অসম

assam

নমামী ব্ৰহ্মপুত্ৰ নহয় এইবাৰ পূজা কৰা হ'ল বুঢ়ীদিহিং নদীক

By

Published : Nov 17, 2021, 5:14 PM IST

নমামী ব্ৰহ্মপুত্ৰ নাইবা নমামী গংগা নহয়, এইবাৰ ডিব্ৰুগড় জিলাৰ টিংখাঙত পূজা কৰা হ'ল বুঢ়ীদিহিং নদীক । বুঢ়ী নদীৰ পাৰত শ-শ ভকত বৈষ্ণৱ সমবেত হৈ ধূপ-দ্বীপ, নৈবদ্য আগবঢ়াই গায়ন-বায়নেৰে পূজা-অৰ্চনা কৰি সমজুৱাভাবে প্ৰাৰ্থনা কৰে নদীক ।

Burhi Dihing pujan by public at Moran
নমামী ব্ৰহ্মপুত্ৰ নহয় এইবাৰ পূজা কৰা হ'ল বুঢ়ীদিহিং নদীক

মৰাণ, 17 নৱেম্বৰ : বুঢ়ীদিহিং নদীৰ প্ৰৱল গৰাখহনীয়াই কেইবাদশক ধৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে টিংখাং আৰু দুলীয়াজান সমষ্টিৰ সীমামূৰীয়া অঞ্চলত । বুঢ়ীদিহিং নদীয়ে ইতিমধ্যেই সৰ্বস্বান্ত কৰি তুলিছে টিংখাং সমষ্টিৰ ১ নং চহৰীকটা, ২নং চহৰীকটা, চহৰীকটা মাজুলী কৈৱৰ্ত গাঁও, ২ নং শলগুৰিকে ধৰি কেইবাখনো গাঁৱৰ কৃষিজীৱী ৰাইজক । স্থানীয় ৰাইজে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বহুবাৰ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আবেদন-নিবেদন কৰিও কোনো সুফল লাভ নকৰিলে । যাৰবাবে চৰকাৰ তথা জনপ্ৰতিনিধিৰ ওপৰত আস্থা হেৰুৱাই অৱশেষত নেদেখাজনৰ ওচৰত শৰণ লৈছে টিংখাঙৰ এইসকল নৈপৰীয়া ৰাইজে ।

নমামী ব্ৰহ্মপুত্ৰ নহয় এইবাৰ পূজা কৰা হ'ল বুঢ়ীদিহিং নদীক

বৃহত্তৰ অঞ্চলটোৰ প্ৰায় এশ শতাংশ লোকেই কৃষিজীৱী । কিন্তু বিগত সময়চোৱাত শ শ বিঘা কৃষিভূমি বুঢ়ীদিহিং নদীৰ বুকুত জাহ গৈছে । অৱশিষ্ট কৃষিখণ্ডও এতিয়া নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে । চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন-নিবেদন কৰিও কোনো সুফল লাভ নাপাই অৱশেষত দীৰ্ঘদিনীয়া সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰি নেদেখাজনৰ ওচৰত শৰণাপন্ন হৈছে এইসকল দুৰ্ভগীয়া কৃষক ৰাইজ ।

টিংখাং সমষ্টিৰ নৈপৰীয়া ৰাইজে বুঢ়ীদিহিং নদীৰ তীৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে শ্ৰীশ্ৰীকৃষ্ণ-গীতাপাঠ কাৰ্যসূচী । ঈশ্বৰেই যেন শেষ ভৰসা কৃষিজীৱী লোকসকলৰ বাবে । তেওঁলোকৰ এই সমস্যাৰ সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ-জনপ্ৰতিনিধি তথা বিয়াগোম জলসম্পদ বিভাগক সুমতি প্ৰদান কৰিবলৈ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে স্থানীয় লোকে ।

লগতে পঢ়ক :BTC Assembly:অধিৱেশনৰ প্ৰথমটো দিনতে পৰিষদ ভৱনত সাংবাদিকৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details