Two BJP MLAs have withdrawn PSO : বিজেপিৰ দুই বিধায়কে প্ৰত্যাহাৰ কৰিছে নিজৰ PSO

author img

By

Published : Dec 30, 2021, 1:25 PM IST

Two BJP MLAs have withdrawn their PSO

মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি ৷ অসম বিধানসভাৰ উপাধ্যক্ষ আৰু শাসকীয় বিজেপি দলৰ দুই বিধায়কৰ প্ৰত্যাহাৰ PSO (Two BJP MLAs have withdrawn their PSO) ৷

গুৱাহাটী, 30 ডিচেম্বৰ : ৰাইজৰ মাজৰে এজন হিচাপে থাকি নিৰাপত্তাৰক্ষী নোলোৱাৰ কথাত অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে একমত হৈ নিজৰ নিৰাপত্তাৰ দায়িত্বত থকা PSO প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত ল’লে বিধানসভাৰ উপাধ্যক্ষ আৰু শাসকীয় বিজেপিৰ দুই বিধায়কে ৷ PSO প্ৰত্যাহাৰ সিদ্ধান্ত লোৱা শাসক দলৰ বিধায়কদ্বয় হৈছে লখিমপুৰৰ মানৱ ডেকা আৰু পাথাৰকান্দিৰ কৃষ্ণেন্দু পাল (Two BJP MLAs have withdrawn their PSO) ।

ইতিমধ্যে দুয়োগৰাকী বিধায়কে এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক ।

আনহাতে, ইতিমধ্যে নিজৰ PSO ক বিদায় দিছে অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে ৷ নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰাৰ পিছত উপাধ্যক্ষ গৰাকীয়ে কয় - "আমি জনপ্ৰতিনিধি, অৰ্থাৎ ৰাইজৰ মাজৰে এজন । গতিকে নিৰাপত্তাৰক্ষীৰ মাজত থকাৰ প্ৰয়োজন কি ? মই আগতেও নিৰাপত্তাৰক্ষী লোৱা নাছিলো (Two BJP MLAs and Deputy Chairman of Assam Assembly have withdrawn PSO) । গণেশগুৰিৰ পৰা নিজেই বজাৰ সমাৰ কৰো" ।

উল্লেখ্য যে, কৰিমগঞ্জ ‌জিলা বিজেপিৰ সভাপতিগৰাকীয়ে আজিৰে পৰা চাৰিদিনৰ পূৰ্বেই নিজৰ দুজনকৈ PSO ক গামোচা পিন্ধাই‌ স-সন্মানে বিদায় দিছিল ।

লগতে পঢ়ক : মেৰবিলত এদিনৰ আলহী হ’ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.