অসম

assam

Varanasi G20 summit : বাৰাণসীত উপস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ

By

Published : Jun 11, 2023, 12:55 PM IST

বাৰাণসীত আৰম্ভ হৈছে জি-২০ সন্মিলন (G20 summit in Varanasi)। সন্মিলনত উপস্থিত থাকিব দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ । বৈঠকৰ আৰম্ভণিতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোডীয়ে সমবেত লোকসকলক সম্বোধন কৰিব ।

Varanasi G20 summit
বাৰাণসীত উপস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ

নেশ্যনেল ডেস্ক, ১১ জুন :দেওবাৰৰ পৰা ৩ দিনীয়াকৈ বাৰাণসীত অনুষ্ঠিত হৈছে জি-২০ সন্মিলন (G20 summit in Varanasi starts)। বাৰাণসীৰ হস্তকলা চাংকুলত অনুষ্ঠিত হ'বলগীয়া এই সন্মিলনৰ বাবে সোমবাৰৰ দিনটো এক গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । সোমবাৰে জি-২০ দেশৰ মন্ত্ৰী আৰু ভাৰতৰ বৈদেশিক মন্ত্ৰীয়ে এই বৈঠকত অংশগ্ৰহণ কৰিব ।

তাৰ পূৰ্বে বাৰাণসীত উপস্থিত হৈছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ (EAM S Jaishankar in Varanasi)। মন্ত্ৰীগৰাকীয়ে দেওবাৰে এখন আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰত অংশগ্ৰহণ কৰিবলৈ কাশী বিদ্যাপীঠলৈ যাব । আনহাতে বিয়লি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ বাৰাণসীত উপস্থিত হ'ব আৰু সন্ধিয়া জি-২০ অতিথিসকলৰ বাবে এক অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে উত্তৰ প্ৰদেশৰ বাৰাণসীত জি-২০ উন্নয়ন মন্ত্ৰীসকলৰ বৈঠকত সভাপতিত্ব কৰিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত জি-২০ বৈঠকৰ আৰম্ভণিতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে সমবেত লোকসকলক সম্বোধন কৰিব ।

উন্নয়ন সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহ শীৰ্ষত থকাৰ সময়তে বাৰাণসীৰ উন্নয়ন মন্ত্ৰীসকলৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব । প্ৰত্যাহ্বানসমূহৰ ভিতৰত আছে অৰ্থনৈতিক মন্দাৱস্থা, ঋণ সংকট, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ, প্ৰদূষণ আৰু জৈৱ বৈচিত্ৰ্যৰ ক্ষতি, বৰ্ধিত দৰিদ্ৰতা আৰু বৈষম্য, খাদ্য আৰু শক্তিৰ নিৰাপত্তাহীনতা, জীৱন ধাৰণৰ ব্যয় সংকট, বিশ্বব্যাপী যোগান শৃংখলা ব্যাহত, ভূ-ৰাজনৈতিক সংঘাত আৰু বৰ্ধিত উত্তেজনা ।

জি-২০ উন্নয়ন মন্ত্ৰীসভাই বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি উন্নয়ন, পৰিৱেশ আৰু জলবায়ু কাৰ্যসূচীৰ মাজত সমন্বয় বৃদ্ধিৰ বাবে সামূহিক প্ৰচেষ্টা চলাব বুলি আশা কৰা হৈছে । উন্নয়ন মন্ত্ৰীসকলৰ বৈঠকৰ পূৰ্বে ৬ ৰ পৰা ৯ জুনলৈ দিল্লীত চতুৰ্থ আৰু অন্তিম উন্নয়ন কাৰ্যকৰী গোটৰ বৈঠক অনুষ্ঠিত হয় ।

বাৰাণসীৰ বৈঠকত দুটা মুখ্য অধিৱেশন অনুষ্ঠিত হ'ব । 'বহুপাক্ষিকতা: বহনক্ষম উন্নয়নৰ লক্ষ্যৰ দিশত প্ৰগতি ত্বৰান্বিত কৰিবলৈ সামূহিক পদক্ষেপ' আৰু 'সেউজ উন্নয়ন: এ লাইফ (পৰিৱেশৰ বাবে জীৱনশৈলী) দৃষ্টিভংগী'।

লগতে পঢ়ক :Amit Shah Security Lapse : তামিলনাডুত অমিত শ্বাহৰ নিৰাপত্তাত ত্ৰুটি !

ABOUT THE AUTHOR

...view details