অসম

assam

Gold seized in Guwahati: গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ সোণ জব্দ

By

Published : Jul 15, 2022, 1:36 PM IST

শুকুৰবাৰে ৰে’ল আৰক্ষীয়ে অভিযান চলাই ৰাজধানী এক্সপ্ৰেছৰ পৰা বৃহৎ পৰিমাণৰ সোণখিনি জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰী আটক কৰে (Gold seized in Guwahati) । জব্দ হোৱা সোণখিনিৰ বজাৰ মূল্য প্ৰায় ৫০ লাখ টকা ৷

Gold worth 50 lakhs seized in Guwahati Railway Station
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ সোণ জব্দ

গুৱাহাটী, ১৫ জুলাই: গুৱাহাটী ৰে’লৱে ষ্টেচনত (Guwahati Railway Station) বৃহৎ পৰিমাণৰ সোণ জব্দ ( Gold seized in Guwahati) । ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ বৃহৎ পৰিমাণৰ সোণখিনি ৷ এক গোপন সূত্ৰৰ পম খেদি শুকুৰবাৰে ৰেল আৰক্ষীয়ে অভিযান চলাই ৰাজধানী এক্সপ্ৰেছৰ পৰা বৃহৎ পৰিমাণৰ সোণখিনি জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰী আটক কৰে ।

ধৃত সৰবৰাহকাৰীজন বিশাল সুখাদেও বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি ধৃত সৰবৰাহকাৰীজনে নিমাটিঘাতৰ পৰা বাছেৰে গুৱাহাটীৰ পল্টন বজাৰলৈ আহিছিল । ইয়াৰ পৰা ৰে’লযোগে দিল্লীলৈ সোণখিনি লৈ যোৱাৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰীজনে ।

প্ৰায় ৮২২ গ্ৰাম ওজনৰ সোণখিনি (Gold worth 50 lakhs seized ) স্কেল আকৃতিত লৈ বেল্টৰ তলত লুকুৱাই আনিছিল বুলি আৰক্ষীয়ে জানিব দিয়ে ৷ লগতে জব্দ হোৱা প্ৰায় ৫০ লাখ টকা মূল্যৰ সোণখিনি ম্যানমাৰৰ পৰা সৰবৰাহ কৰি অনা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক:A Thrilling incident: পত্নীৰ কটা মূৰ লৈ খোজ কাঢ়ি পালেগৈ আৰক্ষী চকী

ABOUT THE AUTHOR

...view details