ETV Bharat / bharat

Red alert in Chennai : অহা দুদিনত প্ৰৱল বৃষ্টিপাতৰ আশংকা

author img

By

Published : Nov 18, 2021, 7:50 AM IST

Red alert in Chennai, heavy rainfall predicted in adjoining districts
Red alert in Chennai : অহা দুদিনত প্ৰৱল বৃষ্টিপাতৰ আশংকা

চেন্নাই আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে ৰেড এলাৰ্ট ৷ বৃহস্পতিবাৰে নিশাৰ পৰা চেন্নাই আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত বৃষ্টিপাত হোৱাৰ সম্ভাৱনা ব্যক্ত বতৰ বিজ্ঞান বিভাগৰ ৷

নেশ্যনেল ডেস্ক, 17 নৱেম্বৰ : চেন্নাইত বতৰ বিজ্ঞান বিভাগ (Meteorological Department)ৰ সতৰ্কতাবাণী ৷ ধাৰাষাৰ বৰষুণৰ আশংকা প্ৰকাশ কৰি চেন্নাই আৰু চুবুৰীয়া জিলা ক্ৰমে তিৰুভেল্লৌৰ, কাঞ্চিপুৰম, ছেংগালপুট্টাত ইতিমধ্যে জাৰি কৰা হৈছে ৰেড এলাৰ্ট ৷ চেন্নাইৰ আৰু ইয়াৰ কাষৰীয় অঞ্চলসমূহত প্ৰায় 20 মিলিমিটাৰ বেগত বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞানীসকলে ৷

বতৰ বিজ্ঞান বিভাগে (Meteorological Department) ধাৰণা কৰা অনুসৰি নিম্নচাপ উপকূলীত উপনীত হৈছে যাৰবাবে বৃহস্পতিবাৰে নিশাৰ পৰা চেন্নাই আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ৷ বতৰ বিজ্ঞান বিভাগে এইটোও জনাইছে যে বতাহৰ গতিবেগ ৪০ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা ৫০ কিলোমিটাৰ প্ৰতি ঘণ্টালৈ বৃদ্ধি হোৱাৰ সৈতে অপৰিষ্কাৰ বতৰ থাকিব আৰু আগন্তুক দুদিনত বতাহৰ গতিবেগ ৬০ কিলোমিটাৰ প্ৰতি ঘণ্টা স্পৰ্শ কৰাৰ সম্ভাৱনা আছে ।

বংগোপসাগৰৰ ওপৰত সংশ্লিষ্ট ঘূৰ্ণীবতাহৰ সৈতে নিম্ন চাপৰ এলেকাটো চিনাক্ত কৰা হৈছে যি 18 নৱেম্বৰৰ ভিতৰত দক্ষিণ অন্ধ্ৰ প্ৰদেশ আৰু উত্তৰ তামিলনাডু উপকূলত উপস্থিত হ'ব পাৰে । চেন্নাই আৰু ইয়াৰ কাষৰীয়া জিলাসমূহৰ কিছু অংশত ধাৰাসাৰ বৰষুণ, পানী জমা হোৱা আৰু জলমগ্ন হোৱাৰ পিছত, কেইবাজনো লোক ইতিমধ্যেই সাহাৰ্য শিবিৰত আছিল ৷

গ্ৰেটাৰ চেন্নাই কৰ্পোৰেশ্যন (Greater Chennai Corporation)এ তেওঁলোকক পুনৰ নিজ নিজ বাসগৃহলৈ স্থানান্তৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আছে । কিন্তু বৰ্তমানো 848 জন লোক সাহাৰ্য শিবিৰত আছে । মঙলবাৰৰ দিনটোতো চেন্নাইৰ 9 টা স্থানৰ 16 টাকৈ পথ পানীৰে ভৰি আছিল ৷ গ্ৰেটাৰ চেন্নাই কৰ্পোৰেশ্যনৰ জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়া অনুসৰি, পানী নিস্কাষণৰ বাবে 826 টা পাম্প ব্যৱহাৰ কৰা হৈছে ৷

লগতে পঢ়ক: VAT on aviation fuel : বিমানৰ ইন্ধনৰ ওপৰত VAT হ্ৰাস কৰিব ত্ৰিপুৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.