মাজুলী, 24 আগষ্ট : ‘‘চাকৰি-বাকৰি নাই, গৰু পুহি ভাত খাইছোঁ ৷ এতিয়া চৰকাৰে তাতো সমস্যা আনি দিছে ৷ হিমন্ত বিশ্ব শৰ্মাই গৰু পুহিবলৈ দৰমহা দিয়ক, দিনটোতে তিনিবাৰ গো-মাতাক সেৱা কৰিম ৷ কেৱল গো-মাতা বুলি পূজা কৰিলে পেট নভৰে আমাৰ ৷’’ চৰকাৰৰ গো-সুৰক্ষা আইনৰ বিৰুদ্ধে ক্ষোভ একাংশ পশু-পালকৰ ৷
সাম্প্ৰতিক সময়ত ৰাজ্যত চৰ্চিত এটা বিষয় হৈছে গো-সুৰক্ষা আইন ৷ বিধানসভাত জয় শ্ৰী ৰাম ধ্বনি দি যোৱা 13 আগষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰে এই বিতৰ্কিত বিধেয়কখন ৷ জনবলৰ দ্বাৰা সেইদিনাই বিধেয়কখন গৃহীত কৰি পৰিণত কৰা হয় আইনত ৷ কিন্তু এই আইনখনক লৈ এতিয়া বিপাঙত পৰিছে ৰাজ্যৰ পশু-পালকসকল ৷
গো-সুৰক্ষা আইন অনুসৰি বিক্ৰী কৰিবৰ বাবে গৰুৰ বয়স হ’ব লাগিব 14 বছৰ ৷ যাক লৈ এতিয়া সমস্যাত পৰিছে ৰাজ্যৰ পশু-পালক সকল ৷ কিয়নো যিকোনো বিপদে-আপদে অধিক ধনৰ প্ৰয়োজন হ’লে গো-ধন বিক্ৰী কৰিয়েই জোৰা-টাপলি মাৰে গ্ৰামাঞ্চলৰ পশু-পালকে ৷ কিন্তু এই আইনৰ বাবে এতিয়া সেই ফালেও বাট মৰিল তেওঁলোকৰ ৷
লগতে পঢ়ক :ৰাজ্যৰ উপ নিৰ্বাচন: মিত্ৰতা হ’ব নেকি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত ?
এই গো-সুৰক্ষা আইনক লৈ মুঠেও সন্তুষ্ট নহয় পশু-পালক সকল ৷ গো-সুৰক্ষা আইনক এখন ক’লা আইন আখ্যা পশু-পালকৰ ৷ যাৰ বাবে এই আইন চৰকাৰে কৰিব বিচাৰিছে, তেওঁলোকেই এতিয়া আইনখনক লৈ অসন্তুষ্ট ৷ তেনে ক্ষেত্ৰত এই আইন জোৰ-জবৰদস্তি জাপি দিয়া হৈছে নেকি ৰাজ্যৰ পশু-পালকৰ ওপৰত ৷