অসম

assam

Illegal Cattle smuggling: ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৰুৰ চোৰাং সৰবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

By

Published : Dec 30, 2021, 7:16 PM IST

সমগ্ৰ ৰাজ্য়ৰ লগতে লামডিং, কলিয়াবৰ আৰু চাংসাৰীতো অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে অভিযান (Illegal Cattle smuggling in Assam) ৷

cattles-in-container-seized-in-assam
ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৰুৰ চোৰাং সৰবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

নিউজ ডেক্স , 30 ডিচেম্বৰ : ৰাজ্যত বৰ্তমানেও অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ (Illegal Cattle smuggling in Assam)। বিভিন্ন সময়ত আৰক্ষীৰ অভিযানত গৰুৰ চোৰাংভাৱে চলাই অহা চিণ্ডিকেট চক্ৰৰ কাৰ্যকলাপ বিফল হোৱাৰ বাবে চক্ৰটোৱে নিতৌ ন ন কৌশল অৱলম্বন কৰা দেখা গৈছে । এইবাৰ গৰু সৰবৰাহৰ বাবে দুষ্টচক্ৰই ব্যৱহাৰ কৰিছে কণ্টেইনাৰ ।

বৃহস্পতিবাৰে কলিয়াবৰৰ 37 নং ঘাইপথেৰে অহা AS০১MC ৯৫৫১ নম্বৰৰ এখন বাহনত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে গৰুভৰ্তি কন্টেইনাৰ ৷ দেৰগাৱঁৰ পৰা ৩৭ নম্বৰ ঘাই পথেৰে যোৰাবাটৰ ন-মাইললৈ গৈ থকা অৱস্থাত জখলাবন্ধা আৰক্ষীয়ে গৰুভৰ্তি কন্টেইনাৰৰ বাহনখনৰ লগতে এজন সৰবৰাহকাৰীক আটক কৰে ৷ বাহনখনৰ চালকৰ ভাষ্য অনুসৰি চামগুৰি বৰমাৰ আনোৱাৰ হুছেইনৰ নেতৃত্বত চোৰাংভাৱে সৰবৰাহ কৰিছিল এই 33 টা গো-ধন ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৰুৰ চোৰাং সৰবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ইফালে বুধবাৰে নিশা হোজাই জিলাৰ লামডিং আৰক্ষীয়ে লামডিঙতো গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই AS 09 AC 7131 নম্বৰৰ এখন বাহন জব্দ কৰে ৷ লগতে এই অভিযানত লামডিং আৰক্ষীয়ে 7 টাকৈ চোৰাং ভাৱে সৰবৰাহ কৰা গৰুসহ দুজন লোকক আটক কৰে ৷ লামডিঙৰ লালচৰাই অঞ্চলৰ পৰা নখুঁটিলৈ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে এই বাহনখন ৷

আটকাধীন সৰবৰাহকাৰী দুজনৰ নাম ক্ৰমে, লামডিঙৰ কৃষ্ণবস্তিৰ সঞ্জীৱ দাস আৰু বালুনালাৰ নটৱৰ দাস বুলি জানিব পৰা গৈছে ৷ গৰু সৰবৰাহকাৰী নটবৰ দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত 6 টা ডমৰা গৰু আৰু এজনী গাই গৰু নখুঁটি বজাৰত বিক্ৰী কৰিবলৈ লৈ গৈছিল বুলি জনালে লামডিং থানাৰ আৰক্ষী বিষয়া চন কুমাৰ শৰ্মাই ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৰুৰ চোৰাং সৰবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ৰাজ্যত ভিন্ন প্ৰান্তত গৰুৰ অবৈধ ছিণ্ডিকেট (Illegal Cow Syndicate)ৰ বিৰুদ্ধে অভিযান চলোৱাৰ সমান্তৰালকৈ গৰুৰ ছিণ্ডিকেটৰ বিৰুদ্ধে কামৰূপ আৰক্ষীয়ে চলাই আহিছে অভিযান ৷ শেহতীয়াকৈ চাংসাৰীতো জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে অভিযান চলাই AS 01 GC 2487 নম্বৰৰ এখন বাহন জব্দ কৰে ৷ গোপন সুত্ৰৰ ভিত্তিত অভিযান চলাই মদনপুৰৰ টোলগেটত জব্দ কৰা ট্ৰাকখনৰ পৰা চোৰাংকৈ সৰবৰাহ কৰা 24 টা গৰু উদ্ধাৰ কৰে আৰক্ষীৰ দলটোৱে ৷ উদ্ধাৰ কৰা গৰুকেইটা তেজপুৰ বালিপাৰাৰ পৰা মেঘালয়লৈ লৈ গৈ থকা হৈছিল ৷ ইতিমধ্যে গৰু চুৰি চক্ৰটোৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Two BJP MLAs have withdrawn PSO : বিজেপিৰ দুই বিধায়কে প্ৰত্যাহাৰ কৰিছে নিজৰ PSO

ABOUT THE AUTHOR

...view details