অসম

assam

অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব ল’লে গুৰুজ্যোতি দাসে

By

Published : Nov 11, 2021, 9:12 PM IST

ex-mla-guru-jyoti-das-takes-charge-as-fisheries-new-chairman
অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব ল’লে গুৰুজ্যোতি দাসে

অসম মীন উন্নয়ন নিগম লিমিটেডৰ অধ্যক্ষ ৰূপে দায়িত্ব গ্ৰহণ কৰে মঙলদৈ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে । বৃহস্পতিবাৰে মহানগৰীৰ চচলস্থিত অসম মীন উন্নয়ন নিগম লিমিটেডৰ মুখ্য কাৰ্যালয়ত দায়িত্ব ল’লে গুৰুজ্যোতি দাসে ৷

গুৱাহাটী,১১ নৱেম্বৰ : মীন বিভাগত প্ৰগতি-উন্নয়নৰ প্ৰতিশ্ৰুতিৰে অসম মীন উন্নয়ন নিগম লিমিটেডৰ অধ্যক্ষ ৰূপে দায়িত্ব গ্ৰহণ কৰে মঙলদৈ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে । বৃহস্পতিবাৰে দিনৰ ভাগত মহানগৰীৰ চচলস্থিত অসম মীন উন্নয়ন নিগম লিমিটেডৰ মুখ্য কাৰ্যালয়ত সমষ্টিৰ লোক তথা পৰিয়াল লোকৰ সৈতে কাৰ্য্যালয়ত উপস্থিত হয় প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস । অধ্যক্ষ ৰূপে দায়িত্ব লোৱাৰ পূৰ্বে কার্যালয়টোৰ বিষয়া কৰ্মচাৰী সকলে গুৰুজ্যোতি দাসক ফুলাম গামোচা, জাপি, শৰাই আদিৰে উষ্ম আদৰণি জনায় ।

অধ্যক্ষ ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই গুৰুজ্যোতি দাসে অসম মীন উন্নয়ন নিগম লিমিটেডৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগত গধুৰ দায়িত্ব প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বিশেষ ভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । নৱ নিযুক্ত অধ্যক্ষ গুৰুজ্যোতি দাসে আগন্তুক দিনত বিভাগৰ সকলো কাম কাজ সুচাৰুভাৱে চলাবলৈ চেষ্টা কৰিব বুলি উল্লেখ কৰি সংবাদ মাধ্যমৰ আগত থলুৱা মাছৰ উৎপাদনৰ ক্ষেত্ৰত মীন বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ব্যক্ত কৰে ।

অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব ল’লে গুৰুজ্যোতি দাসে

নৱ নিযুক্ত অধ্যক্ষ গৰাকীয়ে লগতে থলুৱা মাছৰ উৎপাদন বৃদ্ধি কৰি চালানি মাছৰ চাহিদা কমোৱাৰ বাবে বিভাগটোৱে কার্যপন্থা হাতত লব বুলিও অৱগত কৰে ।তেওঁ কয়, বর্তমান যিহেতু মীন বিভাগৰ নতুনকৈ দায়িত্ব লাভ কৰিছো, বিভাগটোৰ কাম কাজ বুজি উঠালৈ কিছু সময় লাগিব । সেয়ে আগন্তুক দিনত বিভাগৰ সকলো কাম-কাজ বুজি লৈ বিভাগটোৰ উন্নয়নৰ বাবে চেষ্টা কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক :IPS Ananda Mishra বাহিনীলৈ লাঠী লৈ চোচা ল’লে কোনে ?

ABOUT THE AUTHOR

...view details