চিটাৰা ডেস্ক, 16 আগষ্ট : Life support লৈ আই চি ইউত ভৰ্তি হৈ থকা জনপ্ৰিয় কমেডিয়ান তথা অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ অৱস্থাৰ সামান্য উন্নতি হৈছে বুলি মঙলবাৰে তেওঁৰ বিজনেছ মেনেজাৰে প্ৰকাশ কৰে । বিগত ১০ আগষ্টত হৃদ ৰোগত আক্ৰান্ত হোৱাত শ্ৰীবাস্তৱক সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ত ভৰ্তি কৰোৱা হৈছিল । সেইদিনাই ৫৮ বছৰীয়া ষ্টেণ্ডআপ কমেডিয়ানজনৰ এঞ্জিওপ্লাষ্টিও (angioplasty) কৰা হৈছিল ।
"ৰাজুৰ অৱস্থা লাহে লাহে ভাল হৈ আহিছে । চিকিৎসাৰ প্ৰতি সঁহাৰি জনাইছে তেওঁ । স্বাস্থ্যৰ উন্নতি হৈছে আৰু এতিয়া তেওঁ শৰীৰৰ অংগসমূহ অলপ লৰচৰ কৰিব পাৰিব", শিল্পীজনৰ মেনেজাৰ নয়ন ছোনীয়ে এইদৰে কয় । তেওঁ লগতে আৰু কয়, "তেওঁ আই চি ইউত ভেণ্টিলেটৰৰ সহায়ত আছে । চিকিৎসকে জনাইছে যে তেওঁৰ চেতনা ঘূৰি আহিবলৈ প্ৰায় এসপ্তাহ সময় লাগিব" ৷