অসম

assam

বিকল CCTV কেমেৰাৰে গুৱাহাটী মহানগৰীক সুৰক্ষাৰ বৃথা চেষ্টা !

By

Published : Nov 18, 2021, 2:06 PM IST

cctv-condition
বিকল CCTV কেমেৰাৰে গুৱাহাটী মহানগৰীক সুৰক্ষাৰ বৃথা চেষ্টা !

বৰ্তমানেও মহানগৰীত হৈ উঠা নাই চি চি টি ভি কেমেৰাৰ সম্পূৰ্ণ কাম ৷ 2013 আৰু 2018 চনতেই গুৱাহাটীৰ বিভিন্ন ঠাইত 290 টা চি চি টি ভি কেমেৰা স্থাপন কৰাৰ বাবে বিভিন্ন পৰিকল্পনা হাতত লৈছিল যদিও আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল এই কামফেৰা ৷

গুৱাহাটী, 18 নৱেম্বৰ : ভালুকৰ সাঙীত পৰিণত হৈছে গুৱাহাটী মহানগৰীত স্থাপন কৰা চি চি টিভি'(CCTV) কেমেৰা সমূহ ৷ হয়, কোটি-কোটি টকা খৰচ কৰি মহানাগৰিকৰ সুৰক্ষাৰ বাবে স্থাপন কৰা চি চি টি ভিৰ কেমেৰাবোৰৰ অধিকাংশই হৈ পৰিছে বিকল ৷ একেবাৰে কম সংখ্যক চি চি টিভি কেমেৰা যি এতিয়াও সক্ৰিয় হৈ আছে সেইবোৰৰো দৃশ্য ধৰি ৰখাৰ ক্ষমতা কমি আহিছে ৷

উল্লেখ্য যে 2013 চনতে অসম আৰক্ষীয়ে মহানগৰবাসীৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ বিভিন্ন ঠাইত 300 টা চি চি টি ভিৰ কেমেৰা স্থাপন কৰাৰ বাবে সিদ্ধান্ত লৈছিল । চি চি টিভি কেমেৰা স্থাপন কৰাৰ বাবে এটা কোম্পানীক দায়িত্ব দিয়া হৈছিল । এই প্ৰকল্পটো 2015 চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । কিন্তু কোম্পানীটোয়ে দায়িত্বহীনভাৱে শামুকীয়া গতিৰে কাম কৰাৰ বাবে নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ নহ'ল প্ৰকল্পটোৰ কাম ।

2017 চনতেই কোম্পানীটোৱে এই কামফেৰা সম্পূৰ্ণ কৰিলে ৷ কিন্তু 300 টা চি চি টি ভি কেমেৰা গুৱাহাটীৰ বিভিন্ন ঠাইত 290 টা চি চি টি ভি কেমেৰা স্থাপন কৰিয়েই দায়িত্ব সামৰিলে কোম্পানীটোৱে । এই চি চি টি ভি কেমেৰাবোৰ মহানগৰীৰ ট্ৰেফিক পইন্ট বিলাকত থকা ট্ৰেফিক লাইটৰ খুটাত স্থাপন কৰা হৈছিল ।

বিকল CCTV কেমেৰাৰে গুৱাহাটী মহানগৰীক সুৰক্ষাৰ বৃথা চেষ্টা !

আৰক্ষীৰ বিভিন্ন উৎসৰ পৰা পোৱা তথ্য মতে স্থাপন কৰা চি চি টি ভিৰ কেমেৰাবোৰ বৰ্তমানৰ স্মাৰ্ট ফোনৰ কেমেৰাতকৈ অতি নিম্নমানৰ । ফলত আন্ধাৰত এই চি চি টি ভিৰ কেমেৰাবোৰে কাম কৰিব নোৱাৰে । লগতে বৰ্তমান 290 টা চি চি টি ভিৰ কেমেৰাৰ 50 শতাংশ কেমেৰাই বেয়া হৈ আছে ।

লগতে পঢ়ক :Red alert in Chennai : অহা দুদিনত প্ৰৱল বৃষ্টিপাতৰ আশংকা

উল্লেখ্য যে অসম আৰক্ষীয়ে 2018 চনত নতুনকৈ গুৱাহাটীৰ ৰাজহুৱা স্থানত 4000 টা চি চি টি ভিৰ কেমেৰা স্থাপন কৰাৰ বাবে গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডক প্ৰস্তাৱ দিছিল । 2019 চনত গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডে 'গুৱাহাটী স্মাৰ্ট চিটী' প্ৰকল্পৰ অধীনত গুৱাহাটীত 4000 টা চি চি টি ভিৰ কেমেৰা স্থাপন কৰাৰ বাবে 2,296 কোটি টকা ধাৰ্য কৰিছিল ৷ কিন্তু সেই আটাইবোৰ বৰ্তমানেও গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডৰ ফাইলতে আৱদ্ধ হৈ আছে ।

বিশেষকৈ অপৰাধজনিত কাৰণত এই চি চি টি ভিৰ কেমেৰা স্থাপন কৰাৰ লক্ষ্য লৈছিল যদিও পৰিকল্পনাবোৰ ফাইলৰ মাজতে আৱদ্ধ হৈ থকাত বৰ্তমান মহানগৰীত দিনক-দিনে বাঢ়ি গৈছে অপৰাধৰ সংখ্যা ৷ প্ৰতিটো মূহুৰ্ততে চলিছে হত্যা-ডকাইটি বা অন্য কোনো অপৰাধ ৷ নিতৌ ন ন ঘটনাই চঞ্চল্যৰ সৃষ্টি কৰিছে মহানগৰীত ৷

চি চি টি ভিৰ কেমেৰাৰ অৱস্থা নিম্নমানৰ হোৱাৰ বাবে বহু অপৰাধী উপযুক্ত প্ৰমাণ নোহোৱাৰ বাবে এতিয়াও মুক্ত আকাশৰ তলত ঘুৰি আছে ৷ যাৰ বাবে মহানগৰীখন এতিয়া হৈ পৰিছে অপৰাধীৰ ঠাই ৷

লগতে পঢ়ক :Gambler arrested : জুৱাৰ ঘাটি উচ্ছেদ কৰি আৰক্ষীয়ে আটক কৰিলে 14 টা জুৱাৰী

ABOUT THE AUTHOR

...view details