুক্ত আছে ।

ভাৰতীয় নৌ সেনাৰ জাহাজ আইএনএছ সুমেধা যোৱা 10 মে'ত মোম্বাছাত উপস্থিত হৈছিল, যাতে বানপীড়িতসকলক এইচ এ ডি আৰ পেলেট আৰু দুটা মেডিকেল পেলেটৰ সৈতে তাৎক্ষণিকভাৱে সকাহ প্ৰদান কৰিব পাৰি ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰা অনুসৰি কেনিয়াক সহায় কৰাটো হৈছে দেশখনৰ সৈতে আমাৰ শক্তিশালী আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ পুনৰাবৃত্তি ৷ বানপানীৰ ফলত হোৱা ক্ষতি আৰু ধ্বংসৰ বাবে ভাৰত চৰকাৰে কেনিয়া গণৰাজ্যৰ জনসাধাৰণৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

কেনিয়াত হোৱা বানপানীৰ ফলত 47 টা অঞ্চলৰ ভিতৰত 38 টা অঞ্চল ক্ষতিগ্ৰস্ত হৈছে, এতিয়ালৈ আনুমানিক 267 জন লোকৰ মৃত্যু হৈছে ৷ লগতে 188 গৰাকী লোক আহত হৈছে আৰু 2,80,000 ৰো অধিক লোক স্থানচ্যুত হৈছে ।

লগতে পঢ়ক: বানত বিধ্বস্ত ৰিঅ' গ্ৰেণ্ডডো ছুল ৰাজ্যক বিশ্ব বেংকৰ সাহায্য - Rio Grande do Sul flood

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.